আত্মহত্যা কৰিছিল অভিনেতা সুশান্ত সিং ৰাজপুতেঃ চিবিআই

আত্মহত্যা কৰিছিল অভিনেতা সুশান্ত সিং ৰাজপুতেঃ চিবিআই

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২০ চনৰ ১৪ জুনত বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুক লৈ সমগ্র দেশ উত্তাল হৈছিল। অভিনেতাগৰাকীয়ে চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল যদিও এয়া এক হত্যাৰ ঘটনা বুলি বিভিন্ন মহলে অভিযোগ তুলিছিল। বিভিন্ন মহলৰ অভিযোগৰ পাছত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্ব অর্পণ কৰা হৈছিল চিবিআইক। এই গোচৰৰ তদন্তত বিভিন্ন ব্যক্তিক জেৰা কৰিছিল অনুসন্ধানকাৰী সংস্থাটোৱে। আনকি গ্রেপ্তাৰো কৰা হৈছিল কেইবাজনকো। ইয়াৰ ভিতৰত আছিল অভিনেতাগৰাকীৰ বান্ধৱী ৰিয়া চক্ৰৱৰ্তী আৰু ৰিয়াৰ ভাতৃ। অৱশেষত প্রায় ৫ বছৰ পাছত এই গোচৰৰ অন্তিম প্রতিবেদন দাখিল কৰিলে চিবিআয়ে। জানিব পৰা গৈছে যে প্রয়াত অভিনেতাগৰাকীৰ মৃত্যু সম্পৰ্কীয় দুটা গোচৰৰেই প্ৰতিবেদন মুম্বাই আদালতত দাখিল কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে। এই প্রতিবেদনত দাবী কৰা হৈছে যে আত্মহত্যা কৰিছিল অভিনেতা সুশান্ত সিং ৰাজপুতে। এনে কোনো প্রমাণ চিবিআয়ে তদন্তত নাপালে যাৰ দ্বাৰা ইয়াক হত্যা বুলি দাবী কৰিব পাৰি। পাটনাত সুশান্ত সিং ৰাজপুতৰ পিতৃ কেকে সিঙৰ এজাহাৰৰ পিছত ২০২০ চনৰ আগষ্ট মাহত তদন্তৰ দায়িত্ব লাভ কৰে চিবিআয়ে। সুশান্তৰ পৰিয়ালৰ অভিযোগ আছিল- এই মৃত্যুৰ নেপথ্যত ৰিয়া চক্ৰৱৰ্তী আৰু বহু ব্যক্তি জড়িত আছে। সুশান্ত সিং ৰাজপুতক মানসিক নির্যাতন চলোৱাৰ উপৰি অবৈধ আর্থিক লেনদেনৰ জৰিয়তে জুৰুলা কৰা বুলিও পৰিয়ালে অভিযোগ আনিছিল। ইয়াৰ বিপৰীতে ৰিয়া চক্ৰৱৰ্তীয়েও বিভিন্ন অভিযোগ আনিছিল সুশান্ত সিঙৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে। ৰিয়াই অভিযোগ কৰিছিল যে সুশান্তৰ ভগ্নীসকলে নিজৰ দাবীৰ সপক্ষে প্রামাণিক নথি হিচাপে এখন জাল প্ৰেছক্রিপচন দেখুৱাইছে। অভিনেতাগৰাকীৰ মৃত্যুক লৈ বিভিন্ন মহলে ৰহস্যৰ গোন্ধ পাইছিল যদিও অৱশেষত চিবিআয়ে দুয়োটা গোচৰত প্রতিবেদন দাখিল কৰিছে। চিবিআয়ে স্পষ্ট কৰিছে যে সুশান্তৰ মৃত্যুৰ সপক্ষে কোনো অপৰাধমূলক ষড়যন্ত্র বা অন্যায় কাৰ্যৰ সন্ধান লাভকৰা নাই।