ৰাভা হাছং নিৰ্বাচনত আপ আৰু অসম ভূমিপুত্ৰ ঐক্যমঞ্চৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী

ৰাভা হাছং নিৰ্বাচনত আপ আৰু অসম ভূমিপুত্ৰ ঐক্যমঞ্চৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী
অসমৰ খিলঞ্জীয়া লোকৰ মাজত আম আদমি পাৰ্টীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছেঃ ডা° ভবেন চৌধুৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদীয় নিৰ্বাচনত টঙালি বান্ধি নামি পৰিছে আম আদমি পাৰ্টী৷ অসম ভূমিপুত্ৰ ঐক্যমঞ্চৰ সৈতে আম আদমি পাৰ্টীৰ নিৰ্বাচনী মিত্ৰতাই ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছে৷ মঙলবাৰে আপ অসমৰ গণেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখনি সংবাদমেল সম্বোধন ধৰি আম আদমি পাৰ্টীৰ ভাৰপ্ৰাপ্ত সভাপতি ডা° ভবেন চৌধুৰীয়ে কয় যে অসমৰ সৰ্বাংগীণ উন্নয়ন হ’বলৈ হ’লে খিলঞ্জীয়াৰ উন্নয়ন হ’বই লাগিব৷ উল্লেখযোগ্য যে আম আদমি পাৰ্টী আৰু অসম ভূমিপুত্ৰ ঐক্যমঞ্চৰ মিত্ৰজোঁটে ৪ টাকৈ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে৷ বন্দাপৰা সমষ্টিত পৰেশ বড়ো, বকো সমষ্টিত শ্যামল দত্ত, ধুপধৰা সমষ্টিত অনিল ৰাভা আৰু জিনাৰী সমষ্টিত সুনীল মমিনে প্ৰাৰ্থীত্ব আগবঢ়াইছে৷ আপ অসমৰ মুখ্য মুখপাত্ৰ অনুৰূপা ডেকাৰজাই সংবাদমেল সম্বোধন ধৰি বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক সকিয়নী প্ৰদান কৰে৷ পাঠ্যক্ৰম বহিৰ্ভূত প্ৰশ্নকাকত, শিক্ষান্ত পৰীক্ষাৰ সময়ত নাচ গান, একত্ৰিকৰণৰ নামত বিদ্যালয় বিলুপ্তকৰণ, মনদণ্ডহীন মূল্যায়ন আদিৰে ছাত্ৰছাত্ৰীৰ জীৱনকলৈ হেতালি খেলা বুলি উল্লেখৰে ডেকাৰজাই অভিযোগ কৰি কয় যে চৰকাৰী শিক্ষাস্তৰ নিম্ন কৰি নিজ পত্নীৰ তথা ব্যক্তিগত ব্যৱসায়ীক বিদ্যালয়ত হে গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে৷ আজিৰ সংবাদমেলত ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হোৱা আপৰ প্ৰাৰ্থী কেইগৰাকীও উপস্থিত থাকে৷