মহীয়সী জয়মতী কোঁৱৰী – ময়ূৰী বৰগোহাঁই

মহীয়সী জয়মতী কোঁৱৰী

ময়ূৰী বৰগোহাঁই
দশম শ্ৰেণী
মাদুৰি, শিৱসাগৰ

“জীৱন জ্যোতিৰে যাৰ
পোহৰালে পাৰাপাৰ
জনমৰে জীৱনক
জয় কৰি গ’ল
সিজনাৰ আত্মদান
মাথো এটি সামগাম
প্রতিধ্বনি কৰি কৰি
চামে-চামে বল”

সঁচাই মহিয়সী জয়মতী কুঁৱলীৰ আত্মদানৰ স্মৃতিয়ে আমাক যুগে-যুগে অনুপ্রাণিত কৰি আহিছে । স্বদেশ-স্বজাতিৰ বাবে জীৱন উৎসর্গা কৰা নাৰীৰ কাহিনী বিশ্বৰ বুৰঞ্জীত অতি বিৰল । ত্ৰয়োদশ শতিকাত আহোম ৰাজত্ব কালত অশেষ নির্যাতন ভূগি, নিজৰ জীৱন আহুতি দি জয়মতী কুঁৱৰীয়ে স্বদেশৰ হেৰাব খোজা স্বাভিমান পুনৰ ঘূৰাই আনি স্বৰ্গদেউ সকলৰ ৰাজত্বকালৰ পুনৰ থিতাপি দি গল ।

এই গৰাকী মহীয়সী নাৰী জয়মতী কুঁৱৰীৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তর্গত মাদুৰি অঞ্চলত । জয়মতী কুঁৱৰীৰ পিতৃ মাদুৰিৰ প্রসিদ্ধ ৰাজনীতিবিদ লাইথেপেনা বৰগোহাঁই আৰু মাতৃ চন্দ্রদাৰু । জয়মতী এঘাৰগৰাকী মাহীমাক, বাৰগৰাকী ভনীয়েক আৰু চৌবিশজন ককায়েক-ভায়েক আছিল । মাক-দেউতাকৰ বৰ জীয়ৰী মহীয়সী জয়মতী কুঁৱৰী আছিল এগৰাকী নির্ভীক, সাহসী, দূৰদৰ্শী, প্রত্যোৎপন্নমতীতাৰ অধিকাৰিণী আৰু আছিল আপোচবিহীন সত্যাগ্রহী নাৰী । যি ৰাজশক্তিৰ বিৰুদ্ধেও ৰাজসভাত স্বৰ্গদেউৰ অন্যায়-অবিচাৰৰ বিৰুদ্ধে প্রতিবাদ কৰিব পাৰিছিল । গুৰু গম্ভিৰ, দেখনীয়াৰ জয়মতীক প্ৰথম দেখিয়ে তূংখুঙীয়া ফৈদৰ লাঙি গদাপাণিয়ে পচন্দ কৰিছিল আৰু আহোম নিয়ম অনুসৰি চকলং পদ্ধতিৰে জয়মতীক বিয়া কৰাইছিল । গদাপাণি আৰু জয়মতীৰ যুগ্মজীৱন বৰ সুখ-শান্তিৰে পাৰ হৈছিল । তেওঁলোকৰ দাম্পত্য জীৱনৰ সাক্ষী দুটি সন্তান লাই আৰু লেচাই ।

