গুজৰাট টাইটানছৰ বিৰুদ্ধে ১১ ৰানত জয়লাভ পঞ্জাৱ কিংছৰ

গুজৰাট টাইটানছৰ বিৰুদ্ধে ১১ ৰানত জয়লাভ পঞ্জাৱ কিংছৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  চলিত আইপিএল ২০২৫ত জয়েৰে অভিযান আৰম্ভ কৰিলে পঞ্জাৱ কিংছে । আহমেদাবাদত অনুষ্ঠিত ৰোমাঞ্চকৰ মেচখনত পঞ্জাৱে গুজৰাট টাইটানছক ১১ ৰানত পৰাস্ত কৰে। মেচখনত পঞ্জাৱে জয়ৰ বাবে বান্ধি দিয়া ২৪৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ ছাই সুদৰ্শনৰ চমকপ্রদ ৭৪, জ’ছ বাটলাৰৰ ৫৪, শ্বেৰফান ৰাডাৰফ’ডৰ দুৰ্দান্ত ৪৬ আৰু অধিনায়ক শুভমন গিলৰ ৩৩ ৰানৰ সহায়ত গুজৰাট টাইটানছে নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২৩২ ৰান কৰিবলৈ সক্ষম হয়। পঞ্জাব কিংছৰ হৈ অর্শদীপ সিঙে সর্বাধিক ২টা উইকেট লাভ কৰাৰ লগতে মার্কো জানছেন আৰু গ্লেন মেক্সৱেল উভয়ে এটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও অধিনায়ক শ্রেয়াছ আয়াৰৰ দুৰ্দান্ত অপৰাজিত ৯৭ আৰু শশাংক সিঙৰ বিস্ফোৰক অপৰাজিত ৪৪ ৰানৰ সহায়ত পঞ্জাৱ কিংছে নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২৪৩ ৰান কৰে। দলীয় স্ক’ৰ ২৮ ৰানতে অ’পেনাৰ প্ৰভছিমৰন সিঙক হেৰুৱায়। অৱশ্যে আনগৰাকী অ’পেনাৰ প্ৰিয়াংশ আৰ্যই শ্রেয়াছৰ সৈতে লগ লাগি দ্বিতীয় উইকেটত ৬১ ৰান সংগ্ৰহ কৰি দলৰ বিপৰ্যয় ৰোধ কৰে। প্রিয়াংশে ৪৭ ৰান কৰি বিদায় লয় যদিও শ্রেয়াছে ৪২টা বলত ৫টা চাৰি আৰু ৯টা ছয়েৰে ৯৭ ৰান কৰি অপৰাজিত হৈ থাকে। ইফালে, শশাংকই ১৬টা বলত ৬টা চাৰি আৰু ২টা ছয়েৰে ৪৪ ৰান কৰি অপৰাজিত হৈ থাকে। শ্রেয়াছ আৰু শশাংকই ষষ্ঠ উইকেটত অপৰাজিত ৮১ ৰান সংগ্ৰহ কৰে। মেক্সৱেলে কোনো ৰান নকৰাকৈ বিদায় লয়। গুজৰাটৰ হৈ ছাই কিশোৰে সর্বাধিক ৩টা উইকেট লাভকৰে।