সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে ষড়যন্ত্রমূলকভাৱে গ্ৰেপ্তাৰ কৰি ভুৱা গোচৰ জাপি দিয়া ঘটনাৰ অসমীয়া যুৱ মঞ্চৰ তীব্র গৰিহণা

সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে ষড়যন্ত্রমূলকভাৱে গ্ৰেপ্তাৰ কৰি ভুৱা গোচৰ জাপি দিয়া ঘটনাৰ অসমীয়া যুৱ মঞ্চৰ তীব্র গৰিহণা

ৰঙিলী বাৰ্ত্তাসেৱা- গণতন্ত্ৰৰ চতুর্থ স্তম্ভ স্বৰূপ সংবাদ মাধ্যমৰ স্বাধীনতা ৰোধ কৰা বন্ধ কৰাৰ দৰে ঘটনা ঘটিছে। দুৰ্নীতি, কেলেংকাৰীৰ বিষয়ে প্ৰশ্ন কৰিলেই গ্ৰেপ্তাৰ কৰে, ভুৱা গোচৰ ৰুজু কৰে।সংবাদ মাধ্যমৰ আগত ভুৱা অপবাদ দিয়ে, অমুকক জাতত ধৰি গালি দিলে, ফাইল চুৰি কৰিলে আদি..এইয়াই গণতন্ত্ৰ নেকি৷-এই মন্তব্য অসমীয়া যুৱ মঞ্চ,কেন্দ্ৰীয় কমিটীৰ সভাপতি যাদৱ গগৈ আৰু সম্পাদক অনুপম শইকীয়াৰ৷আজি এক প্ৰেছ বিবৃতি যোগে তেওঁলোকে কয় যে-কিতাপতেই লিখা আছে অনুসন্ধিৎসু:,মানুহে কিবা এটা জানিব বিচাৰিবই,তেতিয়া প্ৰশ্ন কৰিবই, প্ৰশ্ন উত্তৰ দিবলৈ কিয় ইমান ভয় মুখ্যমন্ত্রীৰ৷আপুনিও ভয় কৰে নেকি প্ৰশ্নক?কিমান দিন প্ৰশ্ন সোধা বন্ধ কৰিব?এই প্ৰশ্নই ভুতে আপোনাক শান্তিত শুব নিদিব। যিসময় আহিছে মাত মাতিলেই ভুৱা গোচৰ দিয়াৰ ষড়যন্ত্ৰৰ প্ৰতিযোগিতাহে চলিছে যেন! আমিচোন নিজকে নিৰ্দোষী সজাবলৈ ইউটিবাৰৰ নিচিনা গাত কেমেৰা বান্ধি ফুৰিব লাগিব। এইবোৰ হিটলাৰি শাসন বন্ধ হ’ব লাগে। মন্ত্রীসভাৰ এজন প্ৰবল প্ৰতাপী মন্ত্রী পীযুষ হাজৰিকাই,যিজনে ফৰ্মেলিনযুক্ত মাছ বন্ধ কৰিবলৈ যুঁজ কৰিছিল, যিজনে তুলসী আৰু নজৰুলক ঠেং ভঙাৰ ভাবুকি দিছিল তেওঁ এতিয়া এজন সাংবাদিকৰ ব্যক্তিগত জীৱনক লৈ ফেচবুক পোষ্ট দি থকাতো সাহ্যকৰ বিষয়৷ এজন সাংবাদিকৰ ব্যৱসায়,ঘৰ আদিৰ বিষয়ে ফেচবুক সমালোচনা কৰিবলৈ সময় হ’ল, কিন্তু বিহুনাচৰ বিশ্ব ৰেকৰ্ডৰ নামত দুৰ্নীতি কৰা কি কি সিং,চুপাৰ চাকাৰ ক্ৰয় কৰাৰ নামত কেলেংকাৰী কৰা মন্ত্রী অশোক সিংহল বিৰুদ্ধে তদন্ত কৰিবলৈ সময় নহ’ল! আচলতে এই ক্ষেত্রত আপোনাৰ সাহসৰহে অভাৱ হোৱা যেন অনুভৱ হ’ল মুখ্যমন্ত্রী৷ সাংবাদিক দিলোৱাৰ হুছেইনে বেংকৰ ফাইল চুৰ কৰা, কৰ্মীক অপব্যৱহাৰ কৰাৰ অভিযোগ আনিছে, কিন্তু চিচিটিভি কেমেৰাই গিজগিজাই থকা বেংকৰ সেই ভিডিও ফুটেজ কিয় আজিলৈকে ৰাজহুৱা কৰিবলৈ সাহস নহ’ল৷এইয়া বিধানসভাত নোমল মমিনৰ হাতত বেণ্ডেজ লগোৱা ঘটনাৰ দৰে নাটক নেকি৷ ৰাইজৰ উন্নয়নৰ হকে চিন্তা কৰক, কাম কৰক, এইবোৰ লিখি থকাতো পোন্ধৰ শ টকীয়া কেইটাৰহে কাম।যদি আপোনাৰ সৎ সাহস আছে চুপাৰ চাকাৰ, বিশ্ব ৰেকৰ্ড বিহু নাচৰ নামত হোৱা কেলেংকাৰীৰ,প্ৰশ্ন কাকত ফাদিল, ১৭ বছৰত ১৮ টা কোম্পানীৰ মালিক, ভূমি কেলেংকাৰী আদিৰ বিষয়ে ফেচবুকত লিখক৷