ন-জোনৰ ওপৰত ভিত্তি কৰিহে ডিব্ৰুগড় ঈদগাহত ৩১ মাৰ্চত ঈদ উল ফিতৰৰ নামাজ 

ন-জোনৰ ওপৰত ভিত্তি কৰিহে ডিব্ৰুগড় ঈদগাহত ৩১ মাৰ্চত ঈদ উল ফিতৰৰ নামাজ 
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ইছলাম ধৰ্মী লোক সকলে এমাহ ৰোজাব্রত পালন কৰাৰ পিচত এইবাৰো ন জোনৰ ওপৰত ভিত্তি কৰিয়েই ঈদ উৎসৱ পালন কৰিব। ডিব্ৰুগড়ত থকা ৩০ টা মছজিদৰ উপৰিও গ্ৰাহাম বজাৰত থকা ডিব্ৰুগড় কেন্দ্ৰীয় ঈদগাহ আৰু আমোলাপট্টিত থকা আলহজ্ব জালাল উদ্দিন আহমদ ঈদগাহত ঈদৰ নামাজ অনুষ্ঠিত হব।সেয়েহে আৰবী ছাৱাল মাহৰ এক তাৰিখ অৰ্থাৎ ইংৰাজী ৩১ মাৰ্চত ন- জোন দেখাৰ ওপৰত ভিত্তি কৰিহে ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰত থকা “ডিব্ৰুগড় কেন্দ্ৰীয় ঈদগাহ”ত ঈদৰ নামাজ অনুষ্ঠিত হ’ব। পুৱা ৯-০০(ন) বজাত অনুষ্ঠিত হ’বলগীয়া এই নামাজত ইমামতি কৰিব ডিব্ৰুগড়ৰ পল্টন বজাৰ মছজিদৰ পেচ ইমাম হাফিজ কাৰী মৌলানা মহম্মদ তনৱীৰ চাকৱী আশ্ৰফীয়ে।  ঈদগাহলৈ  আহোঁতে  নিজ নিজ জায়নামাজ বা নামাজ পঢ়াৰ কাপোৰ আনিবলৈ অনুৰোধ জনাইছে ডিব্ৰুগড় কেন্দ্ৰীয় ঈদগাহ কমিটিৰ সভাপতি আলহজ্ব আমানুল্লা আনচাৰি আৰু সম্পাদক আলহজ্ব চৌকত আলিয়ে।