প্রাক্তন গৃহমন্ত্রী ভৃগু ফুকনৰ কন্যা উপাসা ফুকনৰ ৰহস্যজনক আত্মহত্যা
ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহাসিক অসম আন্দোলনক সন্মুখৰ পৰা নেতৃত্ব দিয়া প্রাক্তন গৃহমন্ত্রী তথা অগপৰ এসময়ৰ শক্তিশালী নেতা ভৃগু কুমাৰ ফুকনৰ একমাত্ৰ জীয়ৰী উপাসা ফুকনৰ ৰহস্যজনক আত্মহত্যাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।দেওবাৰে ৰাতিপুৱা প্রায় ৮ বজাত খাৰঘুলিৰ জয়পুৰত থকা দুমহলীয়া বৃহৎ অট্টালিকাৰ পৰা জঁপিয়াই আত্মহননৰ দৰে চৰম পন্থা লোৱা বিষয়টোক সম্প্রতি সহজভাৱে ল’ব পৰা নাই ওচৰ-চুবুৰীয়াই। আনদিনাৰ দৰে কালিও দুয়ো মাতৃ-কন্যাই বজাৰলৈ গৈ যাৱতীয় সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ উভতিছিল। নিশাটো মাতৃৰ সৈতে একেলগে থকাৰ পিছত পুৱা প্রায় ৭ বজাত টোপনিৰ পৰা সাৰ পাইছিল উপাসা ফুকনে। সেই সময়ত মাতৃয়ে তলত বাচন ধোৱাত ব্যস্ত আছিল। তাৰ মাজতে প্রায় ৮ বজাত দুমহলীয়া অট্টালিকাটোৰ ওপৰ মহলালৈ উঠি গৈ হঠাতে জাঁপ দিয়ে উপাসাই। ঘটনাটোত হতভম্ব হৈ পৰা মাতৃয়ে কন্যাৰ নাকে-মুখে তেজ ওলোৱা প্ৰত্যক্ষ কৰি লগে লগে চিঞৰ-বাখৰ কৰি ওচৰ-চুবুৰীয়াৰ পৰা সহায় বিচাৰে। সেইমৰ্মে একাংশ লোকে লগে লগে গুৰুতৰভাৱে আহত উপাসাক প্রথমতে উইনট্রব হাস্পতাল আৰু পিছত জিএমচিএইচলৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। তাৰ পিছতে লোককেইজনে মৃতদেহটো ঘৰলৈ লৈ আহে। তাৎপৰ্যপূৰ্ণভাৱে পুৱাৰ ভাগত আত্মহনন কৰা উপাসাৰ এই বিষয়টো পৰিয়ালৰ তৰফৰ পৰা দিনৰ ভাগলৈকে আৰক্ষীক জনোৱা হোৱা নাছিল। গুৱাহাটী কেন্দ্রীয় আৰক্ষী জিলাৰ উপ-আৰক্ষী আযুক্ত অমিতাভ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰা মতে, দিনৰ প্ৰায় এক বজাত আৰক্ষীয়ে বিষয়টো অৱগত হয়। তাৰ পিছতে লগে লগে আৰক্ষীয়ে প্ৰাক্তন মন্ত্ৰীজনৰ ঘৰলৈ গৈ পৰিস্থিতিৰ বুজ লয়। উপ-আৰক্ষী আযুক্তগৰাকীয়ে কয় যে ঘৰটোত মাতৃ-কন্যাৰ বাদে আন তৃতীয় ব্যক্তি কোনো নাছিল। কিছুদিন পূর্বলৈকে পিতৃৰ পদাংক অনুসৰণ কৰি সক্ৰিয় ৰাজনীতিত প্ৰৱেশৰ ইচ্ছা প্রকাশ কৰা উপাসাৰ আত্ম আত্মহননৰ ঘটনাটোক লৈ যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছে যদিও প্রাথমিক অনুসন্ধানত আৰক্ষীয়ে ঘটনাটো আত্মহত্যা বুলিয়েই নিশ্চিত হৈছে। দিনৰ প্ৰায় তিনি বজাত নির্দিষ্ট নীতি-নিয়মৰ মাজেৰে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে।