পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত ঘোষণা হ’ল পঞ্চায়ত নিৰ্বাচনৰ দিন।অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিলে পঞ্চায়ত নিৰ্বাচনৰ দিন। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ আয়ুক্ত আলোক কুমাৰে এক সংবাদমেল সম্বোধন কৰি নিৰ্বাচনৰ দিন ঘোষণা কৰে। দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ ভোট। প্ৰথম পৰ্যায়ত উজনি অসম আৰু বৰাক উপত্যকা অনুষ্ঠিত হ’ব নিৰ্বাচন। বিপৰীতে নামনি অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।ইয়াৰোপৰি এইভাৰ পঞ্চায়ত নিৰ্বাচনত EVM ব্যৱহাৰ নহয়। বেলট পেপাৰতে অনুষ্ঠিত হ’ব নিৰ্বাচন। অৱশ্যে বিভিন্ন দিশত থাকিব অনলাইন ব্যবস্থা। ৰাজ্যিক নিৰ্বাচন আয়োগে কৰা ঘোষণা অনুসৰি, এইবাৰ পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত ২ মে’ আৰু ৭ মে’ত অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে ৩ এপ্ৰিলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু ১১ এপ্ৰিলত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। তাৰ পাছতে অনুষ্ঠিত হ’ব নিৰ্বাচন। লগতে ১১ মে’ত ভোট গণনা অনুষ্ঠিত হ’ব। আয়োগে জনাই যে, নিৰ্বাচনৰ দিনটোত ভোটিঙৰ হাৰ অনলাইনৰ যোগেদি জানিব পাৰিব। কোনটো বেলট বক্স ক’ত যাব আদি সকলো কথা অনলাইনৰ জৰিয়তে জানিব পাৰিব। পুৱা ৭.৩০ বজাৰ পৰা আৱেলি ৩.৩০ বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা ১ কোটি ৮০ লাখ ৩৬ হাজাৰ ৬৮২ গৰাকী। ইয়াৰে প্ৰায় ৯০ লাখ পুৰুষ ভোটাৰ আৰু প্ৰায় ৮৯ লাখ মহিলা ভোটাৰ। অৱশ্যে এই সংখ্যা বৃদ্ধি পাব পাৰে বুলি জনাই নিৰ্বাচনী আয়োগে।