মহানগৰীৰ বশিষ্ঠপুৰত জীৱন্তে অগ্নিদগ্ধ হৈ মহিলাৰ মৃত্যু

মহানগৰীৰ বশিষ্ঠপুৰত জীৱন্তে অগ্নিদগ্ধ হৈ মহিলাৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- অসহনীয় মর্মান্তিক ঘটনাই পুনৰ জোকাৰি গ’ল গুৱাহাটী মহানগৰীক। নিজৰ ঘৰৰ ভিতৰতে সংঘটিত ভয়ানক অগ্নিকাণ্ডই নিমিষতে প্রাণ কাঢ়িলে এগৰাকী মহিলাৰ। দুৰ্ভগীয়া মহিলাগৰাকীৰ নাম প্রণতি ডেকা। মহানগৰীৰ বেলতলাৰ  ৱাৰলেছ বশিষ্ঠপুৰ ১নং উপ-পথৰ অন্তৰ্গত দামোদৰ পথৰ গৃহ নং ৩২ত সোমবাৰে দিনৰ আঢ়ৈমান বজাত এই মর্মান্তিক ঘটনা সংঘটিত হয়। আনদিনাৰ দৰেই আজিও ঘৰুৱা কাম-কাজত ব্যস্ত আছিল প্রণতি ডেকা।একমাত্র পুত্র, দুই কন্যা, জোঁৱাই, স্বামীসহ এটা সুখী পৰিয়াল তেওঁৰ। পেছাত চিকিৎসক স্বামী ডাঃ নগেন ডেকা নগাঁৱত কৰ্মৰত। নগাঁও-গুৱাহাটী দুয়ো ঠাইতে সঘনাই অহা-যোৱা কৰা ডাঃ নগেন ডেকাই আনদিনাৰ দৰে সোমবাৰে পুৱা প্রায় ১০ বজাত গুৱাহাটীৰ ঘৰতে পত্নী প্রণতি ডেকাই যতনাই দিয়া ভাত খাই কর্মস্থলী অভিমুখে ৰাওনা হৈছিল। স্বামীক বিদায় দি হাঁহিমুখেই সকলোৰে সৈতে কথা পতা প্রণতি ডেকাই দিনৰ ভাগত নিজৰ কোঠাত জিৰণি ল’বলৈ লৈছিল। কিন্তু কিছু সময় পাছতেই প্রচণ্ড শব্দ কৰি জুইৰ লেলিহান শিখাই তিনি মহলীয়া ঘৰটোৰ দ্বিতীয় মহলাৰ এটা অংশ আগুৰি ধৰে। মুহূৰ্ততে অঞ্চলটোত হুৱাদুৱাৰ সৃষ্টি হয়। লগে লগেই স্থানীয় লোকে অগ্নিনির্বাপক বাহিনীক খবৰ দিয়াৰ লগতে নিজেও জুই নুমুওৱাৰ চেষ্টা কৰে। স্থানীয় বাসিন্দাসকলে সদৰী কৰা মতে জুইৰ মাজতে মহিলাগৰাকীৰ চিঞৰ-বাখৰো শুনা গৈছিল। কিন্তু জুইৰ লেলিহান শিখাৰ মাজত কোনো লোকেই তাত প্ৰৱেশ কৰাৰ সাহস কৰিব নোৱাৰিলে। দিনৰ প্ৰায় ২.২৫ বজাত সংঘটিত হয় এই ভয়ংকৰ কাণ্ডটো। ঘটনাটোত ঘৰটোৰ ৰান্ধনী কোঠাত থকা চিলিণ্ডাৰো বিস্ফোৰণ হোৱাৰ বাবে অগ্নিকাণ্ডটো অধিক ভয়াৱহ হৈ পৰিছিল। ভয়ংকৰ অগ্নিকাণ্ডটোৰ খবৰ পোৱা মাত্রকে তাত অগ্নিনির্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে আহি প্রায় দুঘণ্টাজুৰি চেষ্টা চলাই অগ্নি নির্বাপণ কৰিবলৈ সক্ষম হয়। সন্ধিয়া প্রায় ৫.৩০ বজাত জুই সম্পূর্ণ প্রশমিত হোৱাৰ পাছতহে প্রণতি ডেকাৰ অর্ধদগ্ধ মৃতদেহ অগ্নিনির্বাপণ বাহিনীয়ে ওপৰৰ পৰা নমাই আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে দুৰ্ভগীয়া প্রণতি ডেকাৰ একমাত্ৰ পুত্ৰ দুলীয়াজানৰ অইল ইণ্ডিয়াত অভিযন্তা হিচাপে কৰ্মৰত হৈ থকাৰ লগতে এগৰাকী জীয়াৰী কৰ্মসূত্রে নয়দাত থাকে। স্বামী, পুত্র, কন্যাৰ অবৰ্তমানত মহিলাগৰাকীয়ে অকলশৰে বৃহৎ অট্টালিকাটোত আছিল। অগ্নিনির্বাপক বাহিনীয়ে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই দুর্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্রকাশ কৰিছে।