ভাগ্যৰ পৰিণাম
ইমৰান আনছাৰি , দৰং
ধনশিৰিৰ পাৰে পাৰে
সৌ সিদিনা গৈ থাকোঁতে
মালিনী মোৰ চকুত পৰে।
সিটো পাৰত মালিনী
ইটো পাৰত মই ,
মালিনীক পায়ো, নোপোৱাৰ বেদনাত
বুকুত জলিছে হেৰুওৱাৰ জুই।
সৌ সিদিনা গৈ থাকোঁতে
মালিনী মোৰ চকুত পৰে।
সিটো পাৰত মালিনী
ইটো পাৰত মই ,
মালিনীক পায়ো, নোপোৱাৰ বেদনাত
বুকুত জলিছে হেৰুওৱাৰ জুই।
এজাক ধুমুহাই সকলো কাঢ়িলে
কোনোবাই মালিনীৰ হৃদয় জিনিলে
ইমান মৰমতো মৰমৰ অভাৱত
ভাগ্যই যেন মালিনীক হেৰালে ।
এয়াই হৈছে ধৰণীৰ ধৰম
মিছা মায়াৰ মৰম।
এজনে হয়তো কষ্ট লুকোৱাৰ অভিনয় কৰিব
আনজনে হয়তো পগলা বুলি
তাক ঠাট্টা কৰিব।
এয়া মালিনীৰ দোষ নহয় ;
দোষ নিদিওঁ মালিনীক কাঢ়োতাৰ
এয়া দোষ কেৱল ভাগ্যৰ
আৰু ভাগ্য লিখোঁতাৰ ।