প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ

প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বর্ষাপাৰা এচিএ ক্রিকেট ষ্টেডিয়ামত আয়োজন কৰা হ’ব টেষ্ট মেচ ৷ চলিত বছৰৰ নৱেম্বৰত  বৰ্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় টেষ্ট।  দুখন টেষ্ট মেচত অংশ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্ৰমণ কৰিব দক্ষিণ আফ্রিকাই। এই দুখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ দ্বিতীয় তথা অন্তিমখন টেষ্ট গুৱাহাটীত অনুষ্ঠিত হ’ব। টেষ্টখন ২২নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৫ বৰ্ষৰ ঘৰুৱা ছিজনৰ সূচী ঘোষণা কৰিছে। চলিত বৰ্ষত ঘৰুৱা দল টীম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজ আৰু দক্ষিণ আফ্ৰিকাৰ বিপক্ষে টেষ্ট মেচত অংশগ্ৰহণ কৰিব। সূচী অনুসৰি, ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰে দুখন টেষ্ট মেচ খেলাৰ উপৰি তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ মেচৰ শৃংখলা খেলিব। দুখন টেষ্ট মেচত অংশ লোৱাৰ উদ্দেশ্যে রেষ্ট ইণ্ডিজ দলটোৱে অক্টোবৰত ভাৰত ভ্ৰমণলৈ আহিব। দুয়ো দেশৰ মাজৰ প্রথমখন টেষ্ট ২-৬ অক্টোবৰলৈ আহমেদাবাদত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় তথা অন্তিমখন টেষ্ট ১০-১৪ অক্টোবৰত কলকাতাত অনুষ্ঠিত হ’ব। এই শৃংখলাটোৰ সমাপ্তিৰ পিছতে পূর্ণাংগ শৃংখলাত অংশ লোৱাৰ উদ্দেশ্যে ভাৰতলৈ আহিব দক্ষিণ আফ্রিকা দলটো। দুয়ো দেশৰ মাজত দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ মেচ অনুষ্ঠিত হ’ব। টেষ্ট শৃংখলাত অংশগ্রহণ কৰি ভাৰত ভ্ৰমণৰ আৰম্ভণি কৰিব প্রটিয়াজ বাহিনীয়ে। টেষ্ট শৃংখলাটোৰ প্ৰথমখন টেষ্ট ১৪-১৮ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় তথা অন্তিমখন টেষ্ট ২২-২৬ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’ব। টেষ্ট শৃংখলাটো সমাপ্তিৰ পিছত দুয়ো দেশৰ মাজত ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া মেচৰ শৃংখলাটো। প্ৰথমখন মেচ ৰাঁচীত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ ৩ ডিচেম্বৰত ৰায়পুৰত আৰু তৃতীয় তথা অন্তিমখন মেচ ৬ ডিচেম্বৰত বিশাখাপট্টনমত অনুষ্ঠিত হ’ব। আনহাতে, ৯ ডিচেম্বৰৰ পৰা দুয়ো দেশৰ মাজত অনুষ্ঠিত হ’ব টি-২০ মেচৰ শৃংখলাটো। প্ৰথমখন মেচ কটকত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ ১১ ডিচেম্বৰত নিউ চণ্ডীগড়ত, তৃতীয়খন মেচ ১৪ ডিচেম্বৰত ধৰমশালাত, চতুর্থখন মেচ ১৭ ডিচেম্বৰত লক্ষ্ণৌত আৰু পঞ্চম তথা অন্তিমখন মেচ ১৯ ডিচেম্বৰত আহমেদাবাদত অনুষ্ঠিত হ’ব।