ফাদিল হোৱা প্রশ্নকাকতেৰে অনুষ্ঠিত হ’ল প্ৰথম বৰ্ষৰ অৰ্থনীতিৰ পৰীক্ষা

ফাদিল হোৱা প্রশ্নকাকতেৰে অনুষ্ঠিত হ’ল প্ৰথম বৰ্ষৰ অৰ্থনীতিৰ পৰীক্ষা

ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষা পৰিষদৰ অধীনত ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠান অনুষ্ঠিত হৈ আছে উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ চূড়ান্ত পৰীক্ষা। ইয়াৰ মাজতে শুকুৰবাৰে নিশা অর্থনীতি বিষয়ৰ প্ৰশ্নকাকতৰ প্ৰতিলিপি ছাত্ৰ-ছাত্ৰীৰ ম’বাইলে ম’বাইলে ভাইৰেল হৈ পৰাৰ পিছতো ফাদিল হোৱা প্ৰশ্নকাকতেৰে শিক্ষা পৰিষদে পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছত ৰাজ্যজুৰি শৈক্ষিক মহলত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। অতি তাৎপর্যপূর্ণভাৱে এই বিষয়টো একাংশ সংবাদ মাধ্যমতো প্রকাশ পাইছিল। তাৰ পিছতো শিক্ষা পৰিষদে কোনোধৰণৰ ব্যৱস্থা নকৰাকৈ জাৰি কৰা এক নির্দেশনাই স্তম্ভিত কৰি তুলিছে শৈক্ষিক মহলক। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ ডিভিজন- II ৰ সচিবে জাৰি কৰা নির্দেশনাটোত কোৱা হৈছে যে শনিবাৰে পুৱা প্ৰায় ৮ বজাত পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ অর্থনীতি বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি এক তথ্য লাভ কৰিছে। সন্দেহ কৰা হৈছে প্ৰশ্নকাকতখন ফাদিল হৈছে। যিহেতুকে শনিবাৰে পুৱা ৯ বজাৰ পৰা পূৰ্বনিৰ্ধাৰিত সূচী অনুসৰি পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছে গতিকে অধিকাংশ পৰীক্ষার্থীয়ে পৰীক্ষা কেন্দ্ৰলৈ ইতিমধ্যে পৰীক্ষা দিবলৈ ৰাওনা হৈছে। সেইবাবেই পূর্বনির্ধাৰিত কাৰ্যসূচী অনুসৰিয়ে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সকলো মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকক নির্দেশ দিয়ে শিক্ষা পৰিষদে। উল্লেখ্য যে শুকুৰবাৰে নিশা তিনিচুকীয়া জিলা ফিল’বাৰী অঞ্চলৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ অধিকাংশ ছাত্র-ছাত্রীয়ে ম’বাইল ফোনৰ হোৱাটছ এপযোগে লাভ কৰিছিল অর্থনীতি বিষয়ৰ চূড়ান্ত পৰীক্ষাৰ প্রশ্নকাকতখন। একাংশ ছাত্র-ছাত্রীয়ে ন্যূনতম ১০০ টকাকৈ পৰিশোধ কৰি প্ৰশ্নকাকতখন লাভ কৰিছিল বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত শুকুৰবাৰে নিশাই ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই কথাটো অৱগত হৈ তিনিচুকীয়া জিলা বিদ্যালয় পৰিদৰ্শকক অৱগত কৰিছিল। সেইমর্মে উক্ত বিষয়টো গুৰুত্বসহকাৰে লৈ পৰিদৰ্শকগৰাকীয়ে ছাত্র সন্থাৰ নেতৃত্বক এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল। ফিল’বাৰী আছুৰ সভাপতি সমীৰণ দত্ত আৰু সম্পাদক দ্বীপ বিছান সোণোৱালে জনোৱা মতে, প্রথমে ফিল’বাৰী ভূঞা গাঁও নিৱাসী জনৈক বৰা নামৰ ছাত্ৰ এজনে মাৰ্ঘেৰিটাৰ এজন ছাত্ৰৰ পৰা ম’বাইল ফোনৰ হোৱাটছ এপৰ জৰিয়তে অর্থনীতি বিষয়ৰ প্ৰশ্নকাকতখন লাভকৰিছিল। তাৰ পিাছত উক্ত ছাত্রজনে আন ছাত্র-ছাত্রীক প্রশ্নকাকতখন বিলাইছিল। শনিবাৰে পুৱাৰ ভাগত বিভিন্ন প্ৰচাৰ মাধ্যমত খবৰটো বিয়পি পৰাৰ পিছতে ফিল’বাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তুলসী উপাধ্যায়ে বিষয়টোৰ উচিত তদন্তৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদক আহ্বান জনায়।  শিক্ষা পৰিষদে সকলো জানি-বুজিও কোনোধৰণৰ সালসলনি নকৰাকৈ ফাদিল হোৱা প্রশ্নকাকতেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ পিছত স্বাভাৱিকতে শৈক্ষিক মহলত যথেষ্ট প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিহেতুকে ফিল’বাৰীকে ধৰি ৰাজ্যৰ আন প্ৰান্তত অর্থনীতি বিষয়ৰ প্ৰশ্নকাকত শুকুৰবাৰে নিশাই ফাদিল হোৱা বুলি একাংশ সংবাদ মাধ্যমে বাতৰিযোগে প্ৰচাৰ কৰাৰ পিছতো শিক্ষা পৰিষদৰ বিষয়ববীয়াসকলে বিষয়টোক গুৰুত্বসহকাৰে গ্ৰহণ নকৰিলে। শিক্ষা বিভাগে ইচ্ছা কৰিলে শনিবাৰে পুৱাৰ ভাগতে পৰীক্ষা বাতিল কৰি অথবা কিছু পলমকৈ হ’লেও নতুন প্রশ্নকাকতেৰে পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিলেহেঁতেন। কিন্তু সেয়া নকৰি জানি-শুনিও অজলাৰ ভাও ধৰা শিক্ষা পৰিষদৰ এনেধৰণৰ নাভূত-নাশ্রুত নির্দেশনাই ৰাজ্যৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক যে অন্ধকাৰলৈ ঠেলি দিছে, সেয়া সম্প্রতি প্রতিফলন হৈছে।