পত্নীক হত্যা কৰিলে সেনা জোৱানে
ৰঙিলী বাৰ্ত্তাসেৱা- গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ অন্তৰ্গত হুৰাৰটেকত এখন বিলাসী গাড়ীৰ চালকৰ আসনত বহি থকা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতহে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত মহিলাগৰাকী কামৰূপ জিলাৰ বকোৰ মাহতলীৰ আব্দুছ ছালামৰ জীয়াৰী চালেহা বেগম। উল্লেখ্য যে পঞ্চৰত্ন পাহাৰৰ সমীপত এখন হুণ্ডাই ভেনু গাড়ীৰ গ্লাছ ভগা অৱস্থাত ৰখাই থোৱা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। লগে লগে ঘটনাটো সন্দর্ভত স্থানীয় ৰাইজে গোৱালপাৰা আৰক্ষীক খবৰ দিয়ে। প্ৰথম অৱস্থাত দুর্ঘটনাজনিত কাৰণত মহিলাগৰাকীয়ে গাড়ীৰ ভিতৰতে আহত হৈ পৰি থকা বুলি সন্দেহ প্রকাশ কৰিছিল অঞ্চলটোৰ বাসিন্দা তথা আৰক্ষীয়ে। কিন্তু আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখনৰ দৰ্জা খুলি মহিলাগৰাকীক মৃত অৱস্থাত প্রত্যক্ষ কৰাৰ পাছতহে চাঞ্চল্যৰ সৃষ্টি হয়। গোৱালপাৰা আৰক্ষীয়ে সদৰী কৰা মতে, মহিলাগৰাকীৰ শৰীৰত কোনোধৰণৰ আঘাতৰ চিন নথকাৰ লগতে গাড়ীৰ ভিতৰতো তেজ লাগি থকা নাছিল। আৰক্ষীয়ে ডিঙি চেপি মহিলাগৰাকীক হত্যা কৰাৰ সন্দেহ প্রকাশ কৰে। তাৰ পিছতে আৰক্ষীয়ে মহিলাগৰাকীৰ বেগৰ পৰা পানকার্ডখন উদ্ধাৰ কৰাৰ পাছতে চালেহা বেগম বুলি নিশ্চিত হয়। কামৰূপ জিলাৰ বকোৰ মাহতলীৰ প্ৰকৃত নিৱাসী চালেহা বেগমে গুৱাহাটী মহানগৰীৰ দাঁতালপাৰাৰ স্থায়ী বাসিন্দা আছিল। মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতেই আৰক্ষীয়ে এই সন্দর্ভত ফটাশিল আমবাৰীৰ সৈতে যোগাযোগ কৰাত ঘটনাটো যে প্রকৃততে হত্যাকাণ্ড সেয়া নিশ্চিত হয়। মহিলাগৰাকীৰ সম্পৰ্কীয় ভাতৃয়ে এই সন্দর্ভত কালি নিশাই ফটাশিল আমবাৰী আৰক্ষী থানাক অৱগত কৰিছিল। মহানগৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, তিনিজনীয়া এটা দলে মহিলাগৰাকীক কালি নিশা প্রায় ৯.৪০ বজাত দাঁতালপাৰাৰ পৰা বলপূর্বকভাৱে তেওঁৰে এ এছ-০১ এফ টি-৯৩৮৪ নম্বৰৰ হুণ্ডাই ভেনু গাড়ীখনত লৈ গৈছিল। মহিলাগৰাকীৰ পৰিয়ালবৰ্গৰ মতে চালেহা বেগমৰ স্বামী খাইৰুল ইছলামৰ নেতৃত্বত অহা দলটোৱে বলপূর্বকভাৱে তেওঁক আন ঠাইলৈ নি হত্যা কৰিছে। আৰক্ষীয়ে মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত তদন্ত চলাই ঘটনাটো সংঘটিত হোৱাৰ ২৪ ঘণ্টা পাৰ নৌহওঁতেই অভিযুক্ত খাইৰুল ইছলাম, ইনজামুল হক আৰু জাহান আলীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই সদৰী কৰা মতে, লখৰাৰ নবস্তিৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত তিনিওজনক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয়। জানিব পৰা মতে, ভাৰতীয় সেনাবাহিনীত কৰ্মৰত খাইৰুল ইছলামৰ তিনিগৰাকী পত্নীৰ ভিতৰত দ্বিতীয় পত্নী আছিল চালেহা বেগম। বঙাইগাঁও জিলাৰ মাণিকপুৰত চাৰি বছৰ পূৰ্বে সেনা জোৱান খাইৰুল ইছলামে সামাজিক ৰীতি-নীতি মতে চালেহা বেগমৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। গুৱাহাটীৰ দাঁতালপাৰাত এখন বিউটী পাৰ্লাৰ চলাই জীৱন নিৰ্বাহ কৰা চালেহা বেগমক পিতৃয়ে দাঁতালপাৰাতে মাটি-ঘৰ ক্ৰয় কৰি দিয়াৰ লগতে গাড়ীখনো দিছিল। পৰিয়ালে অভিযোগ কৰা মতে, দীর্ঘদিন ধৰি যৌতুকৰ বাবে নির্যাতন চলোৱা খাইল ইছলামে পত্নী চালেহা বেগমৰ নামত থকা গুৱাহাটীৰ মূল্যৱান ভূ-সম্পত্তি আৰু চাৰিচকীয়া গাড়ীখন তেওঁৰ নামত পঞ্জীয়ন কৰি দিবলৈ চালেহাৰ পিতৃ আব্দুছ চালামক হেঁচা প্রয়োগ কৰিছিল। কিন্তু জোঁৱায়েকে জোৰ-জবৰদস্তি কৰিলেও আব্দুছ চালামে নিজৰ সিদ্ধান্ত সলনি কৰা নাছিল আৰু সেয়াই এটা সময়ত কাল হৈ পৰিছিল চালেহা বেগমৰ বাবে। তেওঁৰ সৈতে সম্পর্ক থকাৰ পাছতো কিছুদিন পূর্বে খাইৰুল ইছলামে আন এগৰাকী যুৱতীক বিয়া কৰাইছিল। স্বামীৰ এনেধৰণৰ আচৰণৰ বাবেই এটা সময়ত নিজে অকলশৰীয়াকৈ দাতালপাৰৰ ঘৰত আছিল চালেহা বেগম। অৱশ্যে সম্পর্ক ভাঙি গ’লেও গুৱাহাটীত থকা মাটি-গাড়ীৰ লোভ সামৰিব পৰা নাছিল সেনা জোৱান খাইৰুল ইছলামে। বিভিন্ন সময়ত খাইৰুল ইছলামে ভয়-ভাবুকি প্ৰদৰ্শন কৰি হ’লেও গাড়ী আৰু মাটিৰ স্বত্ব লিখি দিবলৈ হেঁচা দিছিল চালেহা বেগমক। স্বনিৰ্ভৰশীল চালেহা বেগমে এই প্রস্তাৱ প্রত্যাখ্যান কৰি নিজৰ দমত জীৱনটোক আগুৱাই নিছিল। কিন্তু চালেহা বেগমৰ এই আত্মনিৰ্ভৰশীলতাক সহ্য কৰিব পৰা নাছিল খাইৰুল ইছলামে। যাৰ বাবে কালি নিশা ভাতৃ ইনজামুল হক আৰু সম্পৰ্কীয় ভিনিহিয়েক তথা চালক জাহান আলীৰ সৈতে মিলি বলপূর্বকভাৱে চালেহা বেগমক তেওঁৰেই গাড়ীখনত উঠাই গোৱালপাৰা অভিমুখে ৰাওনা হৈছিল। আৰক্ষী সূত্ৰটোৱে সদৰী কৰা মতে, খাইৰুল ইছলামসহ তিনিওজন অভিযুক্তই চালেহা বেগমক গুৱাহাটীতে হত্যা কৰি গোৱালপাৰা অভিমুখে ৰাওনা হৈছিল। আৰক্ষীয়ে যাতে সন্দেহ নকৰে, তাৰ প্রতি লক্ষ্য ৰাখি হত্যাকাণ্ডটোক দুর্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল খাইৰুল ইছলামে। কিয়নো গোৱালপাৰাৰ পঞ্চৰত্নত উদ্ধাৰ হোৱা বাহনখনৰ সন্মুখৰ গ্লাছখন ভগা আছিল যদিও গাড়ীখন ক’তো খুন্দা মৰাৰ চিন নাছিল। যাৰ বাবে আৰক্ষীয়ে এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি নিশ্চিত হয়। আৰক্ষীৰ পৰা ৰক্ষা পাবলৈ হত্যাকাণ্ডটো সংঘটিত কৰাৰ পাছতে খাইৰুল ইছলামে নিজৰ ম’বাইল বন্ধ কৰি থৈছিল। আৰক্ষীয়ে পৰিয়ালৰ অভিযোগৰ পাছতে দাঁতালপাৰাৰ চালেহা বেগমৰ বাসভৱনত অভিযান চলাই বহু গুৰুত্বপূৰ্ণ তথ্যপাতি লাভকৰে। উক্ত তথ্যৰ আধাৰতে লখৰাৰ পৰা তিনিওজন হত্যাকাৰীক একেলগে কৰায়ত্ত কৰিবলৈ সক্ষম হয় মহানগৰ আৰক্ষী। হত্যাকাণ্ডটোৰ মূল অভিযুক্ত খাইৰুল ইছলামৰ ভাতৃ ইনজামুল হকেও ভাৰতীয় সেনাবাহিনীতে কৰ্মৰত বুলি জানিব পৰা গৈছে। গোৱালপাৰা আৰক্ষীয়ে চালেহা বেগমৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে উক্ত হত্যাকাণ্ডটো সন্দৰ্ভত ফটাশিল আমবাৰী থানাই তদন্ত অব্যাহত ৰাখিছে। ঘটনাটোক লৈ চালেহা বেগমৰ পৰিয়ালে ফটাশিল আমবাৰী আৰক্ষী থানাত এটা গোচৰ ৰুজ কৰিব বুলি জানিব পৰা গৈছে।