গুৱাহাটী প্ৰেছ ক্লাবত ডিব্ৰুগড়ৰ ফাইজান হুছেইনক বৰ্ষ শ্ৰেষ্ঠ খেলুৱৈ বঁটা ৰাইটাৰ্চ ফ’ৰামৰ

গুৱাহাটী প্ৰেছ ক্লাবত ডিব্ৰুগড়ৰ ফাইজান হুছেইনক বৰ্ষ শ্ৰেষ্ঠ খেলুৱৈ বঁটা ৰাইটাৰ্চ ফ’ৰামৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ  ডনব’স্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ফাইজান হুছেইনক ৩০ মাৰ্চ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত ৰাইটাৰ্ছ ফ’ৰাম, অসমৰ উদ্যোগত পঞ্চম বাৰ্ষিক সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠানত “বৰ্ষশ্ৰেষ্ঠ প্ৰতিভাৱান টেনিছ খেলুৱৈ বঁটা”ৰে সন্মানিত কৰে। তেওঁৰ সৈতে, ডিব্ৰুগড় জিলা স্প’ৰ্টছ এচ’ছিয়েচন  ইনড’ৰ ষ্টেডিয়ামৰ প্ৰশিক্ষক বিচিত্র শইকীয়াকো শ্ৰেষ্ঠ প্ৰশিক্ষক হিচাপে সন্মানিত কৰে।ফাইজন হুছেইন ডিব্ৰুগড়ৰ মলখুবাছা কনভ’য় ৰোড নিবাসী ৰে’লৱে অভিযন্তা মহিবুল হুছেইন আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডা০ ৰাণী চুতীয়া হুছেইনৰ দ্বিতীয় পুত্ৰ।