সপোন নহয় উন্নয়ন আৰু সমৃদ্ধিৰ এক অবিৰত যাত্রা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত
ৰঙিলী বাৰ্ত্তাসেৱা- গতিশীল, কর্মশ্রী, দুৰদর্শী মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰখনে সমাজব একেবাৰে শেষৰজন নিঃকিন ব্যক্তিৰ সামগ্রিক উন্নয়নৰ পৰা আৰম্ভ কৰি বর্তমান ৰাজ্যখনৰ কল্যাণ তথা উন্নয়নক এক অধিক মাত্রা প্রদান কৰাৰ সুদূৰপ্ৰসাৰী লক্ষ্যৰে মহাকাশত নিজস্ব উপগ্রহ স্থাপনেৰে ৰাজ্য খনৰ বানপানী খেতিবাতি তথা সীমা সমস্যাৰ লগতে বিভিন্ন সময়ত হৈ থকা প্রাকৃতিক দুর্য্যোগ সমূহৰ ওপৰত আগতীয়াকৈ তথ্য লাভেবে সেইবোৰ যথাসময়ত নির্মূল কৰাৰ যি এক ব্যৱস্থাৰ সপোণ দিথকলৈ ৰূপান্তৰিত কৰাৰ বিশেষ আগবাঢ়িছে আৰু ভাৰতবৰ্ষৰে ভিতৰত নিজস্ব উপগ্রহ স্থাপন কৰিবলৈ পদক্ষেপ গ্রহণ কৰা প্রথম খন ৰাজ্য হিচাপে আত্মপ্রকাশ কৰি ভাৰতবৰ্ষৰ ৫ খন দ্রুত উন্নয়শীল ৰাজ্যৰ ভিতৰত এখন হবলৈ সক্ষম হোৱাটো অসম মাতৃ তথা প্রতিজন স্বাভিমানী অসমীয়াৰ বাবে এক গৌৰবৰ বিষয়হৈ পৰিছে। বিজেপি অসম প্রদেশৰ মুখপাত্র কল্যাণ গগৈয়ে এক প্রেছ বিবৃতি যোগে কয় যে য’ত ২০১৫-১৬ বৰ্ষৰ তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যখনৰ মূলধনী ব্যয় তিনি হাজাৰ কোটি হোৱাৰ বিপৰীতে যোৱা ২০১৬-১৭ বর্ষত শাসনত বাঘজৰী লোৱা বিজেপি চৰকাৰৰ নেতৃত্বত আজি অসমৰ এই মূলধনীব্যয় ২৪ হাজাৰ কোটিলৈ বৃদ্ধি হোৱা দিশটোবে বিজেপি চৰকাৰৰ দিনতেই যে ৰাজ্যখনৰ এক অভূতপূর্ব উন্নয়ন হৈছে তাকে দৃঢ়তাৰে সূচাইছে। যিয়ে ঐক্য আৰু সমৃদ্ধিবে অসমখনক এখন বিকশিত অসমলৈ ৰূপান্তৰিত কৰিছে। বিজেপি চৰকাৰৰ লক্ষ্য কেবল আৰু কেৱল মাথো নির্বাচনত জয়ী হৈ ক্ষমতাৰ বাঘজৰীলোৱাটোৱেই নহয় বিজেপিৰ লক্ষ্য হৈছে জননী জন্মভূমীৰ উন্নয়নেৰে ভবিষ্যতৰ প্ৰজন্মৰ বাবে এখন সমৃদ্ধিশালী, স্বাবলম্বী, শক্তিশলী, সর্বদিশত বিকশিত সংস্কৃতি তথ্য জাতিয়তা বাদ সম্পন্ন এক উন্নয়নশীল অসম ৰাজ্য কৰাৰ য’ত অসমৰ প্ৰতিটো অসামৰিক সেৱাৰ চাকৰিব লগতে বিভিন্ন সেবামূলক চৰকাৰী চাকৰি প্রতিটো জাতি-জনগোষ্ঠীৰ সম অন্তর্ভুক্তিৰে “এক অসম, শ্রেষ্ঠ অসম” গড়া। মুখ্যমন্ত্রীৰ অৰুণোদয়, নিযুতমইনা, মহিলা উদ্দ্যমিতা আচনি, মুখ্যমন্ত্রীব অত্মনির্ভৰ আচনি আদিৰ সফল ৰূপায়নেৰে মৰাণ, মটক, চাহ-জনগোষ্ঠী, বড়ো-কচাৰী সকলো জতি জনগোষ্ঠীকে নিজৰ ভৰিত থিয় হব পৰাকৈ আত্মনিৰ্ভৰশীল কৰি তোলা আৰু প্রতিটো জাতি জনগোষ্ঠীর সংস্কৃতি আৰু ঐতিহ্যক বিশ্বদৰবাৰত প্রতিস্থাবে এক সবল অসমৰ ভেটি গাঢ়া-য’ত ১ কোটি অসমীয়াই একেলগে “অ মোৰ আপোনাৰ দেশ…” গাব। বিহু ঝুমুৰৰ দবেই বাগঝম্বা আৰু দেওধানী নৃত্যই বিশ্ব ৰেকৰ্ড গঢ়িব। আনহাতে বিজেপি অসম প্রদেশৰ সভাপতি দিলীপ শইকীয়াই কয় যে- কালি মাননীয়া বিত্তমন্ত্রী অজন্তা নেওগ ডাঙৰীয়ানীয়ে ২০২৫-২৬ বর্ষৰ বাবে দাখিল কৰা বাজেটখন সমতাৰ ভিত্তিত প্রস্তুত কৰা এখন অনন্য বাজেট। বাজেটখনে অসমৰ জাতি-ধর্ম-ভাষা-বর্ণ নির্বিশেষে সকলো স্তৰৰ জনসাধাৰণলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। ৰাজ্যৰ আর্থিক ভাবে দুর্বল শ্রেণীৰ উত্তৰণৰ হকে বাজেটখনে কাম কৰাৰ লগতে আমাৰ আধ্যাত্মিক চেতনা শক্তিৰ আধাৰ নামঘৰ সমূহৰ উন্নতিৰ কাৰণেও পৰিকল্পনা প্রণয়ন কৰা হৈছে। অসমৰ ২৫০০০ নামঘৰৰ লগতে সকলো ধর্মীয় অনুষ্ঠানক আর্থিক সকাহ দিবলৈও বাজেটত প্রস্তাব ৰখা হৈছে।বাজেটখনৰ জৰিয়তে ঘোষিত আচঁনিৰ পৰা কোনো ধর্মীয় বা সম্প্রদায়ৰ লোকক বঞ্চিত কৰা হোৱা নাই। ভাৰতীয় জনতা পার্টিয়ে “সরকা সাথ সরকা বিকাশ” নীতিক সাৰোগত কৰি সকলো মানুহৰ কল্যাণৰ হকে কাম কৰি আহিছে। আনকি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি প্রধানমন্ত্রী আবাস যোজনা, পিএম কিষান, নিযুত মইনা কোনো আর্টনিয়ে ধর্মীয় ভিত্তিত রূপায়িত হোৱা নাই। বৰপেটা, ধুবুৰী বা মৰিগাঁও আদি ধর্মীয় সংখ্যালঘু অঞ্চলত মানুহে লাভ কৰা সুবিধাবোৰলৈ লক্ষ্য কৰিলে এই বিষয়টো স্পষ্ট হব।