গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰতিনিধি মূখ্যমন্ত্ৰীক সাক্ষাৎ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বহু কেইটা সমস্যাক লৈ স্মাৰক পত্ৰ প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতীম কলিতাৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি বিশ্ববিদ্যালয় খনৰ ছাত্ৰ- ছাত্ৰীসকলে সন্মুখীন হৈ অহা বহুকেইটা গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে আলোচনা কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। fee waiver পাবলগীয়া ছাত্ৰ-ছাত্ৰীসকলে আজি পৰ্যন্ত লাভ নকৰা প্ৰাপ্য নাভভৰ্তিৰ মাচুল সম্পৰ্কে, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বহু বছৰ ধৰি প্ৰয়োজন অনুভৱ কৰি অহা সাত -মাইল আৰু বিশ্ববিদ্যালয় সংযোগী Foot Bridgeৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰা হয়। UG/ PG ৰ ছাত্ৰীসকলে সন্মুখীন হৈ অহা ছাত্ৰীনিৱাস প্ৰয়োজনীতা সম্পৰ্ক মুখ্যমন্ত্ৰীক অৱগত কৰা হয়। Ph.D. আৰু Post-Doctoral সকলৰ বাবে বিশেষ বৃত্তি প্ৰদানৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীক অৱগত কৰা হয়।