‘জনসেৱা–সঁচা মানুহ বিচাৰি’ৰ বিহু নাচ কৰ্মশালা শুভাৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ফটাশিল-গড়চুক অঞ্চলৰ স্বেচ্ছাসেৱী সংস্থা ‘জনসেৱা–সঁচা মানুহ বিচাৰি’ৰ উদ্যোগত ৩ এপ্ৰিলত চম্পাৱতী হাইস্কুল প্ৰাংগনত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়৷জ্যেষ্ঠ সদস্য মদন মোহন তালুকদাৰে আঁত ধৰা অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক নুৰুল হক আহমেদে৷জ্যেষ্ঠ সদস্য গকুল বৰুৱাই কৰ্মশালাখন উদ্বোধন কৰে৷ প্ৰতিদিনে আবেলি ৩:৩০ বজাৰ পৰা ৫:৩০ বজালৈ অনুষ্ঠিত হৈ থকা কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্হিত থাকে মুখ্য প্ৰশিক্ষিকা,বিহুৱতী কস্তুৰী কাশ্যপ,বিহুৱা মৃণাল দাস,সহ প্ৰশিক্ষক,বিহুৱা অনিৰুদ্ধ ভূঞাকে আদি কৰি কেবাজনো অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ দিয়ে৷কৰ্মশালাত প্ৰায় ৩৫ গৰকীয়ে অংশগ্ৰহণ কৰে৷কৰ্মশালাখন ৯ এপ্ৰিলত সামৰণি পৰিব৷