অসমৰ ওপৰত বিহাৰ-উত্তৰ প্ৰদেশৰ সংস্কৃতি জাপি দিয়াৰ অপচেষ্টা নকৰিব

Pc Latestly

অসমৰ ওপৰত বিহাৰ-উত্তৰ প্ৰদেশৰ সংস্কৃতি জাপি দিয়াৰ অপচেষ্টা নকৰিব
বিজেপি চৰকাৰক লুৰীণজ্যোতি গগৈৰ সকীয়নি

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ওপৰত বিহাৰ-উত্তৰ প্ৰদেশৰ সংস্কৃতি জাপি দিয়াৰ অপচেষ্টা নকৰিবলৈ বিজেপি দল আৰু ইয়াৰ চৰকাৰক সকীয়াই দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। তিনিচুকীয়াত বিজেপিৰ উদ্যোগত বিহাৰ দিৱস অনুষ্ঠিত কৰিবলৈ প্ৰয়াস চলা বিষয়টোৱে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পাছত আজি ডিব্ৰুগড়ত সাংবাদিকসকলৰ আগত গগৈয়ে কয় যে বিজেপি শাসনলৈ অহাৰ পিছৰে পৰাই অসমত বিহাৰ-উত্তৰ প্ৰদেশৰ ভাষা-সংস্কৃতি জাপি দিবলৈ চৰকাৰে প্ৰচেষ্টা চলাই আহিছে। বিজেপি-আৰ এছ এছৰ ‘এক দেশ এক ভাষা এক ধৰ্ম’ নীতিৰ অংশ হিচাপে বিজেপিৰ চৰকাৰে অতি কৌশলপূৰ্ণভাৱে এনে কিছুমান পদক্ষেপ গ্ৰহণ কৰি আহিছে, যাৰ দ্বাৰা হিন্দী ভাষা-সংস্কৃতিৰ বিস্তাৰ হয়। তাৰ পৰিণতি স্বৰূপে অসমীয়া ভাষা-সংস্কৃতি দুৰ্বল হৈ আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটা সময়ত বিহাৰ-উত্তৰ প্ৰদেশত চলা লুণ্ঠন আৰু হিংসাৰ ৰাজনীতি অসমলৈ ইতিমধ্যেই আমদানি হোৱা বুলি উল্লেখ কৰি গগৈয়ে কয় যে বিহাৰ-উত্তৰ প্ৰদেশৰ ভাষা-সংস্কৃতিৰ প্ৰতি অসমীয়া মানুহৰ কোনো বেয়া ভাৱ নাই, বৰং একেখন দেশৰ পৃথক ৰাজ্যৰ ভাষা-সংস্কৃতিৰ প্ৰতি অসমৰ মানুহৰ সহোদৰসুলভ মানসিকতা আছে। কিন্তু সেই উদাৰতাৰ বিনিময় অসমীয়া মানুহৰ নিজৰ ভাষা-সংস্কৃতিৰ বলি দিয়াটো হ’ব নোৱাৰে।গগৈৰ মতে, বিগত কেইবাটাও দশক ধৰি অসমত অসমীয়া ভাষী লোকৰ সংখ্যা হ্ৰাস পাই আহিছে। প্ৰতি দহ বছৰত অসমীয়াভাষী লোকৰ সংখ্যা পাঁচ শতাংকৈ হ্ৰাস পোৱা বুলি লোকপিয়লৰ তথ্যত প্ৰকাশ পাইছে। এনে অৱস্থাত, অসমত বসবাস কৰা অন্য ৰাজ্যৰ বাসিন্দাসকলে যাতে অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ আৰু চৰ্চা কৰে, তাৰ বাবে চৰকাৰে এটা সমন্বয়ৰ পৰিৱেশ ৰচনা কৰিব লাগিছিল। কিন্তু তাকে নকৰি অসমৰ মাটিত বিহাৰ-উত্তৰ প্ৰদেশৰ ভাষা-সংস্কৃতিৰ চৰ্চাৰ পৰিৱেশ ৰচনাৰ লগে লগে অসমীয়া ভাষা-সংস্কৃতি চৰ্চাৰ মানসিকতা হ্ৰাস হ’ব।তিনিচুকীয়াত বিহাৰ দিৱস পাতিবলৈ লোৱাটো বিজেপিৰ আধিপত্যবাদী চিন্তাৰ প্ৰতিফলন বুলি উল্লেখ কৰি গগৈয়ে কয় যে বিজেপি দলে অসমৰ জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি অসমত ক্ষমতালৈ আহিছিল, বিহাৰৰ ভাষা-সংস্কৃতিৰ বিকাশৰ বাবে অসমৰ ৰাইজে বিজেপিক ভোট দিয়া নাছিল। গতিকে অসমৰ মানুহ আৰু ইয়াৰ ভাষা-সংস্কৃতিৰ বিকাশৰ চেষ্টা কৰাটোহে বিজেপি চৰকাৰৰ দায়িত্ব।