দেশভক্ত তৰুণৰাম ফুকন উঃ মাঃ বিদ্যালয়ৰ সোণালী জয়ন্তীত অংশগ্ৰহণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

দেশভক্ত তৰুণৰাম ফুকন উঃ মাঃ বিদ্যালয়ৰ সোণালী জয়ন্তীত অংশগ্ৰহণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৫০ বছৰীয়া বর্ণিল ইতিহাসেৰে সমৃদ্ধ শিলচৰস্থিত দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীত অংশগ্ৰহণ কৰি চৰকাৰী বিদ্যালয়ৰ প্ৰতি এতিয়া অভিভাৱকৰ আকৰ্ষণ বৃদ্ধি হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ তথ্য মতে দেশৰ ভিতৰতে তুলনামূলকভাৱে এতিয়া অসমত চৰকাৰী বিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক। চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ হাৰ ৭২ শতাংশ। ইয়াৰ বিপৰীতে তামিলনাডুত তামিল ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ হাৰ ৩২ শতাংশ। উল্লেখ্য যে বৰাকৰ প্ৰথমখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে আয়োজিত মুকলি সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়- বৰাক উপত্যকাত অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান স্থাপন আৰু অসমীয়া ভাষা-সাহিত্যক প্ৰচাৰ আৰু প্ৰসাৰত অসম সাহিত্য সভাই গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। ১৯৫৩ চনত কেইগৰাকীমান ভাষানুৰাগীৰ প্ৰচেষ্টাত শিলচৰ চহৰত শাখা সাহিত্য সভা গঠন হৈছিল আৰু তাৰ লগে লগে এখন প্রাথমিক বিদ্যালয় গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত শিলচৰ শাখা সাহিত্য সভাৰ বছৰেকীয়া অধিৱেশনত লোৱা সিদ্ধান্ত অনুসৰি ১৯৬০ চনত স্থাপন হৈছিল বৰ্তমানৰ দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা কৰ্মসূত্রে অহা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ সন্তানৰ শিক্ষাৰ উদ্দেশ্যে ১৯৭১ চনত এখন অসমীয়া মাধ্যমৰ উচ্চ মাধ্যমিক বিদ্যালয় গঠনৰো প্রচেষ্টা আৰম্ভ হৈছিল। এইক্ষেত্ৰত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ লগতে স্থানীয় বহু শিক্ষানুৰাগী ব্যক্তিয়ে আগভাগ লৈছিল। শাখা সভাৰ দ্বাৰা পৰিচালিত বিয়লিচ’ৰাত হোৱা আলোচনাৰ ভিত্তিত দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়খনকে উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। ১৯৭২ চনত মাত্র ৫গৰাকী ছাত্ৰ-ছাত্ৰীৰে শিলচৰ শাখা সভাৰ পুৰণি সভাকক্ষতে দেশভক্ত তৰুণৰাম ফুকন উচ্চ মাধ্যমিক বিদ্যালয়ে পাতনি মেলে। বিদ্যালয়খনৰ আৰম্ভণিৰ সময়ছোৱাত অসমীয়া ভাষাত শিক্ষাদানৰ বাবে উপযুক্ত শিক্ষক নথকাত এই জিলালৈ কর্মসূত্রে অহা বিভিন্ন চৰকাৰী বিষয়াসকলৰ পত্নীসকলে শিক্ষাদানৰ দায়িত্ব ল’বলগীয়া হৈছিল। বিভিন্ন ঘাত-প্রতিঘাত অতিক্ৰম কৰি শিক্ষক-শিক্ষয়িত্ৰী, চৰকাৰী বিষয়া-কর্মচাৰী আৰু স্থানীয় বিদ্যানুৰাগীসকলৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলতেই ১৯৮১ চনৰ ১ এপ্রিলত এই বিদ্যালয়খন প্রাদেশিকীকৰণ হয় আৰু ১৯৮৭ চনৰ ৩০ নৱেম্বৰত উচ্চ মাধ্যমিক পৰ্যায়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হয়। