বিধানসভাৰ উপাধ্যক্ষক আক্রমণ কংগ্ৰেছ বিধায়কৰ

বিধানসভাৰ উপাধ্যক্ষক আক্রমণ কংগ্ৰেছ বিধায়কৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম বিধানসভাত সংঘটিত হ’ল এক নজিৰবিহীন ঘটনা। বিধানসভা চৌহদত কংগ্ৰেছ বিধায়কৰ হাতত প্রহৃত হ’ল বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন। যোৱা ২১ মার্চত বিধানসভাত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী বিধায়কলৈ চোঁচা লোৱা ঘটনাৰ আলম লৈ সদন আৰম্ভ হোৱাৰ প্ৰাকক্ষণত কংগ্ৰেছৰ সদস্যসকলে ক’লা পোছাক পৰিধান কৰি বিধানসভাৰ উপাধ্যক্ষৰ চেম্বাৰৰ সন্মুখত হাতে হাতে প্লে-কার্ড লৈ অৱস্থান কৰে। মূলতঃ সেইদিনা বিধানসভাৰ উপাধ্যক্ষই বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ব্যবস্থা নোলোৱাৰ প্ৰতিবাদতেই কংগ্ৰেছৰ সদস্যসকলে এই প্রতিবাদী কাৰ্যসূচী পালন কৰে। সদনৰ প্রশ্নোত্তৰকাল আৰম্ভ হোৱাৰ লগে লগে উপাধ্যক্ষ ডাঃ নোমল মমিন চেম্বাৰৰ পৰা সদনৰ মজিয়ালৈ আহিবলৈ উদ্যত হয়। সেই সময়তে কংগ্রেছ বিধায়ক নুৰুল হুদাই উপাধ্যক্ষ ডাঃ মমিনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছৰ এই আক্ৰমণত উপাধ্যক্ষ ডাঃ মমিনে বাঁও হাতত আঘাত পায়। লগে লগে তেওঁ বিধানসভাত থকা চিকিৎসকৰ কাষ চাপে আৰু চিকিৎসাধীন হয়। এই ঘটনা সংঘটিত হোৱাৰ পাছতেই সদনৰ প্রশ্নোত্তৰকালৰ মাজতেই বিধায়ক মৃণাল শইকীয়াই বিষয়টো অধ্যক্ষৰ দৃষ্টিগোচৰ কৰে। বিৰোধী দলপতি দেবব্রত শইকীয়াই বিধানসভাৰ চিচি টিভিৰ ফুটেজ চাই তদন্ত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে সদন কমিটী গঠন কৰাৰ দাবী জনায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিষয়টো সন্দর্ভত বিধানসভাৰ অধ্যক্ষক উদ্দেশ্যি ঘটনা সম্পর্কত আৰক্ষীক গোচৰ দিবলৈ পৰামৰ্শ দিয়ে। ঘটনাটো যিহেতু সদনৰ বাহিৰত হৈছে সেয়ে ইয়াৰ বাবে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু হ’ব। মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিৰোধীয়ে জনজাতি, চাহ জনজাতিৰ লোকক টার্গেট কৰাৰ ব্যৱস্থা এটা কৰিছে। কংগ্ৰেছ বিধায়ক নুৰুল হুদাই বিধানসভাৰ উপাধ্যক্ষক আক্রমণ কৰিছে। বিধায়ক নুৰুল হুদাক গ্ৰেপ্তাৰ কৰাৰ লগতে সদনৰ পৰা বহিষ্কাৰ কৰিবলৈ মুখ্যমন্ত্রী ড° শৰ্মাই বিধানসভাৰ অধ্যক্ষক আহ্বান জনায়। লগে লগে বিধায়ক নুৰুল হুদাই তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ অস্বীকাৰ কৰি ঘটনাৰ তদন্ত কৰিবলৈ সদন কমিটী গঠনৰ দাবী জনায়। এই ঘটনাক লৈ সদনত তীব্র হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। এটা সময়ত অধ্যক্ষই ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখে। ১০ মিনিট পাছত পুনৰ সদন আৰম্ভ হোৱাৰ লগে লগে মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিৰোধীয়ে এই ঘটনাক লৈ সদন কমিটী গঠনৰ কথা কৈছে। সদন কমিটী গঠন কৰিলে চৰকাৰৰ কোনো আপত্তি নাই। কিন্তু বিষয়টো যিহেতু বিধানসভা চৌহদৰ ভিতৰত হৈছে, সেয়ে বিধানসভাৰ অধ্যক্ষই আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিব লাগে। উপাধ্যক্ষ ডাঃ নোমল মমিনেও নিজাববীয়াকৈ গোচৰ দিব। ইয়াৰ মাজতে উপাধ্যক্ষ ডাঃ মমিন সদনত উপস্থিত হয় আৰু ঘটনাৰ বিৱৰণী দাঙি ধৰে। সকলোৰে ভাষ্য শুনাৰ পাছত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এই ঘটনাক দুর্ভাগ্যজনক আখ্যা দি সদনৰ প্ৰতিগৰাকী সদস্যকে সচেতন হ’বলৈ আহ্বান জনায়। নহ’লে বিধায়কসকলক কোনেও মর্যাদা নিদিব। তেওঁ বিধানসভাৰ চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰিবলৈ ইতিমধ্যে বিধানসভা কর্তৃপক্ষক নির্দেশ দিয়াৰ কথা উল্লেখ কৰি কয় যে চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰাকে ধৰি সকলো দিশ চাই পৰৱৰ্তী পর্যায়ত এই সম্পর্কত ৰায় দিব। ইপিনে, অসম বিধানসভাৰ এই দিনটো ইতিহাসত এক ক’লা অধ্যায় হিচাপে চিহ্নিত হৈ ৰ’ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই মন্তব্য কৰিছে । এক বিবৃতিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে বিধানসভাৰ উপাধ্যক্ষ খিলঞ্জীয়া লোকৰ প্রতিনিধি ডাঃ নোমল মমিনক কংগ্ৰেছৰ পূর্ববংগীয় লোকৰ প্ৰতিনিধি নুৰুল হুদাৰ দ্বাৰা কৰা আক্ৰমণ,আনহাতে পূর্ববংগীয় লোকক প্ৰতিনিধিত্ব কৰা এআইইউডিএফৰ বিধায়কসকলে সদনলৈ বাঁহৰ জেওৰা লৈ সমদল কৰিলে। দুয়োটা ঘটনা যথেষ্ট উদ্বেগৰ বিষয়। বিধানসভাত পূর্ববংগীয় মূলৰ কংগ্ৰেছ আৰু এআইইউডিএফৰ বিধায়কসকলে প্রদর্শন কৰা এনে আচৰণে ভবিষ্যতৰ অসমখনলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে। কোনো কালে পূর্ববংগীয় লোকৰ এই আগ্রাসী মনোভাবক মানি লোৱা নহ’ব। এটা বিশেষ সম্প্রদায়ক প্রতিনিধিত্ব কৰা তথা অসমৰ সামাজিক বাতাৱৰণৰ সৈতে মিলিব নোৱাৰা কংগ্ৰেছৰ বিধায়কে আজি এজন খিলঞ্জীয়া জনজাতীয় ভূমিপুত্রৰ প্রতিনিধিক আক্ৰমণ কৰিবলৈ সাহস কৰাটোৱেই জাতিটোলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে। এই আক্ৰমণৰ ঘটনাৰ উচিত তদন্ত বিচৰাৰ লগতে কংগ্ৰেছৰ আক্ৰমণকাৰী বিধায়ক নুৰুল হুদাক শীঘ্রে গ্রেপ্তাৰ কৰাৰো দাবী জনায়। সেইদৰে এআইইউডিএফন বিধায়কসকলে সদনত এক অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈও বিধানসভাৰ অধ্যক্ষক ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আহ্বান জনায়।