সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন নাকচ আদালতৰ

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন নাকচ আদালতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  সাংবাদিক  দিলোৱাৰ হুছেইন মজুমদাৰৰ জামিন আবেদন নাকচ কৰিলে আদালতে।  মঙলবাৰে নিশা পানবজাৰ আৰক্ষীয়ে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছত বুধবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল। কিন্তু CJM আদালতে জামিন নাকচ কৰে সাংবাদিকগৰাকীৰ। দিলোৱাৰ হুছেইনৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰি ৰাখিছে আৰক্ষীয়ে।১১০/২৫ আৰু ১১১/২৫ নম্বৰত গোচৰ ৰুজু হৈছে দিলোৱাৰ হুছেইন মজুমদাৰৰ বিৰুদ্ধে। আদালতত ৩ দিনৰ জিম্মাত বিচাৰিছে পাণবজাৰ আৰক্ষীয়ে।উল্লেখ্য যে, এপেক্স বেংকৰ কেলেংকাৰী সন্দৰ্ভত প্ৰশ্ন কৰি থকাৰ সময়তে হুছেইনক আটক কৰে আৰক্ষীয়ে। আটকৰ পাছত বহু সময় পৰ্যন্ত কোনো গোচৰ ৰুজু কৰা নাছিল যদিও পৰৱৰ্তী সময়ত হুচেইনৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰে। সাংবাদিক গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতে সৰ্বত্ৰে ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।