ওড়িশাত দুৰ্ঘটনাত পতিত অসম অভিমুখী কামাখ্যা এক্সপ্ৰেছ

ওড়িশাত দুৰ্ঘটনাত পতিত অসম অভিমুখী কামাখ্যা এক্সপ্ৰেছ

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ সংঘটিত হ’ল ভয়ংকৰ ৰে’ল দুৰ্ঘটনা।ওড়িশাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে ১২২৫১ নম্বৰৰ কামাখ্যা এক্সপ্ৰেছ । বেংগালুৰু-কামাখ্যা ছুপাৰফাষ্ট এক্সপ্ৰেছৰ ১১টা দবা লাইনচ্যুত হোৱাৰ ফলত এজন লোকৰ মৃত্যু ঘটিছে। এই ভয়াৱহ ঘটনাত ৮জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে। দেওবাৰে পুৱা ১১.৫৪ বজাত মংগুলীৰ নিৰগুন্দি ৰে’ল ষ্টেচনৰ সমীপত দুর্ঘটনাটো সংঘটিত হয়। এই ঘটনাৰ পিছতে ৰে’লখনত থকা যাত্রীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে তৎকালীনভাৱে মেডিকেল আৰু জৰুৰীকালীন দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ লগতে আহত যাত্রীসকলক চিকিৎসা আগবঢ়ায়। আহত লোকসকলৰ একাংশক সমীপৱৰ্তী শ্ৰীৰামচন্দ্ৰ ভঞ্জ মেডিকেল কলেজত ভর্তি কৰোৱা হয়। প্রাপ্ত তথ্য অনুসৰি মেডিকেল কলেজখনত ভর্তি হোৱা আহত লোকসকলৰ স্বাস্থ্য বর্তমান সুস্থিৰ। প্ৰচণ্ড গৰমৰ বাবেও দুৰ্ঘটনাৰ পিছত একাংশ যাত্রী ঘটনাস্থলীত অসুস্থ হৈ পৰে। তেওঁলোকক ঘটনাস্থলীতে স্থাপন কৰা স্বাস্থ্য শিবিৰত চিকিৎসা কৰা হয়। ইপিনে দবা লাইনচ্যুত হোৱাৰ পিছত ঘটনাস্থলীত আবদ্ধ হৈ পৰা যাত্ৰীসকলক কামাখ্যা ষ্টেচনলৈ লৈ অহাৰ বাবে বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হয়। এই বিশেষ ৰে’লখন বিয়লি ৪.১০ বজাত ঘটনাস্থলীত উপস্থিত হয়। বিয়লি ৫.০৫ বজাত আবদ্ধ যাত্রীসকলক লৈ ৰে’লখনে কামাখ্যা অভিমুখে যাত্ৰা কৰে। উল্লেখ্য যে আহত হোৱা ৮ যাত্ৰীৰ ভিতৰত তিনিজন পুৰুষ আৰু ৫গৰাকী মহিলা। আহতসকলৰ ভিতৰৰ দুজন অসমৰ। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এক্স হেণ্ডেলযোগে প্রকাশ কৰা অনুসৰি এই দুর্ঘটনাত ওদালগুৰিৰ উইলছন দিগল আৰু বাক্সাৰ আমিৰন নিছা আঘাতপ্রাপ্ত হৈছে। অৱশ্যে দুয়োজনৰে স্বাস্থ্য বর্তমান সুস্থিৰ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে। এই দুর্ঘটনাত কোনো লোক নিহত হোৱা নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। তদুপৰি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ওড়িশা চৰকাৰ আৰু ৰে’লৱেৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে বুলি প্রকাশ কৰি ড° শৰ্মাই কয়- ‘আজি ওড়িশাত ১২৫৫১ কামাখ্যা এক্সপ্ৰেছৰ সৈতে জড়িত দুর্ঘটনাটোৰ সম্পৰ্কে অৱগত হৈছোঁ। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ওড়িশা চৰকাৰ আৰু ৰে’লৱেৰ সৈতে নিৰন্তৰ যোগাযোগ অব্যাহত ৰাখিছে। আশ্বাস দিব বিচাৰিছোঁ যে আমাৰ চৰকাৰে দুৰ্ঘটনাটোত প্ৰভাৱিত প্ৰতিগৰাকী ব্যক্তিৰ কাষত উপস্থিত হৈ প্রয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰিব।’ আনহাতে ৰে’ল দুৰ্ঘটনাৰ পিছতে উত্তৰ-পূব সীমান্ত ৰে’লৱেই যাত্ৰীসকলৰ সাহায্যৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰিছে। সেই অনুসৰি গুৱাহাটীৰ বাবে ০৩৬১-২৭৩১৬২১/২৭৩১৬২২/২৭৩১৬২৩, কামাখ্যাৰ বাবে ৯৯৫৭২-৪৭৯৫৩, ৰঙিয়াৰ বাবে ৯৮৫৪৪-১৯০৬৪/ ৯৯৫৭৫-৫৪৯৭৯, নিউ বঙাইগাঁৱৰ বাবে ৯৯৫৭৫-৫৪৯৫৭/ ৯৯৫৭৫-৫৪৯৬৪, নিউ কোচবিহাৰৰ বাবে ৭৬০৫০-৩৬১৫৫ আৰু কিষাণগঞ্জৰ বাবে ৬৪৫৬২-২৬৭৯৪ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। যাত্রী আৰু তেওঁলোকৰ পৰিয়ালে এই নম্বৰসমূহত যোগাযোগ কৰি সকলো ধৰণৰ সাহায্য তথা তথ্য লাভ কৰিব পাৰিব। ইতিমধ্যে এই দুৰ্ঘটনাৰ তদন্তও বিভাগীয়ভাৱে ঘোষণা কৰা হৈছে।