অসমত পুলিচৰাজৰ মাজেৰে গণতন্ত্ৰ নিধন, ভুৱা গোচৰত সাংবাদিক গ্ৰেপ্তাৰৰ প্ৰতিবাদত আৰু এপেক্স বেংকৰ দুৰ্নীতি-কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত বাঁও দলসমূহৰ বিক্ষোভ
ৰঙিলী বাৰ্ত্তাসেৱা- চিপিআই(এম), চিপিআই, চিপিআই(এম-এল) আৰু ফৰৱাৰ্ড ব্লকৰ অসম ৰাজ্যিক কমিটিয়ে গুৱাহাটীত ভুৱা গোচৰত সাংবাদিক গ্ৰেপ্তাৰ আৰু অসমত বিজেপি চৰকাৰৰ পুলিচৰাজৰ মাজেৰে গণতন্ত্ৰ নিধনৰ প্ৰতিবাদত আৰু এপেক্স বেংকৰ দুৰ্নীতি-কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত এক বিক্ষোভ প্ৰদৰ্শন কৰে। বিয়লি ২:৩০ বজাৰ পৰা গুৱাহাটী ক্লাৱৰ বেজবৰুৱা চকত অনুষ্ঠিত এই বিক্ষোভ কাৰ্যসূচীত বাঁও দলসমূহৰ শতাধিক কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে আৰু শ্লোগানৰে উত্তাল কৰি তোলে।কাৰ্যসূচীত ৰাইজৰ উদ্দেশি বক্তব্য ৰাখে চিপিআই(এম)ৰ সম্পাদকমণ্ডলীৰ সদস্য শতঞ্জীৱ দাস, চিপিআইৰ জ্যেষ্ঠ মুনিন মহন্ত আৰু চিপিআই(এমএল)ৰ নেতা পঙ্কজ দাসে। ইয়াৰ উপৰি প্ৰাক্তন সাংসদ তথা চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা উদ্ধব বৰ্মনৰ লগতে তপন শৰ্মা, জয়ন্ত গগৈকে ধৰি বাওঁদল সমূহৰ অনান্য নেতৃবৃন্দ উপস্থিত থাকে।নেতৃত্বই বক্তব্যত কয় যে জনপ্ৰিয় সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক সম্পূৰ্ণ মিছা আৰু মনেসজা গোচৰত যিধৰণে আৰক্ষীয়ে বাৰে বাৰে আটক কৰিছে সেয়া সংবাদ মাধ্যম তথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ নিৰ্লজ্জ আক্ৰমণৰ এক নিকৃষ্ট উদাহৰণ। সকলোৱে আজি একমুখে দিলোৱাৰ হুছেইনৰ ওপৰত জাপি দিয়া ভুৱা গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। বক্তৃতাত কোৱা হয় যে বিজেপিৰ চৰকাৰসমূহে সমগ্ৰ দেশতে স্বৈৰতান্ত্ৰিক নীতি অনুসৰণ কৰি সাংবাদিকসকলক দমন কৰিছে আহিছে। অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ ৰাজ্য চৰকাৰখনে সাংবাদিকৰ স্বাধীনতা খৰ্ব কৰাৰ লগতে ৰাজ্যত পুলিচৰাজ প্ৰতিষ্ঠা কৰিবলৈ উদ্যত হৈছে। জনগণক বিভিন্ন ভয়-ভাবুকিৰে দমন কৰি ৰখাৰ উপৰি ৰাজ্যত স্বৈৰতান্ত্ৰিক শাসন পূৰ্ণাংগ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ অসম চৰকাৰ বদ্ধপৰিকৰ হৈ পৰা দেখা গৈছে। সেয়ে গণতন্ত্ৰক হত্যা তথা প্ৰতিবাদী কণ্ঠ স্তব্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে পুলিচক দিছে অবাধ ক্ষমতা। বক্তাসকলে আৰু কয় যে এপেক্স বেংকত সংঘটিত ব্যাপক নিয়োগ সংক্ৰান্ত দুৰ্নীতি তথা বিত্তীয় কেলেংকাৰিৰো উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে। ৰাজ্যিক বিত্তীয় প্ৰতিষ্ঠানটোৰ সঞ্চালক হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে। স্বভাৱিকতে মুখ্যমন্ত্ৰী তথা বিজেপি বিধায়কৰ পৃষ্ঠপোষকতাতে কেলেংকাৰি সংঘটিত হৈছে বুলি অনুমান কৰিব পাৰি। এনে দুৰ্নীতি আৰু কেলেংকাৰিবোৰ ঢাকি ৰখাৰ বাবেই অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনে পুলিচক অবাধ ক্ষমতা দি প্ৰতিবাদ দমনৰ আশ্ৰয় লৈছে। গণতান্ত্ৰিক অধিকাৰ ৰক্ষাৰ দাবীত আৰু স্বৈৰতান্ত্ৰিক শক্তিৰ বিৰুদ্ধে সৰ্বস্তৰৰ ৰাইজক একত্ৰিত হ’বলৈ আহ্বান জনাই আজিৰ বিক্ষোভৰ অন্ত পৰে৷