ডিব্ৰুগড় মনোহাৰী দেৱী কানৈ মহিলা বিদ্যালয়ত

ডিব্ৰুগড় মনোহাৰী দেৱী কানৈ মহিলা বিদ্যালয়ত: আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ নতুন বিশ্ব ব্যৱস্থা-ইণ্টাৰনেট আৰু যুৱক যুৱতী শীৰ্ষক কৰ্মশালা সম্পন্ন
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু আই কিউ এ চি(IQAC)  ডিব্ৰুগড়ৰ মনোহাৰীদেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ যুটীয়া উদ্যোগত “নতুন বিশ্ব ব্যবস্থা, ইণ্টাৰনেট আৰু যুৱক যুৱতী” শীৰ্ষক এক কৰ্মশালা  মহাবিদ্যালয়খনত গাম্ভীয্যপূৰ্ণ অনুষ্ঠানেৰে আজি (১৮-৩-২৫) সম্পন্ন হয়।বৰ্তমান বিশ্বায়নৰ ক্ষণত নিজকে খাপ খুৱাই কিদৰে আগবাঢ়ি যাব পাৰি সেই বিষয়ে গুৰুত্ব প্ৰদান কৰি এনেদৰে বিভিন্ন অঞ্চল, শিক্ষানুষ্ঠানত কৰ্মশালা আয়োজন কৰি অহা হৈছে। তথ্য বিস্ফোৰণৰ ফলত বৰ্তমানৰ সমাজখন বিভ্ৰান্ত হোৱা লগতে কিছুমান তথ্যৰ জৰিয়তে কেতিয়াবা বিপদত পৰিবলগীয়া হৈছে আৰু ইয়াৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি সেই সম্পৰ্কে  আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ আৰু দূৰদৰ্শন কেন্দ্ৰৰ মুৰব্বী লোহিত ডেকাই উদ্বোধনী ভাষণত ব্যক্ত কৰে।তথ্য বিস্ফোৰণৰ ফলত যিমান ভাল তথ্য লাভ কৰিব পৰা হৈছে আৰু লগতে বহু ক্ষেত্ৰত বেয়া প্ৰভাৱো পৰা বুলি তেখেতে নিজৰ উদ্বোধনী ভাষণত উল্লেখ কৰে। ডিব্ৰুগড় মনোহাৰী দেৱী কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অনুপজ্যোতি ভৰালীয়ে অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে। সমল ব্যক্তি ডাটা বিজ্ঞানী ড০ শিশিৰ কলিতাই ‘চাইবাৰ সুৰক্ষা আৰু ইণ্টাৰনেটৰ উপযুক্ত ব্যবহাৰ’- শীৰ্ষক বিষয়টো সম্পৰ্কে ব্যক্তি কৰি কয় যে বৰ্তমান এ আই আৰু চেপজিপিটি নো কি সেই বিষয়ে তথ্য সহকাৰে ব্যাখ্যা কৰে। জেনেৰেটিভ এ আই আৰু এ আইয়ে সহযোগিতাই সকলোকে প্ৰভাৱিত কৰা লগতে আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে।তেখেতে বিষয়টো সন্দৰ্ভত  ব্যক্ত কৰি কয় যে বৰ্তমান এ আইয়ে কৰ্ম সংস্থাপন বিলুপ্ত কৰা নাই বিলুপ্ত কৰিছে এ আই ব্যবহাৰ কৰা জনসাধাৰণেহে।সমল ব্যক্তি গৰাকীয়ে ডাটা সম্পৰ্কে কোৱা লগতে বৰ্তমান ইণ্টাৰনেট ব্যৱহাৰ আৰু অন্যান্য ডাটা,সামাজিক মাধ্যমকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ইয়াৰ সু-ব্যৱহাৰ, প্ৰয়োগ সম্পৰ্কে উপস্থিত ছাত্ৰী সকলৰ আগত ব্যক্ত কৰে।