গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ ‘কুন্তীদেৱী স্মাৰক বক্তৃতা’
‘আধ্যাত্মিকতা আৰু ধৰ্ম একে নহয়’ঃড° দীপাংক শইকীয়া
ৰঙিলী বাৰ্ত্তাসেৱা- ‘আধ্যাত্মিকতা আৰু ধৰ্ম একে নহয়,আধ্যাত্মিকতাৰ বাবে ধৰ্মৰ প্ৰয়োজন নহয়৷’-এই মন্তব্য অসম চৰকাৰৰ অৱসৰী শিক্ষা বিষয়া ড° দীপাংক শইকীয়াৰ৷২৩ মাৰ্চত গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ উদ্যোগত মহানগৰীৰ দাঁতালপাৰাস্হিত দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয় প্ৰাংগনত আয়োজিত ‘কুন্তীদেৱী স্মাৰক বক্তৃতা’ৰ ’আধ্যাত্মিকতাঃঅনুপম জীৱনৰ চাবিকাঠী’ বিষয়ত বক্তৃতা প্ৰদান কৰি এইদৰে মন্তব্য কৰে প্ৰাক্তন শিক্ষা বিষয়া ড° দীপাংক শইকীয়াই৷তেওঁ পুনৰ কয় যে ধৰ্মক আধ্যাত্মিকতাই হাইজেক কৰিছে৷মন শুদ্ধ কৰক,আত্মাৰ উৎকৰ্ষ সাধন কৰক৷জগতগুৰু শংকৰদেৱ এজন পূৰ্ণ মানৱ,দৈৱিক গুণ সম্পন্ন ব্যক্তি৷আধ্যাত্মিক গুণ সম্পন্ন এজন ব্যক্তি৷আজি সমাজৰ অধঃপতনৰ পৰা ৰক্ষা কৰিবলৈ আধ্যাত্মিকতা নিশ্চয় গুৰুত্ব আছে৷অনুপম জীৱনঃ যি জীৱনৰ তুলনা নাই৷’সমাজৰ সাংগঠনিক সম্পাদক গকুল বৰুৱাই আঁত ধৰা সভাত পৌৰোহিত্য কৰে সমাজৰ সভাপতি শিৱ প্ৰসাদ ভট্টাচাৰ্যই৷শিল্পী মৃণাল দাস আৰু কস্তুৰী কাশ্যপে পৰিচালনা কৰা আৰম্ভণী গীতেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা অনুষ্ঠানত আদৰণী ভাষণ দিয়ে জ্যেষ্ঠ সদস্য লংকেশ্বৰ ডেকাই৷’অন্তৰংগ আলাপ’ অনুষ্ঠানত সমাজৰ মুখ্য উপদেষ্টা,প্ৰাক্তন অধ্যাপক সুশীল চন্দ্ৰ বৰঠাকুৰ,জ্যেষ্ঠ সদস্য গকুল বৰুৱা,থানেশ্বৰ কলিতা,সঞ্জীৱ দেৱ চৌধুৰী,নৱ প্ৰসাদ শৰ্মাই যুক্তিপূৰ্ণ প্ৰশ্ন উথ্থাপন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে৷অনুষ্ঠানত কুন্তী দেৱী পৰিয়ালৰ ফালৰ পৰা ভতিজী ড° মনোৰমা শৰ্মাই কুন্তী দেৱীৰ গুণানুকীৰ্তন কৰে৷অনুষ্ঠানত কাব্যঞ্জলী বড়ো,মন্হন কলিতা, অভিপ্সা, ইশানী,দৃষ্টিয়ে গীত পৰিৱেশন কৰে৷জ্যেষ্ঠ সদস্য উমেশ ভাগৱতীৰ শলাগৰ শৰাইৰে অনুষ্ঠান সামৰণি মৰা হয়৷