জুইফুল – অলকা বুজৰ বৰুৱা

জুইফুল

অলকা বুজৰ বৰুৱা
টিহু টাউন,নলবাৰী

ফাগুন মানেই হেনো ৰঙা
ফাগুন আহিলেই আকাশত জুই জ্বলে
জুইফুল ফুলে পলাশ মদাৰৰ ডালে ডালে
মানুহৰ হৃদয়তো ফুলে জুইফুল ফাগুনৰ স’তে।
ফাগুনৰ আবাহনত সাৰ পায় কুঁহিপাতে
ফাগুনৰ বিদায় ক্ষণত দুখ বিলাসত ভোগে
কুলি কেতেকীয়ে এজাৰ নাহৰৰ ডালে ডালে,
ৰাতি দুপৰত কেতেকীৰ হিয়া ভগা বিননিত
বসন্তই উচুপি উঠে,মেঘমলাইও টুকে চকুপানী
ফাগুনক ৰিজাব পাৰি এডোঙা তেজৰ স’তে
যি লুকাভাকু খেলে কলিজাৰ কোঁহে কোঁহে
প্ৰেমিক চৰাইবোৰো ৰঙিয়াল হয় তেজৰ দৰে।