জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপ্লৱ কুমাৰ তালুকদাৰ পদত্যাগ

জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিপ্লৱ কুমাৰ তালুকদাৰ পদত্যাগ

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত ভাৰতীয় জাতীয় কংগ্ৰেছে জিলাই জিলাই সংগঠন শক্তি শালী ৰূপত গঢ় দি থকা মূহূৰ্ততে সংগঠনৰ ভিতৰচৰাত হোৱা খাম খেলি বিভিন্ন সমষ্টিত দেখিবলৈ পোৱা গৈছে তাৰ মাজতে দীৰ্ঘদিন ধৰি শক্তিশালী ৰূপত কামকাজ কৰি ধৰি অহা পলাশবাৰী সমষ্টিৰ যুৱ নেতা বিপ্লৱ কুমাৰ তালুকদাৰে অৱশেষত নিজৰ উক্ত পদৰ পৰা পদত্যাগ কৰি কংগ্ৰেছ কৰ্মীসকলৰ মাজত তীব্ৰ খলকনিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে , পলাশবাৰী সমষ্টিৰ উপৰহালী গাওঁৰ উদীয়মান যুৱক তালুকদাৰে আজি কামৰূপ জিলা কংগ্ৰেছৰ সভাপতিলৈ আনুষ্ঠানিক পদত্যাগ পত্ৰ প্ৰেৰণ কৰে , উল্লেখ্য যে যুৱ নেতা জনে বিগত প্ৰায় দহ বছৰ ধৰি দলীয় কামকাজ কৰি তৃণমূল পৰ্যায়ত সাংগঠনিক ভেটি শক্তি শালী কৰি পলাশবাৰী কংগ্ৰেছ ৰ কাৰ্যালয় ৰ দুৱাৰ খুলি নৱ প্ৰজন্মক কংগ্ৰেছ কৰিবলৈ আগ্ৰহী কৰি তোলাত বিশেষ ভুমিকা অৱলম্বন কৰি পলাশবাৰী সমষ্টিত কংগ্ৰেছ দলক বিশেষ ভাবে শক্তি শালী কৰি আহিছিল । আজি দিনৰ ভাগত সাংবাদিকে সুধা প্ৰশ্নত তালুকদাৰে কাৰো প্ৰতি আক্ষেপ নাই নিজৰ ব্যক্তিগত কাৰণত হে পদবীৰ পৰা অব্যাহতি লোৱা বুলি জানিবলৈ দিয়ে যদিও একালৰ কা আন্দোলন কাৰী বিপ্লৱ কুমাৰ তালুকদাৰে কোন দিশে গতি কৰে সেইটোহে হব লক্ষণীয় বিষয় ।