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাই এই বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে আয়োজন কৰা সংগীত সন্ধিয়াত গীত পৰিৱেশন কৰিছিল। ভাষণ প্রসংগত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়- সম্প্ৰতি অসমীয়া মাধ্যমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্রাস পোৱাটো পৰিলক্ষিত হৈছে। ইয়াৰ মুখ্য কাৰণ হৈছে অভিভাৱকসকলৰ ইংৰাজী শিক্ষাৰ প্ৰতি থকা আগ্রহ বৃদ্ধি তথা পৰিৱৰ্তিত সময়ৰ লগত খাপ খোৱকৈ পাঠ্যক্রম উপলব্ধ নথকাটো। ইয়াৰ পাছতো ৰাজ্য চৰকাৰৰ বিশেষ প্রচেষ্টাত এতিয়া অসমীয়া চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ পাঠদানৰ হাৰ ৭২ শতাংশলৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই ভাষণত কয় যে যুৱশক্তিক উপযুক্তভাবে গঢ়ি তোলাৰ মহান দায়িত্ব বহন কৰি আহিছে শিক্ষানুষ্ঠানসমূহে। আনহাতে সাম্প্রতিক অর্থনীতিত দক্ষ যুৱ শক্তিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে আৰম্ভণিৰে পৰা পৰিৱৰ্তিত ঔদ্যোগিক পৰিমণ্ডলৰ সৈতে খাপ খোৱাকৈ দক্ষতা শিক্ষা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা শক্তিশালী কৰিবলৈ দৃঢ়তাৰে পদক্ষেপ গ্রহণ কৰিছে। ৰাজ্য চৰকাৰে টাটা টেকন’ল’জিষ্ট লিমিটেডৰ সহযোগত ৰাজ্যৰ পলিটেকনিক মহাবিদ্যালয় আৰু ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানক উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি যুৱকসকলক প্রশিক্ষণ আৰু শক্তিশালী কৰাৰ বাবে উৎকৃষ্টতাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ পদক্ষেপ গ্রহণ কৰিছে। তেওঁ কয় যে ডিজিটেল প্ৰযুক্তিৰ অভাৱনীয় গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপৰ জৰিয়তে ৰাজ্যৰ কাৰিকৰী প্ৰতিষ্ঠানসমূহক কৃত্রিম বুদ্ধিমত্তা, ইণ্টাৰনেট অৱ থিংকছ আৰু ইণ্ডাষ্ট্ৰিয়েল ইণ্টাৰনেট অৱ থিংকছ, স্মার্ট মেন্যুফেকচাৰিং এণ্ড অ’টোমেচন, থ্রী ডি প্রিন্টিং, বৈদ্যুতিক বাহন বেটাৰী প্ৰযুক্তিৰ আদিৰ পাঠ্যক্ৰম আৰম্ভকৰাৰ বাবে যোগ্য কৰি তোলা হ’ব। ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে যে বিভিন্ন কাৰণত পূর্বে অসমীয়া আৰু বাংলা ভাষাৰ মাজত প্রতিযোগিতা আছিল। ভাষা দুটাৰ সৃষ্টি সম্পর্কে বৌদ্ধিক বিতর্ক আৰু যুক্তিৰ আন্দোলনত হৈছিল। কেতিয়াবা যুক্তিৰ আন্দোলনে বৃহৎ আন্দোলনৰ ৰূপ লৈছিল। কিন্তু যোৱা সময়ছোৱাৰ পৰা এনে প্রতিযোগিতাৰ পৰিৱৰ্তে অসমীয়া আৰু বাংলাভাষী লোকৰ মাজত সদ্ভাব বৃদ্ধি হৈছে। এতিয়া অসমীয়া-বঙালীৰ মাজত ভাষাক লৈ প্রতিযোগিতাৰ অন্ত হৈছে। ২০১৪ চনৰ পাছত ৰে’ল যাতায়াত ব্যৱস্থাৰ দ্রুত উন্নতিয়ে ব্ৰহ্মপুত্র আৰু বৰাক উপত্যকাৰ জনসাধাৰণৰ বাবে সুচল যাতায়াত ব্যৱস্থা কৰি দুয়োখন উপত্যকাৰ লোকসকলক মানসিকভাৱে ওচৰ চপাই আনিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৃষ্ঠপোষকতাত অসমীয়া আৰু বাংলা দুয়োটা ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছত এই সমন্বয় অধিক সুদৃঢ় হৈছে। এই সদ্ভাব আৰু সমন্বয় পৰিৱেশ শক্তিশালী কৰিবলৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই ব্রহ্মপুত্র উপত্যকাত সময়ে সময়ে বংগ সাহিত্য সভা অনুষ্ঠিত হোৱাৰ দৰে বৰাক উপত্যকাতো অসম সাহিত্য সভাৰ অধিৱেশন আয়োজন কৰাৰ বাবে উদ্যোগ ল’বলৈ বৰাকবাসীক আহ্বান জনায়।  এই অনুষ্ঠানত সাংসদ পৰিমল শুক্লবৈদ্য, মন্ত্রী জয়ন্তমল্ল বৰুৱা, কৃষ্ণেন্দু পাল, কৌশিক ৰয়, দীপায়ন চক্ৰৱৰ্তী, মিহিৰকান্তি সোম, নিহাৰৰঞ্জন দাস, বিজয় মালাকাৰ, মুকলি সভাৰ সভাপতি গণেশ সিন্‌হা, বিদ্যালয়খনৰ অধ্যক্ষা সুপর্ণা সিন্‌হাও উপস্থিত থাকে।