বৰ্তমান সময়ত অনলাইন ব্যবহাৰৰ লগতে অফলাইনৰো গুৰুত্ব থকা বুলি কোৱা লগতে বেছিকৈ ইন্টাৰনেট, সামাজিক মাধ্যম ব্যবহাৰ কৰিব নালাগে বুলিও কয়। আনগৰাকী সমল ব্যক্তি অসম চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ বিভাগৰ অধ্যাপক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই ইন্টাৰনেট আৰু মানসিক স্বাস্থ্য বিষয়ত কয় যে ব্যৱহাৰ অপব্যৱহাৰ, ক্ষতিকাৰক ব্যৱহাৰ আৰু  ইণ্টাৰনেত এডিকচন আদিৰ বিষয়ে শিক্ষাৰ্থী সকলৰ আগত ব্যক্ত কৰে।সকলো কামৰে ভাল আৰু বেয়া দুটা দিশ থাকে আৰু ইয়াৰ ভাল ব্যৱহাৰ কৰিলে ভাল ফল আৰু বেয়া কৰিলে বেয়া ফল লাভ কৰা কথা কয়। তেখেতে আৰু কয় যে ইণ্টাৰনেটে অতি সোনকালে খঙাল কৰা কৰি তোলা লগতে বেছিকৈ ব্যক্তিকেন্দ্ৰীক কৰি তোলা বুলিও কয়। তদুপৰি বহুতে নিজৰ হীনমন্যতা দূৰ কৰিবলৈও বৰ্তমান সামাজিক মাধ্যমক অতিকে ব্যৱহাৰ কৰা বুলিও কয়। সহনশীলতা, ধৰ্যশক্তি কমাই পেলোৱা লগতে অনান্য ধৰণৰ সমস্যাৰো সৃষ্টি হোৱা বুলি কোৱা লগতে ইণ্টাৰনেট বেমাৰ হিচাপে চিহ্নিত বুলি তেখেতে উদাহৰণসহ ৰসালপূৰ্ণ ভাৱে ব্যক্ত কৰে। ইণ্টাৰনেট ভাল আৰু বেয়া ব্যৱহাৰৰ ফলতে মানসিক স্বাস্থ্য ওপৰত নিৰ্ভৰ কৰে বুলি ডা০ ভূঞাই নিজৰ ভাষণত উল্লেখ কৰে।নতুন বিশ্ব ব্যবস্থা,ইণ্টাৰনেট আৰু যুৱক যুৱতী শীৰ্ষক কৰ্মশালাৰ আনগৰাকী সমল ব্যক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড০ মনোজ কুমাৰ তামুলীয়ে কেৰিয়াৰ প্ৰস্তুতি আৰু ইণ্টাৰনেট  সম্পৰ্কে ব্যক্ত কৰি কয় যে বৰ্তমান ইণ্টানেটৰ প্ৰয়োজনীয়তা সম্পৰ্কে কোৱা লগতে নিজকে কিদৰে খাপ খুৱাব লাগিব সেই সম্পৰ্কে তথ্য সহকাৰে আলোপাত কৰে।নিজৰ কেৰিয়াৰৰ দিশ নিজে নিৰ্ণয় কৰাটো খুবেই প্ৰয়োজন বুলি তথ্য সহকাৰে উল্লেখ কৰে ।তেখেতে এই কথাও উল্লেখ কৰে যে নিজেই নিজকে জনাটো খুবেই প্ৰয়োজন, নহ’লে কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত সমস্যা সৃষ্টি হোৱাটো স্বাভাৱিক বুলিও কয়।শিক্ষাৰ্থী সকলে নিজকে আত্মবিশ্বাসী হিচাপে গঢ়ি তুলিলে সকলো ক্ষেত্ৰতে সফলতা অৰ্জনত কেৰিয়াত অন্তৰায় হব নোৱাৰে বুলিও কয়।অনুষ্ঠানটোত কণ্ঠশিল্পী মঞ্জুৰী ফুকনে বৰগীত, সংগীতা কটকীয়ে লোকগীত পৰিৱেশন কৰি অনুষ্ঠানটো অধিক মনোগ্ৰাহীকৈ  কৰি তোলে । আকাশবানী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী বিষয়া পৰশা কোঁৱৰে আঁত ধৰা এই কৰ্মশালাত মহাবিদ্যালয় খনৰ অধ্যাপক অধ্যাপিকা,আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে। মহাবিদ্যালয়খনৰ ছাত্ৰী সকলে সমল ব্যক্তি সকলৰ সৈতে প্ৰশ্ন উত্থাপন কৰে আৰু তেওঁলোকে প্ৰশ্ন সমূহৰ উত্তৰ প্ৰদান কৰি কৰ্মশালাখন সাফল্যমণ্ডিত কৰি তোলে।