লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ জয়লাভ
ৰঙিলী বাৰ্ত্তাসেৱা- চলিত আইপিএলৰ বিশাখাপট্টনমত অনুষ্ঠিত চতুৰ্থ মেচখনত দিল্লী কেপিটেলছে শ্বাসৰুদ্ধকৰ বিজয় সাব্যস্ত কৰিছে। মেচখনত দিল্লী কেপিটেলছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ১ উইকেটত পৰাস্ত কৰে। মেচখনত লক্ষ্ণৌই জয়ৰ বাবে বান্ধি দিয়া ২১০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও আশুতোষ শৰ্মাৰ বিস্ফোৰক অপৰাজিত অর্ধশতক আৰু ভিপ্ৰাজ নিগমৰ সময়োপযোগী ৩৯ ৰানৰ সহায়ত দিল্লী ১৯.৩ অভাৰত ৯টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। আশুতোষ ৩১টা বলত ৫টা চাৰি আৰু ৫টা ছয়েৰে ৬৬ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে নিগমে ১৫টা বলত ৩৯ ৰানৰ অৱদান আগবঢ়ায়। ত্রিষ্টান ষ্টাবছে ৩৪, অধিনায়ক অক্ষৰ পেটেলে ২২ আৰু ফাফ ডু প্লেছিছে ২৯ ৰানৰ অৱদান আগবঢ়ায়। দিল্লীয়ে ৬৫ ৰানতে ৫টা উইকেট হেৰুৱাই বিপদত পৰিছিল। লক্ষ্ণৌৰ হৈ শাৰ্দুল ঠাকুৰ, এম সিদ্ধাৰ্থ, দিগবেশ সিং আৰু ৰবি বিষ্ণয়ে দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও মিচেল মার্শ্ব আৰু নিক’লাছ পুৰানৰ বিস্ফোৰক অর্ধশতকৰ সহায়ত লক্ষ্ণৌ ছুপাৰ – জায়েল্টেছে নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেট – হেৰুৱাই ২০৯ ৰান সংগ্ৰহ কৰে। ইনিংছৰ আৰম্ভণি সুখকৰ নাছিল লক্ষ্ণৌৰ। দলীয় স্ক’ৰ ৪৬ ৰানত এইডেন মাৰ্কৰামে ১৫ ৰান কৰি পেভিলিয়নমুখী হয়। অৱশ্যে মিচেল মার্শ্ব আৰু নিক’লাছ পুৰানে মাৰমুখী বেটিঙেৰে দ্বিতীয় উইকেটত ৮৭ ৰান সংগ্ৰহ কৰি দলৰ বিপৰ্যয় ৰোধ কৰে। মিচেলে ৩৬টা বলত ৬টা চাৰি আৰু সমসংখ্যক ছয়েৰে ৭২ ৰান কৰি বিদায় লয়। ইফালে, নিক’লাছে ৩০টা বলত ৬টা চাৰি আৰু ৭টা ছয়েৰে ৭৫ ৰানৰ অৰিহণা আগবঢ়ায়। লক্ষ্ণৌৰ অধিনায়কৰ দায়িত্ব গ্রহণ কৰা ঋষভ পন্ট সম্পূর্ণ ব্যর্থ হয়। পন্টে কোনো ৰান নকৰাকৈ বিদায় লয়। ডেভিদ মিলাৰে ২৭ ৰান কৰি অপৰাজিত হৈ থাকে। দিল্লী কেপিটেলছৰ হৈ মিচেল ষ্টাকে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে কুলদীপ যাদৱে দুটা, ভিপ্রাজ নিগম আৰু মুকেশ কুমাৰ উভয়ে এটাকৈ উইকেট লাভ কৰে।