উল্লেখ্য যে প্ৰথম অগপ চৰকাৰৰ আমোলত ক্ষমতাৰ কেন্দ্ৰবিন্দু আছিল খাৰঘুলিৰ জয়পুৰৰ এই বিলাসী প্রাসাদোপম অট্টালিকাটো। নেতা-পালিনেতাৰ পৰা সেই সময়ৰ সকলো ব্যক্তিৰ বাবে আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু আছিল গৃহমন্ত্রী ভৃগু কুমাৰ ফুকনৰ উক্ত আৱাস। কিন্তু কথাতে কোৱা হয়- একালৰ বৃন্দাবন একালত পৰে ছন। ক্ষমতা হাতৰ পৰা আঁতৰি যোৱাৰ লগে লগে অসমৰ ৰাজনীতিৰ পৰাও কালক্ৰমত ধুৱলী-কুঁৱলী হৈ পৰে জয়পুৰৰ উক্ত ‘পাৱাৰ হাউছ’। তাৰ পিছতো কিছু বছৰলৈ দুই-এক মুষ্টিমেয় লোকৰ আগমন ঘৰটোলৈ ঘটিছিল যদিও ২০০৬ চনত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ অকাল বিয়োগৰ পিছতে সম্পূৰ্ণৰূপে সকলোৰে দৃষ্টিৰ পৰা আঁতৰি যায় জয়পুৰৰ ‘পাৱাৰ হাউছ’। এই ঘটনাক সেই সময়ৰ পৰাই সহজভাৱে হয়তো ল’ব পৰা নাছিল মাতৃ-কন্যাই। অকালতে এফালে পিতৃৰ বিয়োগ, আনফালে ৰাজনৈতিকভাৱেও সকলোৰে পৰা দূৰৈত। এই দুই কাৰণত মানসিকভাবে কিছু হতাশগ্রস্ত হৈ পৰিছিল দুয়ো মাতৃ-কন্যা। আজি উপাসাৰ মৃত্যুৰ পিছতে স্থানীয় লোকে এই কথা প্রকাশ কৰিছে। স্থানীয় লোকে জনোৱা অনুসৰি মানসিক ভাৰসাম্য হেৰুৱাই উপাসাই চৰম পন্থা গ্ৰহণ কৰিছে। যুৱতীগৰাকীয়ে প্ৰায়ে মাকক কৈ আছিল তেওঁ আৰু জীয়াই নাথাকে। দীৰ্ঘদিন ধৰি তেওঁ মানসিক অসুস্থতাত ভুগি আছিল। যাৰ বাবে উপাসাই ছাঁদৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। স্থানীয়লোকৰ মতে, ভৃগু ফুকনৰ মৃত্যুক পাছতে মানসিক হতাশাত ভুগিছিল উপাসাই। মাকক বাৰে বাৰে আত্মহত্যা কৰাৰ কথা কৈছিল। শনিবাৰেও যুৱতীগৰাকীয়ে মাতৃক কৈছিল যে তেওঁ আৰু জীয়াই নাথাকে। তাৰ পাছতে দেওবাৰে পুৱা মৃত্যু হয় যুৱতীগৰাকীৰ। জানিব পৰা মতে, ঘটনাৰ সময়ত যুৱতীগৰাকীৰ মাতৃয়ে কাম কৰি আছিল। তেতিয়াই বাহিৰত কিবা শব্দ শুনি তেওঁ দৌৰি যায় আৰু তলত জীয়েকক পৰি থকা দেখে। লগে লগে মাতৃয়ে ওচৰ চুবুৰীয়াক খবৰ দিয়ে আৰু পাছত হাস্পাতাললৈ লৈ যায়। প্ৰথম অৱস্থাত যুৱতীগৰাকীয়ে উশাহ লৈ আছিল যদিও হাস্পাতাল নিয়াৰ পাছত চিকিৎসকে মৃত ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত নৱগ্ৰহ শ্মশানত উপাসা ফুকনৰ শেষকৃত্য সম্পন্ন কৰা হয়। প্ৰাক্তন বিধায়ক ভৃগু কুমাৰ ফুকনৰ একমাত্র কন্যা উপাসা ফুকনৰ আকস্মিক বিয়োগত অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্রী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি, মন্ত্রী কেশৱ মহন্তই শোক প্রকাশ কৰিছে। দলটোৰ জালুকবাৰী সমষ্টি সমিতি, উত্তৰ গুৱাহাটী নগৰ সমিতিয়েও উপাসা ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। তদুপৰি বংশৰৰ বিশিষ্ট নাগৰিক কনক দাস, মহাপুৰুষ শ্রীমন্ত দামোদৰদেৱ সংঘৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক কার্যাধিকর্তা হর্ষবর্ধন কাশ্যপ, একালৰ ভূণ্ড কুমাৰ ফুকনৰ ৰাজনৈতিক সতীর্থ দদৰাৰ কমলাকান্ত দাসকে ধৰি বিভিন্নজনে মন্ত্ৰীগৰাকীৰ একমাত্র কন্যা উপাসা ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে।