গুৱাহাটীত স্থায়ী ভেণ্ডিং জ’ন স্থাপনত ব্যর্থ গুৱাহাটী পৌৰ নিগম
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী পৌৰ নিগমে পদপথ ব্যৱসায়ীসকলৰ বাবে স্থায়ী ভেণ্ডিং জ’ন স্থাপন নকৰাত জীৱন আৰু জীৱিকাৰ স্বাৰ্থত নীতি-নিৰ্দেশনা উলংঘাৰে পথ-পদপথ দখল কৰি ক্ষুদ্ৰ ব্যৱসায়ীসকলে ব্যৱসায় চলাই আহিছে। গুৱাহাটী মহানগৰীত দিনক দিনে পদপথ ব্যৱসায়ীৰ সংখ্যা বৃদ্ধি পোৱাত মহানগৰবাসীয়ে যানজটকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। স্মার্ট চিটীৰ ৰূপ পাবলৈ গৈ থকা গুৱাহাটী মহানগৰীত আজি পর্যন্ত স্থায়ী ভেণ্ডিং জ’ন স্থাপন কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে সুদূৰপ্ৰসাৰী আঁচনি গ্ৰহণ নকৰিলে। ষ্ট্রীট ভেণ্ডিং আইন কাৰ্যকৰী কৰাত ধাৰাবাহিকভাৱে গুৱাহাটী পৌৰ নিগম ব্যৰ্থ হোৱাত মহানগৰীত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈ অহাৰ লগতে মহানগৰবাসীয়ে যাতায়াতৰ ক্ষেত্রত দুর্ভোগ ভুগিবলগীয়া হৈ আহিছে। ষ্ট্ৰীট ভেণ্ডিং আইন ২০১৪ অনুসৰি, জিএমচিয়ে মহানগৰীৰ পদপথত ব্যৱসায় কৰি অহা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওপৰত জৰীপ চলোৱাটো বাধ্যতামূলক। কিন্তু জিএমচিয়ে আজিলৈকে সঠিক ৰূপত মহানগৰীৰ পদপথ ব্যৱসায়ীসকলৰ ওপৰত জৰীপ চলোৱা নাই। ২০১৫ চনৰ এপ্রিল মাহত চলোৱা জৰীপ অনুসৰি গুৱাহাটীত পদপথ ব্যৱসায়ীৰ সংখ্যা আছিল ৭,১৮২ গৰাকী। এই ব্যৱসায়ীসকলকো ভেণ্ডিং জ’ন স্থাপন কৰি সংস্থাপন দিয়াত ব্যর্থ হৈছে গুৱাহাটী পৌৰ নিগম। ফলত ব্যৱসায়ীসকলে মহানগৰীৰ পথ-পদপথ দখল কৰি বছৰৰ পিছত বছৰ ধৰি ব্যৱসায় চলাই আহিবলগীয়া হৈছে। স্থায়ী ভেণ্ডিং জ’ন নথকাত জিএমচিয়ে মাজে-সময়ে পথ-পদপথত ব্যৱসায় কৰি অহা ক্ষুদ্র ব্যৱসায়ীসকলক উচ্ছেদ কৰি আহিছে। জীৱন আৰু জীৱিকাৰ স্বাৰ্থত পদপথ ব্যৱসায়ীসকলে বছৰৰ পিছত বছৰ ধৰি জিএমচিৰ বিষয়া-কৰ্মচাৰীৰ হাৰাশাস্তি সহ্য কৰি ব্যৱসায় চলাই আহিছে। ইয়াৰে সুযোগ লৈ গুৱাহাটী পৌৰ নিগমৰ একাংশ অসাধু বিষয়া-কর্মচাৰীয়ে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পৰা ভয়-ভাবুকিৰে ধন সংগ্ৰহ কৰি অহাৰো অভিযোগ উত্থাপন হৈ আহিছে। উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমে ২০২৩ চনত গুৱাহাটী মহানগৰীত ১২০টা ভেণ্ডিং জ’ন স্থাপনৰ কথা ঘোষণা কৰিছিল। ২০২৪ চনত এই সংখ্যা হ্রাস কৰি ৮৩টা ভেণ্ডিং জ’ন স্থাপনত অনুমোদন জনাইছিল। ২০২৫ বৰ্ষত মহানগৰীৰ ১০টা ভেণ্ডিং জ’ন স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল গুৱাহাটী পৌৰ নিগমে। কিন্তু আজি পর্যন্ত গুৱাহাটী পৌৰ নিগমে ঘোষণা কৰা ভেণ্ডিং জ’নসমূহ কাৰ্যকৰী কৰা নহ’ল। ফলস্বৰূপে ক্ষুদ্র পদপথ ব্যৱসায়ীসকলে জীৱন আৰু জীৱিকাৰ বাবে সংগ্ৰাম কৰি আহিবলগীয়া হৈছে। ষ্ট্ৰীট ভেণ্ডিং আইন জিএমচিয়ে সঠিক ৰূপত কাৰ্যকৰী নকৰিলে গুৱাহাটী মহানগৰী এখন বিশৃংখল মহানগৰীলৈ পৰিণত হ’ব।