ৰঙৰ উৎসৱ ফাকুৱা
বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও
ফাগুন বা চʼত মাহৰ পূৰ্ণিমাৰ দিনা ফাগুৱা উৎসৱ পালন কৰা হয়। এই উৎসৱ ৰঙৰ উৎসৱ। সেয়ে অতি আগ্ৰহেৰে এই উৎসৱ উদযাপন কৰিবলৈ বাট চাই থাকো নহয়নে বাৰু। এই উৎসৱ কেৱল অসমতে যে পালন কৰা হয় এনে নহয়। ভাৰতৰ বিভিন্ন ঠাইত এই ফাগুৱা বা হোলী উৎসৱ পালন কৰা হয়। আনকি ভাৰতৰ বাহিৰতো ব্ৰিটেইন, নিউয়ৰ্ক, অষ্ট্ৰেলিয়া , ছিংগাপুৰ আদি ঠাইতো এই উৎসৱ উলহ মালহেৰে পালন কৰা হয়।
ফাগুৱা উৎসৱত ইজনে সিজনক ৰং সানি,ৰং চটিয়াই আনন্দ কৰাৰ লগতে এক আধ্যাত্মিক পৰম্পৰা জড়িত হৈ আছে। অসমৰ সমাজ জীৱনলৈ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে 21 বছৰ বয়সতে সত্ৰীয়া ৰীতিৰে বৰদোৱাত দৌলোৎসৱ আয়োজন কৰা বুলি জনা যায়। গুৰুজনাই ভূঞাসকলৰ লগত লগ হৈ সাত বৈকুণ্ঠৰ আৰ্হিত সাত থাক পাতি শ্ৰীকৃষ্ণক দৌল মন্দিৰত প্ৰতিষ্ঠা কৰাই দৌল উৎসৱৰ শুভ আৰম্ভণি কৰিছিল। গুৰুজনাই পাতনি মেলা এই উৎসৱ আছিল ভক্তি ৰসৰ উৎসৱ। শ্ৰীকৃষ্ণৰ মাহাত্ম্য লীলা আৰু এক শৰণ নাম ধৰ্মৰ তত্বক হোলী উৎসৱৰ দ্বাৰা ভক্তি মাৰ্গৰ সন্ধান দিছিল।দৌলত নাম কীৰ্তন কৰাৰ পিছত ভগৱান শ্ৰীকৃষ্ণৰ চৰণত ফাঁকুগুৰি অৰ্পণ কৰি দেউলৰ চৌদিশে ঘুৰি ঘুৰি হোলী গীত পৰিৱেশন কৰে। তাৰ পিছত ইজনে সিজনক ৰং ছটিয়াই আনন্দ উল্লাস কৰে। এই উৎসৱৰ লগত আন আন পৌৰাণিক আখ্যান পোৱা যায়।
পুৰণি কালত হোলীত আনন্দ কৰিবলৈ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিছিল। বৰ্তমান ফাঁকুগুৰি হিচাপে নানা ধৰণৰ কৃত্ৰিম ৰং বজাৰত পোৱা যায়। এই বিলাকত বহুতো ৰাসায়নিক পদাৰ্থ মিহলাই থোৱা থাকে। কৃত্ৰিম ৰঙে আমাৰ ছালখনৰ বহুতো ক্ষতি কৰে।ছালত হোৱা অপকাৰ সমূহ হৈছে খজুৱতি হোৱা,শুকাই যোৱা,খহতা হোৱা,ছালৰ জ্বলা পোৰা কৰা, বেক্টেৰিয়া বা ভেঁকুৰৰ দ্বাৰা সংক্ৰমিত হোৱা, ছালৰ এলাৰ্জি হোৱা আদি।সেয়ে আমি বজাৰৰ ৰং ব্যৱহাৰ কৰোঁতে সাৱধান হ’ব লাগিব।হোলীৰ ৰং ব্যৱহাৰ কৰাৰ আগতে গাত তেল বা ভেচলিন জাতীয় পদাৰ্থ সানি ল’ব লাগে। পৰাপক্ষত শুকান ফাঁকুগুৰি ব্যৱহাৰ কৰিলে ভাল।ফাঁকু খেলোতে হাত দীঘল কাপোৰ আৰু টুপী পিন্ধি ল’ব লাগে।হোলী খেলি শেষ হোৱাৰ পাছত গা-মূৰ,নখ, চুলি ভাল দৰে পৰিস্কাৰ কৰিব লাগে।চকুত যাতে ৰং নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
এই ৰঙৰ উৎসৱে সকলোলৈকে সম্প্ৰীতিৰ ভাৱ কঢ়িয়াই আনে। ইজনে সিজনক ৰঙেৰে বুলাই মৰম স্নেহ আৰু ভাতৃত্ববোধ জগাই তোলে। সকলোলৈকে আগন্তুক ৰঙৰ উৎসৱৰ শুভেচ্ছা জনাইছোঁ। সাৱধানে ফাঁকু খেলিবা বুলি আশা ৰাখিলোঁ।