পঞ্চায়তত বিজেপিয়ে ৯০ শতাংশ আসন পাবঃ কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা
ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে তৎপৰতা বৃদ্ধি পাইছে বিজেপি দলৰ । ডিমৌ জ্যোতি- বিষ্ণু প্ৰকল্পৰ প্ৰেক্ষাগৃহত বিজেপি দলৰ প্ৰথমখন সাংগঠনিক সভা অনুষ্ঠিত হয়। ডিমৌত অনুষ্ঠিত কৰা প্ৰথম সাংগঠনিক সভাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকি কয় যে পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে ৯০ শতাংশ আসন লাভ কৰিব। ড° হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যিটো বিকাশৰ ধাৰা বৈছে সেইটো আছেই। আমাক ৰাইজে আঁকোৱালি লৈছে। কেন্দ্রত বিজেপি, ৰাজ্যত বিজেপি আৰু পঞ্চায়তত বিজেপি হ’বই। ৰাইজক বিকাশ লাগে। আমাৰ ভাৰতীয় জনতা পার্টী দলে ৰাজ্যত বিকাশৰ ঢৌ বিয়পাইছে। আমি ১০০ শতাংশ নিশ্চিত। ১০ বিৰোধী দলৰ এজনক সভাপতি হিচাপে নির্বাচিত কৰিলে ক’ৰবাত পৰি থাকিব বুলি মন্তব্য কৰাৰ লগতে বিৰোধী দলসমূহক তীব্র কটাক্ষ কৰি কয়- সাংসদ গৌৰৱ গগৈয়ে কেৱল উদাত্ত কণ্ঠৰে ভাষাণহে দিব পাৰে।কিন্তু তেওঁ সৰু পথ এটাও নিৰ্মাণ কৰি দিব নোৱাৰে। গৌৰৱ গগৈ ইয়ালৈ আহিছে জানো বুলি প্রশ্ন কৰে। ইফালে, অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে জাতীয়তাবাদৰ কথা কয়। কিন্তু পৰিষদীয় নির্বাচনত তেওঁলোক নাথাকেই। কংগ্রেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ প্ৰতি ভূমিপুত্ৰসকলৰ কোনো সমর্থন নাই। তেওঁলোকক বিসর্জন দি ব্রহ্মপুত্রত পেলাই দিছে বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ইফালে, সাংগঠনিক সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচনত শিৱসাগৰ আৰু কামৰূপ জিলাৰ দলীয় দায়িত্ব লাভ কৰা তথা ৰাজহ আৰু পৰিবহণ মন্ত্রী যোগেন মহন উপস্থিত থাকি কয় যে অহা ১৭ এপ্ৰিলত বিজেপি দলৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্রকাশ পাব। তেওঁ লগতে দলীয় প্রার্থিত্ব প্রদানৰ ক্ষেত্ৰত সকলো জনজাতি-জনগোষ্ঠীক সমদৃষ্টিৰে চোৱা হৈছে বুলি মন্তব্য কৰাৰ লগতে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত বুলি মন্তব্য কৰে। মন্ত্রী যোগেন মহনে কয়-‘কংগ্ৰেছ দলটোৰ কথা ক’বলৈ বেয়াই লাগে। ইতিমধ্যে কংগ্ৰেছ দল নিশ্চিহ্ন হোৱাৰ পথত। কংগ্ৰেছ দলত বহু আভ্যন্তৰীণ মতবিৰোধ থকাৰ বাবে দলৰ বহু নেতাই বিজেপিত যোগদান কৰিছে। ইতিমধ্যে বহু জ্যেষ্ঠ নেতাই বিজেপিৰ লগত যোগাযোগ কৰি আছে বুলি উল্লেখ কৰে।’ বিজেপিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিতোপনা ৰাইদঙীয়াৰ সভাপত্বিত অনুষ্ঠিত সাংগঠনিক সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক চন্দনজ্যোতি বৰগোহাঁয়ে। বিজেপিৰ সাংগঠনিক সভাত কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজহ আৰু পৰিবহণ মন্ত্রী যোগেন মহন, ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই উপস্থিত থাকি আগন্তুক পঞ্চায়ত নির্বাচন সন্দর্ভত দলীয় কর্মকর্তাসকলৰ লগত বিস্তৃতভাৱে পৰ্যালোচনা কৰে। ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে আদৰণি ভাষণ প্ৰদান কৰি ডিমৌ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকর্তা, বুথৰ সভাপতি, অ’বিচি মর্চা, চাহ মর্চা, এছচি মর্চা, এছটি মৰ্চাৰ সভাপতি-সম্পাদকসকলক আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আৰু ৰণকৌশলৰ সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰে। বিজেপিৰ সাংগঠনিক সভাত শিৱসাগৰ জিলাৰ প্ৰভাৰী অজয় ৰাজকোঁৱৰ, যোগানন্দ কোঁৱৰ, সহঃ প্ৰভাৰী সুভাষ দত্ত, চাহ জনজাতি কল্যাণ পৰিষদৰ সভাপতি শিৱ প্রসাদ বদ্রাকে, জিলা প্রাক্তন সাধাৰণ সম্পাদক প্ৰণৱ চেতিয়া, নিতাই পানীদিহিং মণ্ডলৰ সভাপতি মৃণাল ফুকন, ডিমৌ মণ্ডলৰ সভাপতি কৃষ্ণ কৈৰীকে ধৰি ভালেসংখ্যক বিজেপিৰ কাৰ্যকৰ্তা উপস্থিত থাকে।