বিশ্বনাথ ঘাট: অসমৰ গুপ্ত কাশীৰ এক মনোমোহক বৰ্ণনা
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
বিশ্বনাথ ঘাট, অসমৰ এক অপূৰ্ব সৌন্দৰ্য্যমণ্ডিত স্থান। ই বিশ্বনাথ চাৰিআলিৰ, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। এই ঠাইৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু ঐতিহাসিক গুৰুত্ব দুয়োটা সমানভাৱে উল্লেখযোগ্য। ব্ৰহ্মপুত্ৰৰ পাৰত বিস্তাৰিত এই অঞ্চলটো প্ৰকৃতিৰ স্নিগ্ধ সৌন্দৰ্য্য, গধূলিৰ ৰঙা আভাৰ সূৰ্যাস্তৰ মনোমোহক দৃশ্য আৰু শান্ত পৰিবেশৰ বাবে পৰ্যটকসকলৰ বাবে এক আদৰ্শস্থান।
বিশ্বনাথ ঘাটক বহুতে “গুপ্ত কাশী” বুলিও কয়, কিয়নো ইয়াত বহুকেইটা প্ৰাচীন শিৱ মন্দিৰৰ অৱশেষ পোৱা যায়। বিশেষকৈ বিশ্বনাথ মন্দিৰ, যি মহাদেৱৰ উপাসনাৰ সৈতে জড়িত, ইয়াক এক আস্থাৰ কেন্দ্র হিচাপে গণ্য কৰা হয়। নদীৰ পাৰত থকা এই মন্দিৰবিলাক আৰু ইয়াৰ আশে পাশে থকা মনোমোহা পৰিৱেশে এক আধ্যাত্মিক অনুভূতিৰ অনুভৱ কৰোৱায়।
এই অঞ্চলটো প্ৰকৃতিৰ অপূৰ্ব কৃপাত ভৰা। ব্ৰহ্মপুত্ৰৰ গভীৰ নীল জলধাৰা, কাষৰ বালিৰ সৰু-সৰু দ্বীপ, প্ৰকাণ্ড শিলবোৰ আৰু শীতৰ দিনত আহি থকা নানান জাতিৰ চৰাইৰ মেলাই ইয়াৰ সৌন্দৰ্য্য বহু গুণ বঢ়াই তোলে। বেলি পৰাৰ সময়ত নদীৰ পানীত পৰি থকা সূৰ্যৰ ৰঙীন আভাটোৱে আশ্চৰ্যজনক দৃশ্য সৃষ্টি কৰে। স্থানীয়সকলে নাওঁৰ সহায়ত নদীৰ বুকুত ভ্ৰমণ কৰে, যিয়ে বিশ্বনাথ ঘাটৰ সৌন্দৰ্য্য উপভোগ কৰাৰ এক অপূৰ্ব সুযোগ দিয়ে।
ডিচেম্বৰ – জানুৱাৰী মাহত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ আগমণ ঘটে । বালিৰ বুকুত পিকনিক খায়। হাঁহি -আনন্দৰে ব্ৰহ্মপুত্ৰৰ বুকুৰ পানীৰ ঢেওক নচুৱাই যায়। বাৰিষা নদীৰ পানী বাঢ়ি আহিলে প্ৰায়বোৰ শিল ডুবি যায়, কিন্তু কিছুমান শিল আছে কেতিয়াও ডুব নাযায়।
স্থানীয় সংস্কৃতি আৰু পৰম্পৰা ইয়াৰ অন্যতম বৈশিষ্ট্য। এই ঠাইৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্য বহু প্ৰাচীন। ইয়াত হোৱা লোকউৎসৱ, পুৱা-গধূলি মন্দিৰত হোৱা শঙ্খ আৰু ঘণ্টাধ্বনি, আৰু স্থানীয় খাদ্য সংস্কৃতিয়ে পৰ্যটকসকলক আকৰ্ষিত কৰে। বহুতে এই স্থানত আহি মানসিক শান্তি অনুভৱ কৰে আৰু ব্ৰহ্মপুত্ৰৰ পাৰতে অলপ সময় কটাই নিজকে নতুনকৈ অনুভৱ কৰে।
বিশ্বনাথ ঘাট কেৱল এখন পৰ্যটন স্থান নহয়, ই এক অনুভৱ, এটি আৱেগ, বিশ্বনাথ বাসীৰ বাবে গৌৰৱৰ সম্পদ। সৌন্দৰ্য্য, পবিত্ৰতা আৰু প্ৰাকৃতিক শোভাই ইয়াক অসমৰ অন্যতম আকৰ্ষণীয় গন্তব্যস্থল হিচাপে গঢ়ি তুলিছে।
বিশ্বনাথ ঘাটৰ সন্মুখতে ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজত অৱস্থিত উমাতুমনি দ্বীপ এটি অপূৰ্ব সৌন্দৰ্য্যপূৰ্ণ স্থান। বিশ্বাস অনুসৰি, এসময়ত ইয়াত বহুতো শিৱ মন্দিৰ আৰু ধৰ্মীয় প্ৰতিষ্ঠান আছিল। বৰ্তমান এই দ্বীপখনত সেই প্ৰাচীন মন্দিৰবোৰৰ অৱশেষ পোৱা যায়, যি ইয়াৰ ঐতিহাসিক গুৰুত্ব প্ৰমাণ কৰে। মন্দিৰবোৰৰ শিলৰ ভগ্নাৱশেষ আৰু বিভিন্ন শিৱলিঙ্গ এতিয়াও ইয়াৰ প্ৰত্নতাত্ত্বিক মূল্যবান নিদৰ্শন হিচাপে ঠিয় হৈ আছে।
এই দ্বীপখন প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা। নদীৰ মাজত অৱস্থিত হোৱাত ই একান্তই শান্ত আৰু প্ৰশান্তিপূৰ্ণ স্থান। দ্বীপখনত শীতৰ দিনত বিভিন্ন শীতকালীন পৰিভ্ৰমণকাৰী চৰাই আহে, যিয়ে ইয়াৰ পৰিবেশলৈ এক সজীৱতা যোগায়।
উমাতুমনি দ্বীপলৈ বিশ্বনাথ ঘাটৰ পৰা নাওঁযোগে যোৱা যায়। এই নাওঁভ্ৰমণ নিজেই এক অভূতপূৰ্ব অভিজ্ঞতা, কিয়নো নদীৰ বুকুৰে গৈ এই দ্বীপখনৰ সান্নিধ্য পাব পাৰি। প্ৰকৃতিৰ কোলাত অৱস্থিত এই দ্বীপত সময় কটোৱাটো এক অনন্য অনুভৱ, যি যিকোনো পৰ্যটক বা ধৰ্মপ্ৰাণ ব্যক্তিক আত্মিক শান্তি দিয়ে। বিশ্বনাথ ঘাট, উমাতুমনি দ্বীপ আৰু ইয়াৰ সৈতে জড়িত প্ৰাচীন কাহিনীবোৰ মিলি এক অপূৰ্ব ঐতিহ্য গঠন কৰিছে। ই কেৱল পৰ্যটনৰ বাবে নহয়, বৰঞ্চ অসমীয়াৰ ধৰ্মীয় আৰু সাংস্কৃতিক ইতিহাসৰ এক মূল্যবান অংশ।