মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ জয়লাভ

মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ জয়লাভ

ৰঙিলী বাৰ্ত্তাসেৱা-  আইপিএলৰ অন্যতম শক্তিশালী দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত মেচখনত চেন্নাইয়ে ৪ উইকেটত জয়লাভ কৰে।প্রথমে বেটিং কৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ১৫৫ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতীয় অধিনায়ক তথা মুম্বাইৰ অ’পেনাৰ ৰোহিত শৰ্মাই শূন্য ৰানতে বিদায় লোৱাৰ পিছত আন বেটাৰসকলো ৰান সংগ্ৰহত ব্যর্থ হয়। দলৰ হৈ তিলক বার্মাই সর্বাধিক ৩১ বান, দীপক চহৰে ২৮ আৰু সূর্যকুমাৰ যাদৱে ২৯ ৰান কৰে। মুম্বাইৰ এই দুৰ্দশাৰ মূল নায়ক নূৰ আহমেদ। তেওঁ ৪ অভাৰত ১৮ ৰানত ৪ টা উইকেট দখল কৰাৰ লগতে খলীল আহমেদে ৪ অভাৰত ২৯ ৰান দি ৩টা উইকেট, নাথান এলিছে আৰু ৰবিচন্দ্ৰন অশ্বিনে এটাকৈ উইকেট দখল কৰে।প্ৰত্যুত্তৰত চেন্নাইয়ে ১৯.১ অভাৰত ৬টা উইকেট হেৰুৱাই ৪ উইকেটত বিজয়ী হয়। দলৰ অ’পেনাৰ ৰাছিন ৰবীন্দ্ৰই ৬৫ ৰানৰ এটি  অপৰাজিত ইনিংছেৰে দলৰ বিজয়ত মুখ্য ভূমিকা লয়। আনহাতে, অধিনায়ক ৰুতুৰাজ গাইকোৱাডে ২৬টা বলত ৫৩ ৰান সংগ্ৰহ কৰে। অন্তিম মুহূর্তত ধোনীয়ে বেটিং কৰিবলৈ আহে যদিও দুটা বল খেলি ১ ৰানো নকৰাকৈ অপৰাজিত হৈ থাকে। ৰাছিনে ৬ কোবাই দলক বিজয় লক্ষ্যত উপনীত কৰায়। ৰবীন্দ্ৰ জাদেজাই ১৭ ৰান কৰে। ৰাহুল ত্রিপাঠী, শিৱম ডুবে, চেম কাৰান ব্যর্থ হয়।মুম্বাই ইণ্ডিয়ানছৰ হৈ ভিগনেশ পুথুৰে ৪ অভাৰত ৩২ ৰান দি ৩ টা উইকেট দখল কৰে।