বিশ্ব মুখৰ স্বাস্থ্য দিৱস উপলক্ষে ডিব্ৰুগড়ত দন্ত চিকিৎসা সম্পৰ্কীয় সজাগতা সভা-বিনামূলীয়া চিকিৎসা শিৱিৰ

বিশ্ব মুখৰ স্বাস্থ্য দিৱস উপলক্ষে ডিব্ৰুগড়ত দন্ত চিকিৎসা সম্পৰ্কীয় সজাগতা সভা-বিনামূলীয়া চিকিৎসা শিৱিৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-   বিশ্ব মুখৰ স্বাস্থ্য দিৱস উপলক্ষে যোৱা ১৮ মাৰ্চত ডিব্ৰুগড়ত এখনি “মুখৰ স্বাস্থ্য সজাগতা সভা” আৰু পৰীক্ষা শিবিৰ স্থানীয় জীৱন ফুকন নগৰস্থিত ডিব্ৰুগড় জিলা পেঞ্চনাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়।  ডিব্ৰুগড় ডেন্টেল কলেজৰ উদ্যোগত আৰু  ডিব্ৰুগড় জিলা পেঞ্চনাৰ সংস্থাৰ সহযোগত আয়োজিত মুখ স্বাস্থ্যৰ সজাগতাৰ  সভাখনি উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক, লেখক ৰতন হাজৰিকাই৷ সভাৰ স’তে সংগতি ৰাখি ‘মুখৰ স্বাস্থ্য আৰু সজাগতা’ শীৰ্ষক বিষয়ক মূল্যবান বক্তৃতা প্ৰদান কৰি অসম ষ্টেট ডেন্টেল কাউঞ্চিলৰ সভাপতি, শ্ৰীমন্ত শংকৰদেৱ অৱ হেল্‌থ চায়েঞ্চেচৰ  ফেকাল্টি অৱ ডেন্টেল চায়েঞ্চৰ ডীন আৰু নেচনেল অ’ৰেল হেল্‌থ প্ৰগ্ৰেমৰ যুটীয়া সচিব, লেখিকা ডাঃ ৰুবী কটকীয়ে কয় যে মানুহৰ দাঁত দুপাৰি শৰীৰৰ অন্যতম অংগ৷ দাঁতৰ দুবিধ বেমাৰ হৈছে দন্তক্ষয় আৰু আলুৰ ৰোগ৷ এই ৰোগৰ পৰা বাচিবলৈ আৰু ভালদৰে চোবাই খাবলৈ দাঁত ভালে ৰাখিবই লাগিব৷ দাঁতৰ বেমাৰ বা তাৰপৰা হোৱা সমস্যাই বহু সময়ত নিজকে সমাজত মুখামুখি হোৱাৰ বাবে মানুহে সাহস আৰু আত্মবিশ্বাস হেৰুৱাই পেলায়৷ ফলত নিজৰ সামাজিক স্থিতি, ব্যক্তিত্ব আদিতো বিৰূপ প্ৰভাৱ পৰে৷ সেইবাবে দাঁতৰ পৰিষ্কাৰ-পৰিচ্চন্নতা ৰক্ষা কৰা, তিনিৰ পৰা ছয় মাহৰ ভিতৰত টুথ ব্ৰাছ সলনি কৰা, সঠিক পদ্ধতিৰে ব্ৰাছ কৰা, পুৱাৰ পৰা নিশাপৰ্যন্ত কমেও দুবাৰ দাঁত ব্ৰাছ কৰা আদি নিয়ম মানি চলাৰ প্ৰয়োজন৷ তদুপৰি মুখৰ দুৰ্গন্ধও মুখৰ এক ডাঙৰ সমস্যা৷ এই সমস্যা কেৱল ইলাচি, লংগুটি খাই সমাধান কৰিবপৰা সমস্যা নহয়, মানসিক স্থিৰতাকে ধৰি খাদ্যাভাস আৰু আধ্যাত্মিক দিশৰ কথাও মুখৰ স্বাস্থ্যৰ স’তে জড়িত বুলি ডাঃ কটকীয়ে ভাষণত উল্লেখ কৰে৷ ডাঃ কটকীয়ে বিশ্ব মুখৰ স্বাস্থ্য দিৱসৰ তাৎপৰ্য সম্পৰ্কেও ভাষণত চমুকৈ আলোকপাত কৰে৷ চৰকাৰী পেঞ্চনাৰ সংস্থাৰ সম্পাদক মৃদুল শৰ্মাই আঁতধৰা সভাত ডিব্ৰুগড় ডেন্টেল কলেজৰ প্ৰৱক্তা ডাঃ অন্তৰিকা গগৈয়েও বিষয়টোৰ স’তে সংগতি ৰাখি বক্তব্য আগবঢ়ায়৷ সভাৰ অন্তত আৰম্ভ হোৱা সজাগতা শিৱিৰত ডাঃ শ্বাশ্বত গুঞ্জন বসুমতাৰী, ডাঃ ফাৰহিন তাবাচুম, ডাঃ নীলভ কলিতা, ডাঃ অঞ্জুমন ফৰিতা, ডাঃ লন মৌ ৱেইংকেন, ডাঃ পাৰভেজ আমিন, ডাঃ মিৰ্জা হাছিবুল হাছান, ডাঃ ভাশ্বনজ্যোতি বুঢ়াগোহাঁয়ে চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে বিভাগৰ তৰফৰ পৰা বিনামূলীয়া ঔষধ প্ৰদান কৰা হয়৷ শিৱিৰত পেঞ্চনাৰ সংস্থাৰ বিষয়ববীয়া, সদস্য-সদস্যাসকলৰ লগতে চহৰখনৰ ডেৰকুৰিৰো অধিক লোকে চিকিৎসা সেৱা গ্ৰহণ কৰে৷