পাকিস্তানৰ বিৰুদ্ধে টি-২০ শৃংখলা দখল নিউজিলেণ্ডৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত পৰাস্ত পাকিস্তান। কেৱল পৰাজয়েই নহয়, তেওঁলোকৰ ইতিহাসত সর্বাধিক ব্যৱধানত পৰাজিত হয় দলটো। উল্লেখ্য যে বাবৰ আজম, মহম্মদ ৰিজৱান, ফখৰ জামানহঁত অবিহনে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলৈ গৈছিল পাকিস্তান। কিন্তু যুৱ খেলুৱৈসকলেও হতাশজনক প্রদর্শন দাঙি ধৰে। পাঁচখন মেচৰ শৃংখলাত এখন মেচ বাকী থকা অৱস্থাতে পৰাজয় বৰণ কৰে পাকিস্তানে। শৃংখলাৰ প্ৰথম দুখন টি-২০ মেচত পৰাজিত হোৱাৰ পিছত তৃতীয়খনত জয়লাভ কৰিছিল পাকিস্তানে। কিন্তু চতুর্থখন মেচত পৰাজিত হোৱাৰ লগে লগে শৃংখলা জয়ৰ আশা নির্বাপিত হ’ল। মেচখনত প্রথমে বেটিং কৰি ২০ অভাৰত ছয় উইকেট হেৰুৱাই ২২০ ৰান কৰে নিউজিলেণ্ডে। টীম ছেফার্ট (৪৪), ফিন এলেন (৫০) আৰু শেষৰ ফালে মাইকেল ব্ৰেছৱেলৰ দৰ্শনীয় বেটিঙৰ সহায়ত নিউজিলেণ্ডে ২০০ ৰানৰ সীমা অতিক্রম কৰে। প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি পাকিস্তানৰ মাত্ৰ দুজন বেটাৰে দুটা অংকৰ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইৰফান খানে ২৪ আৰু আব্দুল ছামাদে ৪৪ ৰান কৰে। নিউজিলেণ্ডৰ পেছাৰসকলৰ বিৰুদ্ধে ভাগি পৰে পাকিস্তানৰ বেটিং লাইন। জেকব ডাফিয়ে ৪টা আৰু জাকাৰি ফ’কছে তিনিটা উইকেট দখল কৰে। পাকিস্তানে ১৬.২ অভাৰত ১০৫ ৰানতে ইনিংছ সামৰি ১১৫ ৰানত পৰাজয়বৰণ কৰে। ৯ বছৰ পূৰ্বে নিউজিলেণ্ডৰ হাততে ৯৫ ৰানত পৰাজিত হৈছিল পাকিস্তান।