অসম জাতীয় পৰিষদ এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে আৰম্ভ কৰা সংগ্ৰামৰ পৰা এচুলিমানো পিছুৱাই নাহে

অসম জাতীয় পৰিষদ এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে আৰম্ভ কৰা সংগ্ৰামৰ পৰা এচুলিমানো পিছুৱাই নাহে, অপ্ৰাসংগিক কথা-বতৰাৰে ইচ্ছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে
দিলৱাৰ হুছেইন মজুমদাৰক অনতিপলমে মুক্তিৰ দাবী জাতীয় পৰিষদৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সাংবাদিক তথা অধিবক্তা দিলোৱাৰ হুছেইন মজুমদাৰক জামিন পোৱাৰ পাছত আকৌ গ্ৰেপ্তাৰ কৰা ঘটনাক গৰিহণা দিছে অসম জাতীয় পৰিষদে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘সাংবাদিকগৰাকীক কাৰাৰুদ্ধ কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিকৃষ্ট ষড়যন্ত্ৰ ৰচনা কৰিছে৷ গণতান্ত্ৰিক বিধি-ব্যৱস্থাক ভূলুণ্ঠিত কৰি এনেদৰেই এতিয়া মইমতালিৰে চৰকাৰ চলাইছে মুখ্যমন্ত্ৰীয়ে৷ এয়া ভয়াৱহ ভৱিষ্যতৰ স্পষ্ট ইংগিত৷ অনতিবিলম্বে সাংবাদিকগৰাকীক মুকলি কৰি দিবলৈ আমি দাবী জনাইছোঁ।’অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে কৰা আন্দোলনৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ বেংকটোৰ পৰিচালন সঞ্চালকক প্ৰশ্ন কৰা বাবে কাৰাৰুদ্ধ কৰা হ’ল সাংবাদিকগৰাকীক৷ এপেক্স বেংকৰ কেলেংকাৰীৰ তদন্ত হ’বই লাগিব৷ ৰাইজৰ ধন লুটা দোষীয়ে শাস্তি পাবই লাগিব৷ এপেক্স বেংকৰ কেলেংকাৰীত বিজেপিৰ বিধায়কৰ নাম সাঙোৰ খাই পৰাৰ বাবে অপ্ৰাসংগিক কেতবোৰ কথা-বতৰাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মূল ইচ্ছ্যুটোক ডাইভাৰ্ট কৰিব খোজা কথাটো লজ্জাজনকভাৱে ধৰা পৰিছে৷ অসম জাতীয় পৰিষদ এপেক্স বেংকৰ দুৰ্নীতিবিৰোধী সংগ্ৰামৰ পৰা এচুলিমানো পিছুৱাই নাহে৷’ দলটোৰ নেতাদ্বয়ে লগতে কয়, ‘ৰাজপথৰ আন্দোলনক ভয় কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে আক্ৰোশমূলকভাৱে বন্দী কৰিবলৈ বিচাৰিছে সংবাদ স্বাধীনতাক৷ সংবিধানপ্ৰদত্ত বাক-স্বাধীনতাক ভৰিৰে মোহাৰি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ বিৰুদ্ধে স্বেচ্ছাচাৰী হৈ উঠিছে৷ এয়া কোনোকাৰণতেই গ্ৰহণীয় নহয়৷ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনৰ মুখ্যমন্ত্ৰী এগৰাকীৰ এইধৰণৰ আচৰণ খুবেই দুৰ্ভাগ্যজনক আৰু হতাশজনক৷’ গগৈয়ে লগতে কয়, ‘সাংবাদিক বুলিয়েই নহয়, যিকোনো নাগৰিকৰ বাবেই চৰকাৰখনৰ ফেচিষ্ট অনুশীলনবোৰ বিপজ্জনক৷ সামূহিক আৰু সৰ্বাত্মক প্ৰতিৰোধেৰে মুখ্যমন্ত্ৰীগৰাকীৰ ষড়যন্ত্ৰক আমি ভেটা দিব লাগিব৷ গণতন্ত্ৰৰ সংকট ৰোধ কৰিবলৈ আৰু সমুখৰ ভয়াৱহতাক উপলব্ধি কৰি চৰকাৰী ষড়যন্ত্ৰৰ শিকলি ছিঙিবলৈ সৰ্বস্তৰৰ নাগৰিকক আমি আহ্বান জনাইছোঁ৷’ প্ৰেছবাৰ্তাত দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘অহংকাৰী আৰু স্বেচ্ছাচাৰী শাসকৰ হাতত ভূ-লুণ্ঠিত গণতন্ত্ৰ। প্ৰাথমিক বিষয় আছিল এপেক্স বেংকৰ দুৰ্নীতি, এতিয়া হ’লগৈ দিলোৱাৰ হুছেইন মজুমদাৰ সাংবাদিক হয় নে নহয়, তেওঁৰ ডাম্পাৰ আছে নে ঘোঁৰা আছে সেই সমূহৰ তদন্ত। অতিকৈ দুৰ্ভাগ্যজনক ঘটনা। চৰকাৰৰ এই সিদ্ধান্তক আমি নিন্দা কৰিছোঁ।’