ডিব্ৰুগড়ত সমাজ হিতৈষী কৰ্মযোগী নন্দেশ্বৰ চক্ৰৱৰ্তীৰ আৱক্ষ মূৰ্তি স্থাপন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ২৬ মাৰ্চত ডিব্ৰুগড়ৰ নন্দেশ্বৰ চক্ৰৱৰ্তী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কৰ্মযোগী নন্দেশ্বৰ চক্ৰৱৰ্তীৰ এটি আৱক্ষ মূৰ্তি বিদ্যালয়ৰ প্ৰাংগনত স্থাপন কৰাৰ উদ্দেশ্যে এখনি সভা অনুষ্ঠিত হয়। ডিব্ৰুগড়বাসীৰ চিৰপৰিচিত এটি সত্তা নন্দেশ্বৰ চক্ৰৱৰ্তী এগৰাকী কৰ্মযোগী, সমাজসেৱক আৰু সফল ব্যৱসায়ী আছিল । ডিব্ৰুগড়ৰ মাজমজিয়াত অৱস্থিত পূৰ্ণানন্দ পথ, ১নং পূৰ্ণানন্দ প্ৰাথমিক বিদ্যালয়( পিতৃৰ স্মৃতিত), বৰ্তমানৰ নন্দেশ্বৰ চক্ৰৱৰ্তী উচ্চ মাধ্যমিক বিদ্যালয়, জ্ঞানদায়িনী মন্দিৰ, ৰামকৃষ্ণ মিছনকে আদি কৰি কেইবাটাও প্ৰতিষ্ঠানে নিৰ্মাণৰ বাবে মাটি দান কৰাৰ লগতে প্ৰতিষ্ঠান কেইটাৰ ভেঁটি সুদৃঢ় কৰাত তেওঁৰ লগতে বৰ্তমানো তেওঁৰ পৰিয়ালবৰ্গই কৰা সহযোগ উল্লেখনীয় ।এই গৰাকী কৰ্মসাধক নন্দেশ্বৰ চক্ৰৱৰ্তীৰ এটি আৱক্ষ মূৰ্তি তেওঁৰ পুত্ৰ তাৰাপ্ৰসাদ চক্ৰৱৰ্তীৰ পৰিয়ালবৰ্গই বিদ্যালয়ত স্থাপনৰ বাবে আগভাগ লয়। প্ৰতুল বৰুৱা অইল ইন্দিয়া লিমিটেড, যোধপুৰত কৰ্মৰত হৈ থকা সময়ত আগভাগ লৈ জয়পুৰত মূৰ্ত্তিটো প্ৰস্তুত কৰি আনি বিদ্যালয়ত প্ৰতিষ্ঠা কৰিবলৈ কৰা হয়।বিদ্যালয়ৰ প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সভাখনিত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জু দুৱৰাই আগভাগলৈ আগবঢ়াই নিয়ে আৰু ইয়াত সভাপতিত্ব কৰে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মানস বৰপূজাৰীযে। নন্দেশ্বৰ চক্ৰৱৰ্তীৰ আৱক্ষ মূৰ্তিৰ উন্মোচন কৰে ‘তেওঁৰ বোৱাৰী নিজৰা দেৱী চক্ৰৱৰ্তীয়ে আৰু বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী আৰতি ভট্টাচাৰ্যই । অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চেবন প্ৰসাদ শৰ্মাই নিজ কাৰ্যকালৰ খতিয়ান দাঙি ধৰে, হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী হিৰণ্যময়ী দেৱীয়ে প্ৰতিষ্ঠা কালৰ পৰা নানা বাধা বিঘিনীৰ মাজেৰে বিদ্যালয়খন আগুৱাই নিয়াৰ বিষয়ে এক সাৰুৱা বক্তব্য প্ৰদান কৰে। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী মঞ্জু আগমাচাৰ্য্যই মহান দাতা জনৰ সান্নিধ্যত শৈশৱত কটোৱা মধুৰ স্মৃতি ৰোমন্থন কৰে আৰু তেখেতৰ কৰ্মময় জীৱনৰ বৰ্ণময় যাত্ৰাৰ বহু জানিব লগীয়া কথা ব্যক্ত কৰে আৰু ছাত্ৰ ছাত্ৰী সকলক বিদ্যালয়ৰ আলোচনী ‘নন্দনজ্যোতি’ত মহান ব্যক্তি জনাৰ বিয়য়ে অধ্যয়ন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।সভাত উপস্থিত অৱসৰপ্ৰাপ্ত শিক্ষক অজিত শৰ্মাই দুষাৰ কয় ।সভাত কেইবাজনো প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু অতিথি উপস্থিত আছিল। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে। বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী বন্দনা কোঁৱৰে শলাগৰ শৰাই আগবঢ়াই।