নলবাৰীৰ সোণকুৰিহাত অসমীয়া সাহিত্য সন্মিলনীৰ অধিৱেশন
ৰঙিলী বাৰ্ত্তাসেৱা- ইংৰাজী মাধ্যমত অধ্যয়নৰত বহু ছাত্র-ছাত্রীয়ে অসমীয়া মাধ্যমৰ কিতাপ অধ্যয়ন কৰে। মাধ্যম কোনো অন্তৰায় নহয়। অসমীয়া ভাষাই আজি বিশ্বদৰবাৰত প্রতিষ্ঠিত হ’বলৈ সক্ষম হৈছে, কিন্তু এতিয়াও সাহিত্য চর্চাৰ বাবে অনুষ্ঠানৰ প্রয়োজন আছে। আজিৰ ডিজিটেল মিডিয়াৰ যুগত অসমীয়া ভাষাটোৰ উপস্থাপন প্রণালী আৰু বানানসমূহ লিখাৰ ক্ষেত্ৰত সতর্ক হোৱাৰ প্রয়োজন আছে। এই মন্তব্য ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিনীতা বৰা দেৱচৌধুৰীৰ। অসমীয়া সাহিত্য সন্মিলনীৰ যোৱা ২৮ মার্চৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে নলবাৰী জিলাৰ সোণকুৰিহাৰ ভাঙৰা গোসাঁই থানত অনুষ্ঠিত সপ্তম বার্ষিক ৰাজ্যিক অধিৱেশনখনৰ সামৰণীৰ দিনা সন্মিলনীৰ কাৰ্যকৰী সভাপতি ড° বিৰিঞ্চি কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি অধিবেশনত অসমীয়া সাহিত্য সন্মিলনীয়ে প্রকাশ কৰি উলিওৱা স্মৃতিগ্রন্থ ‘বৰলুইত’ উন্মোচন কৰি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ বিনীতা বৰা দেৱচৌধুৰীয়ে এইদৰে কয়। সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি কলিকতা হিন্দী বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ নন্দিনী চাহুৱে কয় যে অসমখনত বিভিন্ন জাতি, ধর্ম, জনগোষ্ঠী, ভাষাৰ লোকে একেলগে বসবাস কৰে। আমি যি ঠাইতে নাথাকো কিয় নিজৰ ভাষাটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগভাগ ল’ব লাগে। আমি থকা ঠাইখিনিতে সুযোগ পালেই নিজৰ ভাষাটো আগবঢ়াই নিবলৈ চেষ্টা কৰা উচিত বুলি তেওঁ কয়। অধিৱেশনত বিশিষ্ট অতিথি ৰূপে অংশগ্রহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি গৱেষণা বিভাগৰ মুৰব্বী অধ্যাপক তথা পদ্মশ্রী ড° অনিল বড়োৱে কয় যে সাহিত্য সৃষ্টিৰ বাবে এটি স্বাধীন পৰিবেশৰ প্রয়োজন। বর্তমান শিক্ষানুষ্ঠানসমূহত মাতৃভাষাৰ প্ৰয়োগৰ ক্ষেত্রত চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰা বুলিও তেওঁ কয়। অসমীয়া সাহিত্য সম্মিলনীৰ প্রধান সম্পাদক ড০ ভাস্কৰ ভূঞাই আঁত ধৰা সভাখনত চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি ড° হাফিজ আহমেদ, নেপালী সাহিত্য পৰিষদৰ প্রতিনিধি খগেন শর্মা, সন্মিলনীৰ নলবাৰী অধিৱেশনৰ অভ্যর্থনা সমিতিৰ সভাপতি ডাঃ ভূপেশ চন্দ্র শর্মা, অসমীয়া আৰু তামিল ভাষাৰ গৱেষক বি বিজয় কুমাৰকে ধবি কেইবাগৰাকীও অতিথিয়ে অংশগ্রহণ কৰে। সভাত নৱ নির্বাচিত সভাপতি মুকুল চক্রৱর্তীয়ে সভাপতিৰ অভিভাষণ পাঠ কৰাৰ লগতে ড০ অর্চনা দেৱী সম্পাদিত ‘অংকুৰণ’ পত্রিকাখনো উন্মোচন কৰে। ইফালে পুৱাৰ ভাগত নলবাৰী জিলাভিত্তিক বক্তৃতা প্রতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে অঞ্চলটোত বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়।