বিচিচিআইয়ে ঘোষণা কৰিলে মহিলা ক্ৰিকেট দলৰ কেন্দ্ৰীয় চুক্তি

বিচিচিআইয়ে ঘোষণা কৰিলে মহিলা ক্ৰিকেট দলৰ কেন্দ্ৰীয় চুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড(বিচিচিআই)য়ে মহিলা ক্ৰিকেট দলৰ কেন্দ্ৰীয় চুক্তিৰ ঘোষণা কৰে। এইবাৰ ব’ৰ্ডে ভাৰতীয় দলৰ ১৬ গৰাকী মহিলা খেলুৱৈক বাৰ্ষিক কেন্দ্ৰীয় চুক্তিত স্থান দিয়াৰ কথা ঘোষণা কৰিছে। ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থাটোৱে মহিলা ক্ৰিকেটাৰৰ কেন্দ্ৰীয় চুক্তি তালিকাক তিনিটা ভাগত বিভক্ত কৰিছে। তালিকাত স্থান পোৱা ১৬ গৰাকী খেলুৱৈৰ ভিতৰত ৩ গৰাকী খেলুৱৈক গ্ৰেড এত স্থান দিয়া হৈছে। একে সময়তে ৪ গৰাকী খেলুৱৈক গ্ৰেড বিত অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে ৯ গৰাকী খেলুৱৈক স্থান দিয়া হৈছে গ্ৰেড চিত।সেই অনুসৰি অসমৰ ক্ৰিকেটাৰ উমা চেত্ৰীয়ে লাভ কৰিছে চেণ্ট্ৰেল কণ্ট্ৰেক্ট।বিচিচিআইয়ে ঘোষণা কৰা এই নতুন কেন্দ্ৰীয় চুক্তিত অধিনায়ক হৰমনপ্ৰীত কৌৰৰ লগতে স্মৃতি মান্ধানা আৰু দিপ্তী শৰ্মাক গ্ৰেড এত স্থান দিছে। আনহাতে বি গ্ৰেডত স্থান লাভ কৰা ৪ গৰাকী খেলুৱৈ হৈছে ক্ৰমে ৰেনুকা ঠাকুৰ, জেমিমা ৰড্ৰিগুৱেজ, ৰিচা ঘোষ আৰু শ্বেফালী বাৰ্মা। ইফালে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি অহা অসমৰ খেলুৱৈ তথা উইকেটকীপাৰ বেটাৰ উমা ছেত্ৰীয়ে প্ৰকাশিত এই তালিকাত গ্ৰেড চিত স্থান লাভ কৰিছে। উমাৰ লগতে গ্ৰেড চিত স্থান লাভ কৰা আনকেইগৰাকী খেলুৱৈ হৈছে ক্ৰমে য়স্তিকা ভাটিয়া, ৰাধা যাদৱ, শ্ৰেয়াংকা পাটিল, তিতাছ সাধু, অৰুন্ধতী ৰেড্ডী, অমনজোত কৌৰ, স্নেহ ৰাণা আৰু পূজা ৱাষ্ট্ৰেকাৰ। এক প্ৰেছ বিজ্ঞপ্তিযোগে এই চুক্তি তালিকা প্ৰকাশ কৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ।উল্লেখ্য যে, পূৰ্বে ‘বি’ গ্ৰেডৰ চেণ্ট্ৰেল কণ্ট্ৰেক্ট লাভ কৰা ৰাজেশ্বৰী গায়কৱাডৰ লগতে ‘চি’ গ্ৰেডৰ চুক্তি লাভ কৰা মেঘনা সিং, দেৱীকৈ বৈদ্য, সব্বিনেনী মেঘানা, অঞ্জলি সৰ্বানী আৰু হাৰ্লীন দেউলে এইবাৰ চেণ্ট্ৰেল কণ্ট্ৰেক্টৰ পৰা বাহিৰ হৈছে।