হেমন্ত কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ বিআইএফৰ সভাপতিৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় বক্সিং ফেডাৰেচনৰ সভাপতি অজয় সিঙে নিলম্বিত সচিব হেমন্ত কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ভাৰতীয় বক্সিং ফেডাৰেচনৰ সভাপতি অজয় সিঙে অভিযোগ উত্থাপন কৰিছে যে অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী লাভলীনা বৰগোহাঁইক সদ্য নিলম্বিত ভাৰতীয় বক্সিং সংস্থাৰ মহাসচিব হেমন্ত কলিতাই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাত বাধা দিছে । দিল্লীত অনুষ্ঠিত এখন সংবাদ মেলত সভাপতি অজয় সিঙে কয় যে ৬৯ কেজি শাখাত টকিঅ’ অলিম্পিকত পদক বিজয়ীগৰাকীয়ে বৃহস্পতিবাৰৰ পৰা গ্ৰেটাৰ নয়ডাত আৰম্ভ হ’বলগীয়া ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ আগ্রহী আছিল যদিও হেমন্ত কলিতাই লাভলীনাক প্রতিযোগিতাখনৰ পৰা নাম প্ৰত্যাহাৰ কৰিবলৈ কয়। উল্লেখ্য যে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ সুধীৰ কুমাৰ জৈনে চলোৱা তদন্তত আর্থিক কেলেংকাৰিত দোষী সাব্যস্ত হোৱা কলিতাই অসমৰ সংস্থাটোত সম্পাদকৰ পদত অধিষ্ঠিত। ৰাষ্ট্ৰীয় মহিলা চেম্পিয়নশ্বিপত অংশগ্রহণ কৰিবলৈ অসমে খেলুৱৈসকলক নিৰুৎসাহিত কৰিছে। প্রতিযোগিতাখনত লাভলীনাই অংশগ্ৰহণ নকৰাৰ সন্দর্ভত বিষয়াসকলে তেওঁৰ সৈতে যোগাযোগ কৰাত লাভলীনাই কয় যে প্রতিযোগিতাখনত হেমন্ত কলিতাই অংশগ্রহণ নকৰিবলৈ কৈছে। অভিযোগ সন্দর্ভত কলিতাই তাৎক্ষণিকভাবে কোনো প্রত্যুত্তৰ দিয়া নাই। ইপিনে হেমন্ত কলিতাৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ কিমান সঁচা সেয়া প্রমাণিত হ’ব তেওঁ প্ৰত্যুত্তৰ দিয়াৰপাছত। এতিয়া লাভলীনাই খেলাৰ ক্ষেত্ৰত কি সিদ্ধান্ত লয় সেয়াও লক্ষণীয় হ’ব।