১৬৭৯ পৰা ১৬৮১ খ্রীষ্টাব্দ । ছশবছৰীয়া আহোম ৰাজত্বৰ এক কলংকৃত অধ্যায় । সেই সময়ছোৱাৰ এজন ক্ষমতালোভী আৰু স্বার্থপৰ ৰাজবিষয়া আছিল লালুকসোলা বৰফুকন । ক্ষমতাৰ লিপ্সাত লালুকখোলাই আতন বুঢ়াগোহাঁইক হত্যা কৰে আৰু ষড়যন্ত্র কৰি চামগুৰীয়া ফৈদৰ নিচেই কম বয়সীয়া ৰাজকোঁৱৰ ৰত্নধ্বজ সিংহ ওৰফে চুলিকফাক ৰজা পাতে । নিচেই কম বয়সতে ৰজা হোৱা বাবে ৰত্নধ্বজ সিংহক সকলোৱে লৰা ৰজা বুলিছিল । লালুকসোলা বৰফুকনে নিজৰ জীয়েকক লৰা ৰজালৈ বিয়া দি ৰজাৰ শহুৰ হৈ নিজেই ৰাজ্যৰ উঠি ৰজা-বহি ৰজা হৈ পৰিছিল । লৰাৰজা সিংহাসনত বহিয়েই লালুকসোলা বৰফুকনৰ কু-মন্ত্রনাত সকলো ফৈদৰ ৰজা হ’ব পৰা গুণৰ অধিকাৰী আহোম ৰাজকোঁৱৰসকলৰ হয় অংগক্ষত, নহয় বধ কৰিবলৈ ধৰিলে । কাৰণ আহোম সংবিধান অনুসৰি ইন্দ্ৰবংশী আহোম ৰাজসিংহাসন অলংকৃত কৰিবলৈ কিছুমান গুণৰ প্রয়োজন আছিলড । তাৰে ভিতৰত প্রধান গুণ শৰীৰত কোনো ঘুন নথকা অর্থাৎ নিঘুণী । গতিকে লৰা ৰজাই লালুকসোলা বৰফুকনৰ কু-মন্ত্রনাত দীঘলীয়া শাসনত বহাৰ মানসেৰে উপযুক্ত ৰজা হ’ব পৰা যোগ্য কোঁৱৰবিলাকক এফালৰ পৰা অংগক্ষত কৰিবলৈ চাওদাঙ বৰুৱাক দায়িত্বভাৰ অর্পণ কৰাৰ লগে লগে চাওদাঙ বৰুৱাই যোগ্যবান ডেকা কোঁৱকবিলাকক কাৰোবাক চকু কাঢ়িলে, কাৰোবাক ঘিলা কাঢ়িলে আৰু কোনোজনক হত্যাও কৰিলে । লালুকসোলাৰ এই অন্যায়-অবিচাৰৰ কথা জানিব পাৰি তূংখুঙীয়া ফৈদৰ লাঙি গদাপাণিয়ে প্ৰিয় ভাৰ্যা জয়মতীৰ অনুৰোধ মৰ্মে নগা পাহাৰলৈ পলাই যায় ।সেই হেতুকে লৰাৰজাৰ মনৰ সংকা বাঢ়িল । গদাপাণিৰ সম্ভেদ উলিয়াবলৈ গদাপাণিৰ ভাৰ্যা জয়মতীক ৰাজদৰবাৰলৈ মাতি পঠায় । কিন্তু জয়মতীয়ে ৰজাঘৰীয়াৰ তৎপৰতা নস্যাৎ কৰি সমকালীন নাৰীৰ পতিভক্তি আৰু দেশভক্তিৰ এক অনন্য দৃষ্টান্ত দাঙি ধৰি স্বামীৰ বাতৰি দিয়াৰ পৰা নিজকে নিলগাই ৰাখিছিল । জয়মতীৰ এই আকোৰগোজালী মনোবৃত্তিত অতিষ্ঠ হৈ লালুকসোলাৰ মন্ত্ৰনাত স্বৰ্গদেৱে জেৰেঙা পথাৰৰ কূটকুৰা গছত বান্ধি নানান অমানুষিক শাস্তি দিয়াই হ’লেও জয়মতীৰ মুখৰ পৰা স্বামীৰ বাতৰি উলিয়াবলৈ নিৰ্দেশ দিছিল । আৰু সেই অনুসৰি চাওদাং বৰুৱাই ৰাজআজ্ঞা শিৰত লৈ জয়মতীক জেৰেঙা পথাৰলৈ নি নানান অমানুষিক নির্যাতন দিছিল । কিন্তু জয়মতীয়ে একোলৈকে কেৰেপ নকৰি নিজৰ মতত অটল আছিল । চৈধ্যদিন নিষ্ঠুৰ চাওদাঙৰ নিৰ্মম নির্যাতনৰ ফলত ভাৱে মানসিকভাৱে স্থিৰ যদিও শাৰীৰিকভাৱে দুৰ্বল হৈ পৰা স্থিতপ্রজ্ঞা জয়মতীয়ে চৰম নিৰ্যাতন ভূগি দেহত শেষ বিন্দু তেজ থকালৈকে হাৰ নামানি বঙহৰদেউ আৰু পিতৃভূমি সুৰক্ষাৰ হকে মৌন হৈয়েই মৃত্যুক আঁকোৱালি লৈছিল ।

স্বদেশৰ বাবে সেই অবর্ণনীয় শাস্তি ভোগ কৰি জয়মতী কুঁৱৰীয়ে মৃত্যুবৰণ কৰিলে যদিও দুৰাচাৰী লালুকসোলাক স্বামীৰ সন্ধান নিদিলে । মহীয়সী জয়মতী কুৱৰীৰ স্বদেশৰ প্রতি থকা প্রেম, মনোবল আৰু সহনশীলতা আজিও প্রতিগৰাকী নাৰীৰ বাবে আদর্শনীয় আৰু অসমীয়া জাতিৰ বাবে অক্ষয় গৌৰৱ ।

জয়মতী কুঁৱৰী ধলপুৱাতে ৰ’দ আনি দিয়া প্রশস্তিৰ এক গান । নিজৰ মতত জয়ী হৈ মৃত্যুক সাবটি লোৱা মহীয়সী আহোম ৰমণী, বৰগোহাঁই জীয়ৰী জয়মতী কুঁৱৰীৰ ত্যাগে ৰুদ্ৰসিংহৰ দৰে এজন সফল স্বৰ্গদেৱক ৰাজ সিংহাসনত অলংকৃত কৰাইছিল । বিশৃঙ্খলতাৰ বিপৰীতে এক সুস্থিৰ ৰাজনৈতিক বাতাবৰণ দেশবাসীক উপহাৰ দিয়া জয়মতী কুঁৱৰী আজি কায়িকভাৱে আঁতৰি গৈছে যদিও তেওঁ আজিও মৃত্যুক জিনি জীয়াই আছে জয়দৌলৰ সুউচ্চ কলচীৰ ওপৰত আৰু বিশাল জয়সাগৰৰ জল পৰিধিৰ মাজত ।