আধুনিকতাৰ পৰশ আৰু সম্পৰ্ক
মিতালি বৰঠাকুৰ, গুৱাহাটী
”সম্পৰ্ক ” এটা মিঠা শব্দৰ সমষ্টি। জন্ম হৈ মাতৃৰ কোলাৰ পৰাই আমি এটা সম্পৰ্ক আদৰি লওঁ। চকু মেলি আমি সুন্দৰ পৃথিৱীখনৰ সম্পৰ্ক লাভ কৰো। লাহে লাহে এই সম্পৰ্ক দেউতা , বৰ দেউতা ,আইতা ,ককা বাই- ভনী , খুৰা -খুৰি আদিলৈ এনেদৰে বিস্তাৰ হৈ গৈ থাকে। য’ত আমি আত্মীক সুখ অনুভৱ কৰো। সম্পৰ্ক বোৰ আচলতে হৃদয়েৰেহে অনুভৱ কৰিব পাৰি ইয়াৰ কোনো মূল্যাংকন কৰিব নোৱাৰি। বিশ্বাস আৰু মৰমেৰেহে সম্পৰ্ক বোৰ উজ্জীৱিত কৰি ৰাখিব পাৰি।
আপোন মানুহৰ লগত আন্তৰিকতা , শ্ৰদ্ধা আৰু বিশ্বাস অটুট ৰাখি এজনে আনজনৰ লগত বাৰ্তালাপ কৰি এটা সম্পৰ্ক জীয়াই ৰাখিব পাৰি।
আধুনিকতাৰ জখলাত বগাই আজিৰ প্ৰজন্মই পাহৰি গৈছে সম্পৰ্কৰ এনাজৰী ডালৰ মিঠা অনুভূতি। সম্পৰ্ক বোৰ সীমাবদ্ধ হৈ পৰিছে ইন্টাৰনেট , মোবাইল ফেছ বুক আদিৰ দৰে আধুনিক পৰিসৰৰ মাজত। আধুনিকতাৰ পৰশত আজি যেন সম্পৰ্ক বোৰ লাহে লাহে হেৰাই যাব ধৰিছে। মানুহৰ জীৱন বিলাক বৰ্তমান ব্যস্ততাৰ কৰাল গ্ৰাসত সোমাই পৰিছে , যাৰ বাবে এজনে আনজনৰ খা- খবৰ লবলৈ অলপো ইচ্ছা প্ৰকাশ নকৰে। জীৱন হৈ পৰিছে কৰ্মব্যস্ততাৰ মাজত নিজকে ডুবাই ৰখাৰ দৰে। সকলো আত্মকেন্দ্ৰিক হৈ পৰিছে আধুনিকতাৰ নামত। নিজৰ ঘৰ খনৰ প্ৰতিজন সদস্যৰ লগতে যেন অন্তৰংগ আলাপ কৰিবলৈ কাৰো সময় নাই। কৰ্ম সূত্ৰে নিজৰ আপোন ঘৰ খনৰ পৰা আঁতৰি থাকি এটা সময়ত বিছিন্ন হৈ পৰে পৰিয়ালৰ পৰা । এনেকুৱা এটা সময় আহি পৰে বিপদত নিজৰ আত্মীয় জনৰ পৰা এশাৰ মাত নোপোৱাকৈয়ে আপোনজনে অন্তিম সময়ত চকু মুদিব লগা হয়।
মানুহ সংবেদনশীল , মানুহে জীয়াই থাকিবলৈ সদায় মৰমৰ এশাৰী মাত , অন্তৰিকতা আৰু বিশ্বাস বিচাৰে। কৃত্ৰিমতাই কেতিয়াও মানুহক সঁচা মৰম দিব নোৱাৰে। বৰ্তমান যেন এই কৃত্ৰিমতাৰ আলম লৈ মানুহে এজনে আন জনক মোহাচন্ন কৰি ৰাখিছে। কিন্তু কৃত্ৰিমতাই কেতিয়াও এটা সম্পৰ্ক জীয়াই ৰাখিব নোৱাৰে। সম্পৰ্ক এটাক সদায় আমি সন্মান কৰিব লাগে। বৰ্তমান সময়ত এজনে আন জনৰ দুখৰ সমভাগি হোৱা , বিপদ কালত অকলে এৰি নিদি একেলগে বৈতৰণী পাৰ হোৱা , জীৱনৰ সুখ- দুখৰ সময়ত উৎসাহ যুগুৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। ব্যস্ততাৰ মাজত হেৰাই গ’লেও যাতে সম্পৰ্ক বোৰ জীয়াই ৰাখিব পাৰি তাৰ বাবে প্ৰতিজন ব্যক্তিয়েই চিন্তা কৰিব লাগে। কিয়নো সম্পৰ্ক বোৰ তেনেই ঠুনুকা , কাচৰ দৰে সহজে ভাগি পৰা , বতাহত কৈয়ো পাতল কিন্তু এই সম্পৰ্কই আপোনাক , মোক জীয়াই থাকিবলৈ দিব পাৰে এক আত্মীক শক্তি যিয়ে এমুঠি জোনাক সিঁচিব পাৰে আমাৰ জীৱন বাটত।
প্ৰত্যেক জীৱৰে মৃত্যু অনিবাৰ্য। গতিকে আধুনিক যুগত ব্যস্ততাৰ মাজত জীয়াই থাকিলেও আমি সদায় দায়বদ্ধশীল হোৱা উচিত যাতে আমাৰ সম্পৰ্ক বোৰ সদায় মজবুত হৈ জীয়াই থাকে। কাৰণ সকলো মানুহৰে মন , মগজু আৰু আবেগ – বিবেক আছে। আমি সংবেদনশীল , সেয়ে সঁচা মৰম আৰু বিশ্বাসৰ অন্তঃ কৰণেৰে আমি আমাৰ সম্পৰ্ক বোৰ যুগমীয়া কৰি ৰাখিব লাগে। আধুনিকতাৰ কবলত যেন সম্পৰ্ক বোৰ নিঃশেষ হৈ নাযায় তাৰ বাবে আমি সদায় সচেতন হ’ব লাগে।