নাৰী সৱলীকৰণৰ ওপৰত আলোচনা চক্ৰ ৰিতম পুথিভঁৰাল শুৱালকুছি
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- বৰ্তমান বৃহত্তম শুৱালকুছি অঞ্চলৰ এটা পৰিচিত নাম হৈ পৰিছে “ৰিতম পুথিভঁৰাল ” নৱ-প্ৰজন্মই ম’বাইলত ব্যস্ত হৈ থকা সময়ত এচাম ছাত্ৰ ছাত্ৰীক কিতাপ পঢ়াৰ প্ৰতি আকৃষ্ট কৰাৰ বাবে পুথিভঁৰালটোৱে পালন কৰা ভূমিকাক সকলোৱে একেমুখে প্ৰশংসাও আদৰণী জনাই আহিছে। এই ক্ষেত্ৰত শুৱালকুছিৰ এজন পৰিচিত বহুমুখী প্ৰতিভাশালী ব্যক্তি শিক্ষক তথা নাট্যকাৰ বিকাশ কলিতাৰ ত্যাগ স্বীকাৰ কৰিব লাগিব।
নিজৰ একমাত্ৰ সন্তানক অকালতে হেৰুৱাই ভাঙি নপৰি সেই সন্তানৰ নামত তাৰ কোঠাতে ডাঙৰকৈ এটি পুথিভঁৰাল সজাই ৰাইজৰ বাবে উচৰ্গা কৰে । সৰুৰে পৰা সাহিত্য সংস্কৃতিৰ প্ৰতি ধাউতি থকা ৰিতমে কম দিনৰ ভিতৰতে নাটক/ কবিতাৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল , কিন্তু নিষ্ঠুৰ নিয়তিয়ে তেওঁক আমাৰ মাজৰ পৰা অকালতে কাঢ়ি নিলে | দুখ-দৈন্য-ক্লিষ্ট ৰে ভৰা সংসাৰ মৰুদ্যানৰ নিৰস উদ্যানক সৰস উদ্যানলৈ ৰূপান্তৰিত কৰি বিকাশ কলিতাই পুথিভঁৰালটো সৰু ল’ৰা/ছোৱালী,স্কুলীয়া ছাত্ৰ-ছাত্ৰী লগতে সকলো শ্ৰেণীৰ লোকে পঢ়িব পৰা ব্যবস্থা কৰাৰ উপৰিও প্ৰতি মাহৰ ১৬ তাৰিখে বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত কৰি আহিছে ।
এইবাৰ মাৰ্চ মাহৰ ১৬/০৩/২০২৫ শুৱালকুছি শাখা লেখিকা সংস্থাৰ সভানেত্ৰী নীলিমা দাসৰ নেতৃত্বত নাৰী সৱলীকৰণৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হয়।তাত লেখিকা সংস্থাৰ সম্পাদক/লেখিকা সকলৰ উপৰিও কেইবাগৰাকী বিভিন্ন ঠাইৰ লেখিকা উপস্থিত থাকে । নাৰী সুৰক্ষা ,আত্মনিৰ্ভৰশীলতা,সম অধিকাৰ ওপৰত সকলোৱে মনোভাৱ প্ৰকাশ কৰি গীত মাত /কবিতাৰে অনুষ্ঠানতো জীপাল কৰি তোলে।