মোৰ বাবে প্ৰেম কি…?
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
প্ৰেম এক সাধনা।
কৰিব পাৰিলে ভক্তি,
বুজিব পাৰিলে শক্তি,
ডুবিব পাৰিলে মুক্তি।
প্ৰেম পানীৰ দৰে…
যি সামান্যতম ছিদ্ৰৰ সহায়ত প্ৰৱেশ কৰি
সিক্ত কৰিব পাৰে।
প্ৰেম অবাঞ্ছিত গছৰ দৰে…
যিকোনো সময়ত, যিকোনো স্থানত
জন্ম ল’ব পাৰে।
প্ৰেম জোনবাইৰ দৰে…
যি পূৰ্ণ হওঁক বা অপূর্ণ হওঁক সবতেই সুন্দৰ।
প্ৰেম ঠিক জুইৰ উত্তাপৰ দৰে ;
যি আমাৰ মাজত উষ্ণতাৰ অনুভূতি বিয়পাই দিয়ে।
প্ৰেম মায়াৰ দৰে…,,
যি যিকোনো সময়ত আহ্বান কৰিব পাৰে।
প্ৰেম সাগৰৰ দৰে…
যাৰ বুকুৰ গভীৰতাত লুকাই থাকে অমূল্য ৰত্ন।
প্ৰেম এক নৈ…
যি নিৰন্তৰ বৈ থাকে।
প্ৰেম অমূল্য…
যাক কোনো মূল্যৰে কিনা নাযায়।
প্ৰেম শিশুৰ দৰে…
যাৰ মাজত কোনো ছলনা নাথাকে।
প্ৰেম এক প্ৰাৰ্থনা…
যাৰ মাজত কোনো সন্দেহ নাথাকে।
প্ৰেম বন্ধন…
কিন্তু ইয়াত কোনো শিকলি নাথাকে।
প্ৰেম সীমাৰ ভিতৰতে থাকিও অসীম।
প্ৰেম মাটিৰ দৰে…
যাৰ ওপৰত সমগ্ৰ পৃথিৱী গঢ়ি উঠে।
প্ৰেম আকাশৰ দৰে…
যাৰ বিস্তাৰ অনন্ত।
প্ৰেম মাত্ৰ হৈ যায়, অপৰিকল্পিত ভাৱে।