ডিব্ৰুগড়ৰ বিমান বন্দৰত জব্দ ২২০০ টা দুষ্প্ৰাপ্য চেঙা মাছ: প্ৰায় ১৬ কোটি টকাৰ মাছ জব্দ

ডিব্ৰুগড়ৰ বিমান বন্দৰত জব্দ ২২০০ টা দুষ্প্ৰাপ্য চেঙা মাছ: প্ৰায় ১৬ কোটি টকাৰ মাছ জব্দ :
ইন্দোনেছিয়া,জাপান, থাইলেণ্ড, চীন, মালয়েছিয়াকে ধৰি বহু বিদেশলৈ সৰবৰাহ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ ছেঙা মাছ যৌন ঔষধি হিচাপে ব্যৱহাৰ কৰা হয় ! মানৱ জীৱনৰ সুন্দৰ যৌৱনক আজীৱন ধৰি ৰাখিবৰ বাবেই,এই চেঙা মাছৰ পৰা প্ৰস্তুত কৰা ঔষধ সেৱন কৰা হয় বুলিও আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰবাদ আছে। সচৰাচৰ অসমৰ গাঁৱৰ খাল বিলত বৰশী টোপালেই খেদা মাৰি অহা খালৰ চেঙা বা চেঙেলীৰ মূল্য শুনিলে আপোনাৰো হয়তো চকু কপালত উঠিব। ডিব্ৰুগড়ৰ বন বিভাগে ১৬ মাৰ্চত ডিব্ৰুগড় বিমানবন্দৰত জব্দ কৰে বহু কোটি টকাৰ মূল্যৰ চেঙা মাছ।ডিব্ৰুগড়ত পুনৰ এনে বৃহৎ পৰিমাণৰ দুষ্প্ৰাপ্য চেঙা মাছ জব্দ কৰাক লৈয়ে সৃষ্টি হৈছে চাঞ্চল্যৰ। ডিব্ৰুগড় বিমান বন্দৰৰ পৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ চেঙা মাছ আজি জব্দ কৰে বনবিভাগে।জানিব পৰা অনুসৰি ইণ্ডিগ’ বিমানেৰে বহি: ৰাজ্যলৈ সৰবৰাহ কৰিবলৈ লোৱাৰ সময়তে বন বিভাগে গোপন সূত্ৰ পমখেদি উক্ত মাছসমূহ জব্দ কৰে। বিমান বন্দৰত বনবিভাগে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় মুঠ  ২,২০০ টা দুষ্প্ৰাপ্য চেঙা মাছ।জানিব পৰা অনুসৰি মুঠ ৩৩ টা কাৰ্টুনত থকা এই বৃহৎ সংখ্যক মাছৰ  আন্ত:ৰাষ্ট্ৰীয় বজাৰ মূল্য বহু কোটি টকা হ’ব বুলি জানিব পৰা গৈছে। আনহাতে সূত্ৰৰ পৰা জানিব পৰা মতে,তিনিচুকীয়া গুইজানৰ পৰা যদু চৰকাৰ নামৰ যুৱকজনে মোহনবাৰী বিমান বন্দৰৰ পৰা ইন্ডিগ’ বিমানেৰে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল এই মাছ খিনি।উল্লেখযোগ্য যে, কলিকতাৰ এটা কোম্পানীৰ জৰিয়তে তিনিচুকীয়া গুইজানৰ পৰা যদু চৰকাৰ নামৰ যুৱক জনে আন দুজন ব্যৱসায়ীৰ সৈতে মাছ সমুহ ইণ্ডি’গ বিমানৰ জৰিয়তে নিবলৈ চেষ্টা কৰিছিল। সূত্ৰ অনুসৰি ইন্দোনেছিয়া, জাপান, থাইলেণ্ড, চীন, মালয়েছিয়াকে ধৰি  আন্তঃৰাষ্ট্ৰীয় দেশলৈ সৰবৰাহ কৰা হয় এই দুষ্প্ৰাপ্য চেঙা মাছবিধ। তাৎপৰ্যপূৰ্ণ যে, তিনিচুকীয়া জিলাৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ পৰা অতি কম মূল্যত  ক্ৰয় কৰাৰ পাছত কলিকতাত উক্ত কোম্পানীৰ ওচৰত প্ৰতিটো মাজত এশ বিশ টকাকৈ বিক্ৰী কৰে আৰু কলিকতা পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ বৃহৎ মূল্যৰ বিনিময়ত এই মাছ সৰবৰাহ কৰা হয়। উল্লেখযোগ্য যে যুৱক জনে কেমেৰাৰ সন্মুখত প্ৰায় ১৫ বছৰৰ পূৰ্বৰ পৰা এই ব্যৱসায় কৰি অহা বুলি জানিবলৈ দিছে। বৰ্তমান বন বিভাগে এই মাছ জব্দ কৰা পাছত পৰীক্ষা বাবে প্ৰেৰণ কৰিছে।উল্লেখযোগ্য যে, বিৰ্গত ২০২৩ বৰ্ষত বিমানবন্দৰত ৭০০ টা একেধৰণৰ চেঙা মাছ জব্দ কৰিছিল বন বিভাগে। আন এক তথ্য অনুসৰি কলিকতাত প্ৰতিটো চেঙা মাছৰ মুল্য ৭৫,০০০ টকা। সেই অনুসৰি প্ৰায় ১৬ কোটি টকা মূল্য হব এই জব্দ কৰা মাছৰ মূল্য।কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰত আৰু অধিক হ’ব বুলিও আশা কৰা হৈছে।