বামুণীমৈদামত বিদ্যালয় শিক্ষা পৰিষদৰ কাৰ্যালয় ঘেৰাও
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
শিক্ষামন্ত্ৰী ৰণোজ পেগুক ৰবৰ ষ্টাম্প আখ্যা
ইতিহাসৰ কলংকিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাঃ ৰিপুন বৰা
ৰঙিলী বাৰ্ত্তাসেৱা- ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰিবলৈ অপচেষ্টা চলোৱা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবীত আজি শিক্ষা পৰিষদৰ কাৰ্যালয় ঘেৰাও কৰে কংগ্ৰেছে৷ গুৱাহাটী মহানগৰ কংগ্ৰেছৰ উদ্যোগত কেইবা শ কংগ্ৰেছ নেতা-কৰ্মীয়ে আজি বামুণীমৈদামত থকা পৰিষদৰ কাৰ্যালয় ঘেৰাও কৰি হিমন্ত বিশ্ব শৰ্মা হায়ঃ হায়ঃ, মুখ্যমন্ত্ৰী হায়ঃ হায়ঃ-শিক্ষামন্ত্ৰীৰ কাম নাই, ৰমেশ জৈনক কোনে পায়-ছেবা এতিয়া খীৰতী গাই, বিজেপি হায়ঃ হায়ঃ-ৰণোজ পেগুৰ দৰকাৰ নাই, বিজেপিৰ চৰকাৰ ৰাইজক নাই দৰকাৰ, অকৰ্মণ্য ৰণোজ পেগুৱে পদত্যাগ কৰক, শিক্ষাৰ্থীৰ জীৱন ধ্বংস কৰা ৰমেশ জৈন হায়ঃ হায়ঃ আদি শ্ল’গান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পদত্যাগ দাবী কৰে৷ প্ৰতিবাদী কংগ্ৰেছ নেতা-কৰ্মীসকলে কয় যে ৪ দিনত তিনিখনকৈ প্ৰশ্নকাকত ফাদিল হৈছে। বৰপেটাত নৱম শ্ৰেণীৰ বছৰেকীয়াৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত ফাদিল হৈছে৷ ২০ মাৰ্চত কাকত ফাদিল হোৱাৰ বাবে স্থগিত ৰাখিছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথমবৰ্ষৰ অংকৰ পৰীক্ষা। আনহাতে, উচ্চতৰ মাধ্যমিকৰ প্ৰথমবৰ্ষৰ অৰ্থনীতি বিভাগৰ কাকত ফাদিল হোৱাৰ পিছতো পৰীক্ষা অনুষ্ঠিত কৰে৷ উচ্চতৰ মাধ্যমিকৰ প্ৰথমবৰ্ষৰ ২৪ মাৰ্চৰ পৰা অনুষ্ঠিত হ’বলগীয়া পাঁচটা পৰীক্ষা চৰকাৰে বাতিল কৰিছে৷ ফলত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ কেইবা হাজাৰ অভিভাৱক অনিশ্চিয়তাত ভূগিছে বুলি কংগ্ৰেছ চিন্তা ব্যক্ত কৰে৷ আজি কংগ্ৰেছে হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত শিক্ষা বিভাগ চলোৱা সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা ৰণোজ পেগুক অপসাৰিত কৰাৰ দাবী জনায়৷ এইজন শিক্ষামন্ত্ৰীয়ে পৰীক্ষা এটাও ভালকৈ অনুষ্ঠিত কৰিব নোৱাৰে বুুলি অভিযোগ কৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুন বৰা আৰু মহানগৰ কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মাৰ লগতে মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাৰ নেতৃত্বত যোৱা কংগ্ৰেছ কৰ্মীসকলে৷ আজি বামুণীমৈদামত আকাশ-বতাহ কপাই অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত ধ্বংস নকৰিবলৈ চৰকাৰক সকীয়াই দিয়ে৷ প্ৰাক্তন সাংসদ ৰিপুন বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ ইতিহাসৰ এজন কলংকিত মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰি কয় যে তেওঁ দীৰ্ঘদিন ধৰি শিক্ষামন্ত্ৰী হোৱাৰ পিছতো অসমৰ শিক্ষা বিভাগটো সংস্কাৰ কৰিব নোৱাৰিলে৷ ৰবৰ ষ্টাম্প সদৃশ এজন শিক্ষামন্ত্ৰীক আসনত বহুৱাই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰি অসমীয়া মাধ্যমক চৰকাৰে নিঃশেষ কৰিব ওলোৱা বুলি বৰাই অভিযোগ কৰে৷ মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মাই স্বাক্ষৰ কৰা এক স্মাৰক পত্ৰ উপ-আৰক্ষী আয়ুক্তক অৰ্পণ কৰে আৰু শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰে৷ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই পৰিষদৰ অধ্যক্ষ আ.ৰি জৈনৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিয় ইমান দৰদ বুলি প্ৰশ্ন কৰে? জৈনক অব্যাহত নিদিয়া পৰ্যন্ত অসম প্ৰদেশ কংগ্ৰেছে সংগ্ৰাম অব্যাহত ৰাখিব বুলি বৰাই উল্লেখ কৰে৷ প্ৰতিবাদকাৰীসকলৰ মাজত গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ কুশল শৰ্মা, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক মইনাজান বেগম, গুৱাহাটী মহানগৰীৰ আটাইকেইটা ব্লক কংগ্ৰেছৰ সভাপতি, জিলা কংগ্ৰেছৰ প্ৰায়সকল নেতাও উপস্থিত থাকে৷