এটা শিলৰ জন্ম – সুনম বিশ্বাস সাহা

এটা শিলৰ জন্ম

সুনম বিশ্বাস সাহা ,গোৰেশ্বৰ, তামুলপুৰ

এটা শিলৰ জন্মদিন
শিলটো শিল নাছিল জন্মতে
ভ্ৰান্তধাৰণা এটাই আলসুৱা শিলটোক
কংক্ৰিটৰ ৰূপ দিলে …

আচলতে এই কংক্ৰিটৰ এটা গুণ আছে
হনুমানে দঙা গন্ধমাদন পৰ্সবত থকাঞ্জীৱনীৰ দৰে।
জৰাজীর্ণ কংকালক চৰ্মৰ তৰপেৰে সজ্জিত কৰাৰ শক্তিয়েই
শেষ নহয় ..আছে আৰু অনেক ক্ষমতা

যিয়ে বোকাত গজা উদ্ভিদৰ লগত
প্ৰতিদ্বন্দ্বিতাৰ সুৰ নিমিলাই
কাৰণ কংক্ৰিটৰ বুকুত গজা উদ্ভিদবোৰ তাৰ যোগ্য নহয়।
অযোগ্যক যোগ্য কৰাত সি পাৰদৰ্শি
যদিও জন্মদানৰ পিছত সি উভতি নাচায়।

নৱজাত চৰাইৰ মুখত আহাৰ তুলি দিয়া কংক্ৰিটো
এতিয়া নিস্পানী ব্ৰত ধাৰণ কৰিছে
পৰুৱাৰ বোজা কঢ়িয়াব পৰা শক্তিকণো নাই
প্ৰখৰ ৰ’দৰ উত্তাপ সহ্য কৰাত সি অভ্যস্ত যদিও
শীতল হিমস্ৰোতৰ ধাৰ বহনত ভাৰাক্ৰান্ত হৈ পৰিছে ।