অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা  অনুষ্ঠানত  নিথিন জেৰিন জৰ্জ

অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা  অনুষ্ঠানত  নিথিন জেৰিন জৰ্জ

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী আজাৰাস্থিত অসম ডন বস্ক’বিশ্ববিদ্যালয় প্ৰযুক্তি বিদ্যাপীঠৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ  উদ্যোগত  ২৮ মাৰ্চত এখন  প্ৰাক্তন শিক্ষাৰ্থীৰ বক্তৃতা  অনুষ্ঠান সম্পন্ন হয়। যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ পৰামৰ্শদাতা  ড° বুলজিৎ বুঢ়াগোহাঁয়ে আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰাক্তন ছাত্র  নিথিন জেৰিন জৰ্জ । এই অনুষ্ঠানটোত যান্ত্রিক অভিযান্ত্রিক বিভাগৰ শিক্ষাৰ্থীৰ তথা  শিক্ষকসকলে  অংশগ্ৰহণ কৰে । ২০২০-২৪ বৰ্ষৰ প্ৰাক্তন ছাত্ৰ নিথিন জেৰিন জৰ্জে শৈক্ষিক জীৱনৰ পৰা পেছাদাৰী সেৱালৈ পৰিৱৰ্তন হোৱাৰ অভিজ্ঞতাসমূহ ভাগ বতৰা কৰে। তেওঁ  শিক্ষাৰ্থীসকলক  আৰম্ভণিৰ দৰমহাতকৈ দীৰ্ঘম্যাদী লক্ষ্যত গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয়, ” নৱাগত স্নাতক হিচাপে, শিক্ষাৰ্থীসকলে তাৎক্ষণিক আৰ্থিক লাভৰ সলনি দক্ষতা বিকাশ আৰু কেৰিয়াৰ বৃদ্ধিৰ অগ্ৰাধিকাৰ দিব লাগে।” তেওঁৰ এই প্ৰেৰণাদায়ক কথাই কৰ্মক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ সাজু হৈ থকা অভিযন্তা প্ৰাৰ্থীসকলক মূল্যৱান দিশনিৰ্দেশনা প্ৰদান কৰে। অনুষ্ঠানৰ শেষৰ ফালে জৰ্জে শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ  দিয়ে । এই তথ্যপুষ্ট আৰু অনুপ্ৰেৰণামূলক আলোচনাৰে পৰিপূৰ্ণ বক্তৃতা অনুষ্ঠানটোৰ সামৰণিত যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁয়ে কাৰ্যসূচীটোৰ সফলতাৰ বাবে  নিথিন জেৰিন জৰ্জলৈ কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায়।