প্ৰাক্তন সভাপতি মিত্ৰদেৱ মহন্তক স্মৰণ অসম সাহিত্য সভাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ, অভিনেতা তথা অসম সাহিত্য সভাৰ ১৯৬৪ চনৰ ডিগবৈ অধিৱেশনৰ সভাপতি মিত্ৰদেৱ মহন্তৰ মৃত্যু দিৱসটি আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হয় । অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে প্ৰাক্তন সভাপতিগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত পুষ্পাৰ্ঘ অৰ্পণ কৰি কয় যে মিত্ৰদেৱ মহন্তদেৱে কেইবাখনো গ্ৰন্থ, শিশু সাহিত্য পুথি আৰু নাট ৰচনাৰে অসমীয়া ভাষা-সাহিত্যৰ ভৰাল চহকী কৰ থৈ গৈছে। তেওঁ লগতে কয় যে অভিনয়ৰ বাবে সংগীত নাটক একাডেমি বঁটা লাভ কৰা এইগৰাকী সাহিত্যিকে দুবাৰকৈ অসম সাহিত্য সভাৰ উপসভাপতি আৰু চাৰি বছৰকাল অসম সাহিত্য সভাৰ সহকাৰী সম্পাদকৰ পদত অধিষ্ঠিত হৈ সভালৈ সেৱা আগবঢ়ায় গৈছে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকা, যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়া, সচিব অশোক সেনাপতি, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য শংকুসিদ্ধ নাথ, সাহিত্য সংগঠক বিদ্যুৎ ভূষণ বৰা, নৰেন চন্দ্ৰ বৰা, সভাৰ কৰ্মচাৰীসকল প্ৰমুখ্যে বহু সংখ্যক সাহিত্যপ্ৰেমীয়ে চিৰ চেনেহী মোৰ ভাষা জননী গীতৰ ৰচক গৰাকীক সশ্ৰদ্ধ স্মৰণ কৰে বুলি এক সংবাদ বিবৃতিৰ যোগেদি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়ে।।