ডিব্ৰুগড়ত সামাজিক অনুষ্ঠান এনাজৰী ট্ৰাষ্টৰ নতুন সমিতি গঠন: মইনুল হক সভাপতি, সম্পাদক পাৰ্থ প্ৰতীম ভূঞা নিৰ্বাচিত
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ নালিয়াপুলত মতিউৰ ৰহমানৰ বাসগৃহত সামাজিক অনুষ্ঠান এনাজৰী ট্রাষ্টৰ ১৬-৩-২৫ত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে শ্ৰীমতী মমী গগৈয়ে। এই সভাত পূৰ্বৰ কমিটী ভংগ কৰি এখন নতুন কমিটী গঠন কৰা হয়। নৱগঠিত কমিটীৰ সভাপতি পদত ট্রাষ্টৰ মেনেজিং ট্রাষ্টী মইনুল হক, উপ সভাপতি গীতিমণি বৰা, সম্পাদক পার্থ প্রতীম ভূঞা, সহকাৰী সম্পাদক মমী গগৈ আৰু কোষাধ্যক্ষ ৰূপে কল্যাণ জ্যোতি ডেকাক নির্বাচিত কৰা হয়। লগতে জ্যোতিষ কুমাৰ পাটিৰ, ৰমজান আলি, আমিৰুণ নিছা, মতিউৰ ৰহমান আৰু দেৱ দাসক কাৰ্যকৰী কমিটীৰ সদস্য হিচাপে নির্বাচিত কৰা হয়। এনাজৰী ট্রাষ্টে বিগত ২০২১ চনৰ পৰা ডিব্ৰুগড় জিলাত বিভিন্ন দিশত সমাজকল্যাণমূলক সেৱা আগবঢ়াই আহিছে। নৱনিৰ্বাচিত কমিটীখনে পূৰ্বৰ কামসমূহ নিয়াৰিকৈ পৰিচালনা কৰাৰ উপৰিও- দৰিদ্ৰ জনসাধাৰণক সকাহ দিবলৈ প্রয়োজনীয় পদক্ষেপ, যিকোনো কার্য, দুর্ভিক্ষ, ভূমিস্খলন, বানপানী, ভূমিকম্প আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মানবীয়তাৰ ভিত্তিত মানৱ জাতিক প্রয়োজনীয় সাহায্য, পুনর্বাসনৰ কাম আৰু সহায় আগবঢ়োৱা, আৰ্তজন আৰু মেধাবী ছাত্র-ছাত্রীক বৃত্তি প্রদান কৰা, গছ ৰোপণ কৰা আৰু পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ সন্দৰ্ভত মানুহৰ মাজত সজাগতা অনা, চিকিৎসা, স্বাস্থ্য পৰীক্ষা শিবিৰৰ ব্যৱস্থা কৰা আৰু স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সন্দৰ্ভত মানুহৰ মাজত সজাগতা অনা, আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ বাবে বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠান মুকলি কৰা, বিশেষকৈ সমাজৰ আৰ্থিকভাবে পিছপৰা ব্যক্তিসকলৰ বাবে মুক্ত স্বাস্থ্য কেন্দ্র, জনস্বাস্থ্য, শিক্ষা, স্বচ্ছ ভাৰত অভিযান, জনকল্যাণৰ আন যিকোনো প্ৰকল্পৰ কাম হাতত লোৱা আদি দিশত কাম কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। উল্লেখযোগ্য যে, চহৰখনত ক্রমান্বয়ে বৃদ্ধি পোৱা পদপথৰ নিবাসীসকলৰ চিকিৎসা আৰু কর্মসংস্থাপনৰ ব্যৱস্থাক মুখ্য উদ্দেশ্য হিচাপে কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ আজিৰ সভাই গ্ৰহণ কৰে।