ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বনৰীয়া ঘোঁৰা সদৌ অসম মুকলি কাৰাটে প্ৰতিযোগিতা সফল সামৰণী

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বনৰীয়া ঘোঁৰা সদৌ অসম মুকলি কাৰাটে প্ৰতিযোগিতা সফল সামৰণী: ৫ শতাধিক প্ৰতিযোগীৰ অংশ গ্ৰহণ 
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে ডিব্ৰুগড় জিলা কাৰাটে সন্থা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে  ইংৰাজী ২১ আৰু ২২ মাৰ্চ তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষ্ণুৰাভা ৰংগ মঞ্চত বনৰীয়া ঘোঁৰা সদৌ অসম মুকলি কাৰাটে প্ৰতিযোগিতাৰ সফলভাৱে সমাপ্ত হয়।উক্ত প্ৰতিযোগিতাত অসমৰ ১৭খন জিলাৰ ৫ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে৷ পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰে ছাত্ৰ পৰিক্ৰমা গুৰু প্ৰাধ্যাপক সুৰজিত বৰকটকী আৰু ডিব্ৰুগড় জিলা কাৰটে ড সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি নিৰেন ফুকনে৷ উদ্বোধনী অনুষ্ঠানত নিৰেণ ফুকনৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে উপাচাৰ্য জিতেন হাজৰিকাই৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে পঞ্জীয়ক পৰমানন্দ সোনোৱাল, জিলা সহকাৰী আয়োক্ত ৰীমা তৃষ্ণা হালৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা অসম অলিম্পিক সংস্থাৰ যুটীয়া সম্পাদক নিৰঞ্জন শইকীয়া, বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বিষয়া দ্বীপজ্যোতি গগৈ, DY 365ৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল বুঢ়াগোহাঁই, এনে কে টিভিৰ জ্যেষ্ঠ সাংবাদিক হিৰণ্য কৌশিক ৷ সভাত ক্ৰীড়া সংগঠক তথা সদৌ অসম কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীক অসম কাৰাটে সংগঠক বঁটা প্ৰদান কৰা হয়৷  প্ৰতিযোগিতাত ১৩টা সোণ, ৬ টা ৰূপ আৰু ১০টা ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় শ্ৰষ্ঠ দলৰ খিতাপ লাভ কৰিলে মৰিয়নীয়ে,১৩টা সোণ, ৮ টা ৰূপ আৰু ৭টা ব্ৰঞ্জপদকেৰে বিজেতা দলৰ খিতাপ লাভ কৰিলে গুৱাহাটীয়ে আৰু ৭৯ টা সোণ, ৮২ টা ৰূপ আৰু ১৬১টা ব্ৰঞ্জৰ পদকেৰে শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰে ডিব্ৰুগড় জিলাই৷ সামৰণি অনুষ্ঠানত জিলা কাৰাটে সন্থাৰ কাৰ্যকৰী সভাপতি অনন্ত বৰা, উপসভাপতি দীপক শইকীয়া, জীৱকান্ত বৰগোহাঁই, জিৎবাহাদুৰ ৰায় যুটীয়া সম্পাদক বিশ্বজিত সোনোৱাল, বাবুল দত্ত, সুনীল দত্ত, নয়নজ্যোতি পাংগীং, অৰূপ হাজৰিকা, কোষাধ্যক্ষ নৱ কুমাৰ শৰ্মা আদিয়ে পুৰস্কাৰ সমূহ বিতৰণ কৰে৷ অনুষ্ঠানটি আতঁ ধৰি পৰিচালনা কৰে ডিব্ৰুগড় জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক তথা ক্ৰীড়াবিদ অঞ্জন চেতিয়াই৷ প্ৰতিযোগিতাখনি সফলভাবে সমাপ্ত হোৱাত উপাচাৰ্য  ড০জিতেন হাজৰিকা, পঞ্জীয়ক পৰমানন্দ সোনোৱাল, ক্ৰীড়া বিষয়া দীপজ্যোতি গগৈ, জিলা কাৰাটে সন্থাৰ সভাপতি নিৰেণ ফুকন আৰু সাধাৰণ সম্পাদক অঞ্জন চেতিয়াই সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়৷